যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে ১২ জানুৱাৰীত কৰ্ণাটকৰ হুবলীত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্ঘাটন কৰিব: শ্ৰী অনুৰাগ সিং ঠাকুৰ

Posted On: 10 JAN 2023 3:55PM by PIB Guwahati

প্ৰধান আলোকপাত:

  • কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা কৰ্ণাটক চৰকাৰৰ সহযোগত ১২ৰ পৰা ১৬ জানুৱাৰীলৈকে কৰ্ণাটকৰ হুবলী-ধাৰৱাড়ত ২৬তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে।
  • এই বছৰ মহোৎসৱৰ বিষয় হৈছে 'বিকশিত যুৱ বিকশিত ভাৰত'।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে ১২ জানুৱাৰীত কৰ্ণাটকৰ হুবলীত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্ঘাটন কৰিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে আজি নতুন দিল্লীত সংবাদ মেলত এই কথা ঘোষণা কৰে। ২৬তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ১২ৰ পৰা ১৬ জানুৱাৰী, ২০২৩লৈকে কৰ্ণাটকৰ হুবলী-ধাৰৱাড়ত আয়োজন কৰা হ'ব আৰু ইয়াৰ আয়োজন কৰ্ণাটক চৰকাৰৰ সহযোগত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা কৰা হৈছে।

শ্ৰী অনুৰাগ ঠাকুৰে কয় যে যি সময়ত আমি আজাদী কা অমৃত মহোৎসৱ পালন কৰি আছো, এই মহোৎসৱৰ উদ্দেশ্য হৈছে অমৃত কালৰ সময়ছোৱাত ৰাষ্ট্ৰ নিৰ্মাণত যুৱক-যুৱতীৰ ভূমিকা বঢ়োৱা। সেয়ে, এই যুৱক-যুৱতীসকলৰ মাজত প্ৰধানমন্ত্ৰীৰ দ্বাৰা দিয়া 'পঞ্চ প্ৰণ'ৰ বাৰ্তা প্ৰসাৰিত কৰাৰ এটা প্ৰয়াস হ'ব। শ্ৰী অনুৰাগ ঠাকুৰে লগতে কয় যে ভাৰতে এই বছৰ জি-20ৰ অধ্যক্ষতা কৰি আছে, যি প্ৰতিজন ভাৰতীয়ৰ বাবে বহুত গৌৰৱৰ কথা। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে জি-20ৰ ৱাই (য়ুথ)-20 গতিবিধিৰ বাবে সমগ্ৰ দেশত 'ৱাই টক্স'ৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় যুৱ মহোৎসৱে ৱাই-20ৰ থীমৰ বিষয়ে যুৱক-যুৱতীসকলক সংবেদনশীল কৰি দেশজুৰি ৱাই-20ৰ বাবে তেওঁলোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব। তেওঁ কয় যে অংশগ্ৰহণকাৰীয়ে ৱাই-20ৰ বাৰ্তা আৰু বিষয়ক দেশৰ কোণে কোণে লৈ যাব। শ্ৰী অনুৰাগ ঠাকুৰে লগতে কয় যে কেৱল বায়োডিগ্ৰেডেবল সামগ্ৰীৰ ব্যৱহাৰ কৰি যুৱ মহোৎসৱক সেউজ উৎসৱৰ ৰূপত পালন কৰি থকা হৈছে। শ্ৰী ঠাকুৰে কয় যে প্ৰধানমন্ত্ৰীৰ মিছন লাইফ (এলআইএফই) আৰু সেউজ শক্তিৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰা হ'ব।

মহোৎসৱৰ বিষয়ে অৱগত কৰি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী মীতা আৰ লোচনে কয় যে কৰ্ণাটক চৰকাৰৰ সহযোগত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে হুবলী-ধাৰৱাড়, কৰ্ণাটকত ২৬তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উদ্ঘাটন সমাৰোহত ৩০,০০০ৰো অধিক যুৱক-যুৱতী অন্তৰ্ভুক্ত হ'ব, য'ত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে নিজৰ ভিজন ভাগবতৰা কৰিব। এই ব্যতিক্ৰমী পাঁচ দিনীয়া আয়োজনৰ সময়ছোৱাত, মান্যতাপ্ৰাপ্ত আৰু নিজৰ কৰ্মক্ষেত্ৰত অগ্ৰণী, সমগ্ৰ ভাৰতৰ ৭৫০০ৰো অধিক যুৱ প্ৰতিনিধিয়ে শিকাৰ বিভিন্ন গতিবিধিত অন্তৰ্ভুক্ত হ'বলৈ একত্ৰিত হ'ব। এই বছৰ মহোৎসৱৰ থীম হৈছে 'বিকশিত যুৱ, বিকশিত ভাৰত'।

মহোৎসৱৰ গতিবিধিত আছে (১) ছাত্ৰ-ছাত্ৰী কেন্দ্ৰিক শাসন আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে প্ৰাসংগিক বিষয়ৰ ওপৰত আলোচনা। নিজৰ ক্ষেত্ৰত অগ্ৰণী আৰু অন্য বিশেষজ্ঞ, নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে এই বিষয়ত জীৱন্ত আলোচনা কৰিব যে ছাত্ৰ-ছাত্ৰীকেন্দ্ৰিক শাসন কেনেকৈ সুবিধাজনক কৰা হয়। (২) সাহসিকতাৰ ক্ৰীড়া গতিবিধি, যেনে স্কূবা ডাইভিং আদি অন্তৰ্ভুক্ত কৰা হৈছে। (৩) কলাৰিপয়তু (কেৰালা), সিলম্বম (তামিলনাডু), গতকা (পঞ্জাব), মল্লখম্ব (মহাৰাষ্ট্ৰ)ৰ দৰে পৰম্পৰাগত খেলৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। (৪) লোকনৃত্য আৰু লোকগীতৰ দৰে প্ৰতিযোগিতামূলক সাংস্কৃতিক কাৰ্যক্ৰমৰ আয়োজন কৰা হ'ব, য'ত বিষয়ৰ ৰাজ্যৰ গোটে ভাগ ল'ব। প্ৰতিযোগিতাহীন মনোমোহা কাৰ্যক্ৰমত অন্তৰ্ভুক্ত আছে- সামাজিক বিকাশ মেলা 'যুৱ কৃতি', 'এডভেঞ্চাৰ ফেষ্টিভেল', 'সুবিচাৰ', 'যুৱ কলাকাৰ কেম্প' আদি।

যুৱ শিখৰ সন্মিলনত নিম্নলিখিত বিষয়ৰ ওপৰত দুই তৰফা চৰ্চা অন্তৰ্ভুক্ত হ'ব: i) কাৰ্য, উদ্যোগ, নৱোন্মেষণ আৰু ২১শ শতিকাৰ দক্ষতাৰ ভৱিষ্যৎ, ii) জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, iii) শান্তি নিৰ্মাণ আৰু সুচলতা, iv) উমৈহতীয়া ভৱিষ্যৎ-গণতন্ত্ৰত যুৱ আৰু শাসন, v) স্বাস্থ্য আৰু জন কল্যাণ।

এই মহোৎসৱত কেইবাটাও কাৰ্যক্ৰমৰ সমগ্ৰ দেশত লাইভ সম্প্ৰচাৰ কৰা হ'ব যাতে কোটি কোটি যুৱক-যুৱতী সমগ্ৰ মহোৎসৱত অন্তৰ্ভুক্ত হ'ব পাৰে।

এই বছৰ এই মহোৎসৱ সেউজ যুৱ মহোৎসৱ হিচাপে পালন কৰি থকা হৈছে, য'ত কেৱল পুনৰ ব্যৱহাৰযোগ্য কটলেৰী, নেপকিন আদিৰ ব্যৱহাৰ কৰি থকা হৈছে। সকলো স্মৃতিচিহ্ন, পদক, ষ্টেচনেৰি পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰে নিৰ্মিত হৈছে। ডিস্পজেলৰ ব্যৱহাৰ কম কৰিবলৈ ৱাটাৰ ৰিফিলিং ষ্টেচন স্থাপন কৰা হৈছে।

১৫ জানুৱাৰীত, কৰ্ণাটকৰ ৩১খন জিলাৰ পৰা ৫ লাখ মানুহক অন্তৰ্ভুক্ত কৰি পুৱা ৬ বজাৰ পৰা ৮ বজাৰ মাজত এটা যোগাথনৰ যোজনাও প্ৰস্তুত কৰা হৈছে।

দেশজুৰি মহোৎসৱৰ সময়ছোৱাত যুৱক-যুৱতীৰ অংশগ্ৰহণৰ লগতে বৃহৎ সংখ্যাত গতিবিধিৰ আয়োজন কৰা হ'ব।

 

***

NB/SK/UD



(Release ID: 1890673) Visitor Counter : 83