প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উচ্চতম ন্যয়ালয়ৰ ৰায়দান আঞ্চলিক ভাষাত উপলব্ধ কৰিবলৈ মুখ্য ন্যায়াধীশৰ ধাৰণাক আদৰণি প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
22 JAN 2023 5:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঞ্চলিক ভাষাত উপলব্ধ কৰিবলৈ ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ চিন্তাক প্ৰশংসা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,
“শেহতীয়া এক অনুষ্ঠানত মাননীয় মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে উচ্চতম ন্যায়ালয়ৰ ৰায়দানসমূহ আঞ্চলিক ভাষাত উপলব্ধ কৰাৰ দিশত কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা কয়। ইয়াৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ পৰামৰ্শও আগবঢ়ায়। এইটো এক প্ৰশংসনীয় চিন্তা, যিটোৱে বহু লোকক, বিশেষকৈ যুৱক-যুৱতীসকলক সহায় কৰিব।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয়,
"ভাৰত বহু ভাষা আছে, যিবোৰে আমাৰ সাংস্কৃতিক সজীৱতা বৃদ্ধি কৰে। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ভাষাসমূহক উৎসাহিত কৰাৰ বাবে অসংখ্য প্ৰচেষ্টা হাতত লৈছে, য'ত নিজৰ মাতৃ ভাষাত অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানৰ দৰে বিষয় অধ্যয়ন কৰাৰ বিকল্প দিয়া হৈছে।"
***
DS/ST/DB
(रिलीज़ आईडी: 1893517)
आगंतुक पटल : 204
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Urdu
,
English
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Odia
,
Tamil
,
Telugu
,
Malayalam