প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউএনএছএফএৰ আবেইত ৰাষ্ট্ৰসংঘৰ অভিযানত ভাৰতীয় সেনাই নিজৰ সৰ্ববৃহৎ মহিলা শান্তিৰক্ষী বাহিনী মোতায়েন কৰা কাৰ্যক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
06 JAN 2023 5:18PM by PIB Guwahati
ভাৰতীয় সেনাই ইউএনএছএফএৰ আবেইত ৰাষ্ট্ৰসংঘৰ অভিযানত মহিলা শান্তিৰক্ষী বাহিনীৰ সৰ্ববৃহৎ দল মোতায়েন কৰা কাৰ্যত গৌৰৱবোধ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ শ্ৰী মোদীয়ে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ সক্ৰিয় অংশগ্ৰহণৰ এক পৰম্পৰা আছে।
ভাৰতীয় সেনাৰ এডিজি পিআইৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে লিখে,
“এয়া দেখি গৌৰৱবোধ কৰিছো৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ সক্ৰিয় অংশগ্ৰহণৰ এক পৰম্পৰা আছে৷ আমাৰ নাৰী শক্তিৰ অংশগ্ৰহণ আৰু অধিক আনন্দদায়ক।”
***
DS/ST/DB
(रिलीज़ आईडी: 1889370)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam