গ্ৰামোন্নয়ণ মন্ত্ৰালয়

বৰ্ষান্তিক খতিয়ান-২০২২ : ভূমি সম্পদ বিভাগ (গ্ৰামোন্নয়ণ মন্ত্ৰালয়)


ভাৰতৰ ৬.৫৬ লাখ গাঁৱৰ ৬.২০ লাখৰো অধিক গাঁৱত ‘ভূমি অভিলেখ’সমূহৰ ‘কম্পিউটাৰাইজেশ্যন’ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, ই ২৯খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪% অঞ্চল সামৰি লৈছে

দেশৰ ১.৬৬কোটিৰো অধিক ‘ভূমি-নক্সা’(কেডেষ্ট্ৰেল মেপ)ৰ ১.১৭ কোটি খন ‘ডিজিটাইজ’ কৰা হৈছে

৫,২৫৪টা ‘উপ পঞ্জীয়কৰ কাৰ্যালয়’ৰ প্ৰায় ৪,০০০টা ‘ভূমি অভিলেখ’ৰে সংযুক্ত কৰা হৈছে

৩২১খন জিলাত ‘সংহত ভূমি তথ্য প্ৰবন্ধন পদ্ধতি’ আৰু ২৪ খন ৰাজ্যত ‘ইউনিক লেণ্ড পাৰ্চেল আইডেণ্টিফিকেশ্যন নাম্বাৰ’ প্ৰদান প্ৰক্ৰিয়াৰ সূচনা কৰা হৈছে

হাৰিয়ানা, মহাৰাষ্ট্ৰ, আৰু উত্তৰ প্ৰদেশত ‘ভূমি অভিলেখ’ আৰু ‘পঞ্জীয়ণ তথ্যভাণ্ডাৰ’ক ‘ই-কৰ্ট’ৰে সংযুক্ত কৰা সম্পৰ্কীয় পৰীক্ষামূলক প্ৰকল্প সফলতাৰে ৰূপায়ণ কৰা হৈছে

২৬খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলে ‘ই-কৰ্ট এপ্লিকেশ্যন ছফ্টৱে’ৰ’ৰ সৈতে ‘লেণ্ড ৰেকৰ্ডছ এপ্লিকেশ্যন ছফটৱে’ৰ’ আৰু ‘পঞ্জীয়ণ তথ্যভাণ্ডাৰ’সমূহৰ সংযুক্ত কৰাৰ বাবে সংশ্লিষ্ট উচ্চ ন্যালয়সমূহৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে

স্থানীয় ভাষাত ‘অধিকাৰৰ অভিলেখ’ উপলব্ধ কৰাৰ বাবে অনুসূচিত ২২টা ভাষাৰ যিকোনো এটাত লিপিবদ্ধ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে পুনেৰ ‘চি-ডিএচি’-য়ে

Posted On: 22 DEC 2022 9:15AM by PIB Guwahati

ভূমি সম্পদ বিভাগে দুখন আঁচনি ৰূপায়ণ কৰি আছে। সেয়া হৈছে (i) ডিজিটেল ইণ্ডিয়া ভূমি অভিলেখ আধুনিকীকৰণ কাৰ্যসূচী (ডিআইএলআৰএমপি)আৰু (ii) প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায়ী যোজনাৰ (পিএমকেএছওৱাই-ডব্লিউডিচি) জলচ্ছেদ উন্নয়ন উপভাগ। আঁচনি আৰু সাফল্যসমূহৰ তথ্যাৱলী তলত উল্লেখ কৰা হৈছে।
 

ডিজিটেল ইণ্ডিয়া ভূমি অভিলেখ আধুনিকীকৰণ কাৰ্যসূচী (ডিআইএলআৰএমপি)

 কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ ভূমি সম্পদ বিভাগে আজি প্ৰকাশ কৰে যে দেশৰ ৯৪ শতাংশতকৈও অধিক গাঁৱত ‘ভূমি অভিলেখৰ কম্পিউটাৰাইজেচন’ সম্পূৰ্ণ হৈছে। বছৰৰ অন্তিমটো বিবৃতিত বিভাগটোৰ তৰফৰ পৰা কোৱা হৈছে যে ২৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ (দেশৰ মুঠ ৬,৫৬,৭৯২খন গাঁৱৰ ভিতৰত ৬,২০,১৬৬খন গাঁও) ৯৪শতাংশতকৈ অধিক অঞ্চলত ‘অধিকাৰৰ অভিলেখ’ (আৰঅ’আৰ) সম্পূৰ্ণ কৰা হৈছে।

একেদৰে ২৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত (মুঠ ৫,২৫৪খন এছ আৰ অ’ৰ ভিতৰত ৪,৯০৫টা উপ-পঞ্জীয়ক কাৰ্যালয়) ৯৩শতাংশতকৈ অধিক পঞ্জীয়নৰ কম্পিউটাৰাইজেচন আৰু ২০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল (মুঠ ৫,২৫৪ খন এছ আৰ অ’ৰ ভিতৰত ৩৯৮৩ টা এছ আৰ অ’)ত ভূমি অভিলেখৰ সৈতে উপ পঞ্জীয়ক কাৰ্যালয় (এছ আৰ অ’)ৰ সংযুক্তকৰণৰ কাম ৭৫শতাংশতকৈ অধিক সম্পূৰ্ণ হৈছে ।

২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল(মুঠ ১,৬৬,৬১,৪৩৫খন মানচিত্ৰৰ ভিতৰত ১,১৭,৩৩,১৭৬খন মানচিত্ৰ)ত ৭০শতাংশতকৈ অধিক স্থানত ভূমি নক্সা(কেডাষ্ট্ৰেল মেপ)ডিজিটেলাইজ কৰা হৈছে।

কেডাষ্ট্ৰেল মেপ বা ভূমি নক্সা হৈছে ভূমিৰ তথ্য বা অভিলেখৰ এক ডিজিটেল ৰূপ যিয়ে ভূমিৰ টুকুৰাবোৰৰ বিভিন্ন অংশৰ সকলো সীমাৰ দৈৰ্ঘ্য, ক্ষেত্ৰফল আৰু দিশ আদিৰ বিৱৰণ দাঙি ধৰে। এই মানচিত্ৰসমূহৰ সহায়ত যিকোনো ব্যক্তিয়ে প্ৰয়োজনীয়তাৰ ভিত্তিত বিভিন্ন অঞ্চলৰ মাটিৰ টুকুৰাৰ মালিকীস্বত্বৰ স্থিতি প্ৰত্যক্ষ কৰিব পাৰে।

ডিজিটেল ইণ্ডিয়া ভূমি অভিলেখ আধুনিকীকৰণ কাৰ্যসূচী (পূৰ্বৰ ৰাষ্ট্ৰীয় ভূমি অভিলেখ আধুনিকীকৰণ কাৰ্যসূচী)ক ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰৰ ১০০% পুঁজিৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে ৰূপায়ণৰ দিহা কৰা হয়।

‘ডি আই এল আৰ এম পি’ৰ উদ্দেশ্য হৈছে এক সংহত ভূমি তথ্য প্ৰবন্ধন ব্যৱস্থা গঢ়ি তুলিব পৰাকৈ আধুনিক, ব্যাপক আৰু স্বচ্ছ ভূমি অভিলেখ ব্যৱস্থাপনা ব্যৱস্থা গঢ়ি তোলা, যিয়ে অন্যান্য বিষয়সমূহৰ লগতে: (i) ভূমিৰ বাস্তৱ সময়ৰ তথ্য উন্নত কৰিব; (ii) ভূমি সম্পদৰ ব্যৱহাৰক অনুকূল কৰি তুলিব; (iii) মাটিৰ মালিক আৰু অনুসন্ধানকাৰী উভয়কে উপকৃত কৰিব; (iv) নীতি আৰু পৰিকল্পনা যুগুতোৱাত সহযোগিতা কৰিব; (v) ভূমি বিবাদৰ সংখ্যা হ্ৰাস কৰিব; (vi) প্ৰৱঞ্চনামূলক/বেনামি লেনদেন পৰীক্ষা কৰা (vii) ৰাজহ/পঞ্জীয়ন কাৰ্যালয়লৈ সোঁ-শাৰীৰিক যোৱাৰ প্ৰয়োজনীয়তা দূৰ কৰিব (viii) বিভিন্ন সংস্থা/এজেন্সীৰ সৈতে তথ্যৰ ভাগ-বাটোৱাৰা কৰাৰ দিহা কৰিব। চৰকাৰে ‘ডিআইএলআৰএমপি’ৰ সময়সীমা পাঁচ বছৰৰ বাবে অৰ্থাৎ ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈ বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে।

সংহত ভূমি তথ্য প্ৰৱন্ধন ব্যৱস্থাই ভূমিৰ মালিক, সংশ্লিষ্ট বিষয়া/সংস্থা আৰু আগ্ৰহী ব্যক্তি/উদ্যোগী আদিক প্ৰশ্ন উথ্থাপিত যিকোনো এডোখৰ মাটিৰ অৱস্থান সন্দৰ্ভত যথোচিত আৰু বিস্তৃত প্ৰাসংগিক তথ্য অনলাইন ব্যৱস্থাৰে একত্ৰে উপলব্ধ কৰাৰ সুবিধা প্ৰদান কৰে। .উপাদানসমূহৰ ভিতৰত বেংক, আদালত, চক্ৰৰ হাৰ, পঞ্জীয়ন,  আধাৰ নম্বৰ(সন্মতিৰ ভিত্তিত)আদিৰ সৈতে সংযোগ স্থাপন কৰা হৈছে। ইতিমধ্যে ৩২১খন জিলাত এই ব্যৱস্থা আৰম্ভ কৰা হৈছে।

ইউনিক লেণ্ড পাৰ্চেল আইডেন্টিফিকেশন নম্বৰ (ইউএলপিআইএন) বা ভূ-আধাৰ

‘ইউনিক লেণ্ড পাৰ্চেল চিনাক্তকৰণ নম্বৰ’ (ইউএলপিআইএন)হৈছে আন্তঃৰাষ্ট্ৰীয় মানক, ইলেক্ট্ৰনিক কমাৰ্চ ক'ড মেনেজমেণ্ট এছ'চিয়েচন (ইচিচিএমএ) আৰু মুক্ত জিঅ’স্পেচিয়েল কনচৰ্টিয়াম (অ’জিচি)ৰ মানকৰ সৈতে সামঞ্জস্য ৰাখি পাৰ্চেলৰ শীৰ্ষ ভূ-স্থানাংকৰ ওপৰত ভিত্তি কৰি প্ৰতিটো লেণ্ড পাৰ্চেলৰ বাবে ১৪ সংখ্যাৰ আলফা–নিউমাৰিক একক আইডি দিয়াৰ বাবে সমগ্ৰ দেশজুৰি ৰূপায়ণ কৰা এক পদ্ধতি। ইউএলপিআইএনত মাটি এডোখৰৰ আকাৰ আৰু দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ বিৱৰণৰ উপৰিও মাটিডোখৰৰ মালিকীস্বত্বৰ বিৱৰণ থাকিব। ইয়াৰ ফলত ‘ৰিয়েল এষ্টেট’ লেনদেনত সুবিধা হোৱাৰ উপৰি সম্পত্তিৰ কৰ সমস্যা সমাধান ব্যৱস্থা, আৰু দুৰ্যোগ পৰিকল্পনা তথা সঁহাৰিৰ প্ৰচেষ্টা ইত্যাদি উন্নত কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব।

এতিয়ালৈকে, ২৪ খন ৰাজ্য অৰ্থাৎ অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, গোৱা, বিহাৰ, ওড়িশা, ছিকিম, গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, হাৰিয়ানা, ত্ৰিপুৰা, ছত্তীশগড়, জম্মু আৰু কাশ্মীৰ, অসম, মধ্যপ্ৰদেশ, নাগালেণ্ড, মিজোৰাম, তামিলনাডু, পঞ্জাৱ, দাদাৰ আৰু নগৰ হাভেলী, আৰু দমন আৰু ডিউ, হিমাচল প্ৰদেশ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড-ত ইউএলপিআইএন-ৰ ৰূপায়ণ কৰা হৈছে। তদুপৰি, আৰু ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল- কেৰেলা, কৰ্ণাটক, পুডুচেৰী, আন্দামান আৰু নিকোবৰ, মণিপুৰ, দিল্লী, লাডাখ আৰু তেলেংগানাত ইউএলপিআইএনৰ পৰীক্ষামূলক ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে।

 

সাধাৰণ নথিপত্ৰ পঞ্জীয়ন ব্যৱস্থা (এনজিডিআৰএছ)

চুক্তি/নথিপত্ৰৰ পঞ্জীয়নৰ বাবে একেধৰণৰ প্ৰক্ৰিয়াৰ দিহা কৰাৰ উদ্দেশ্যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত “এক ৰাষ্ট্ৰ এক পঞ্জীয়ন ছফ্ট ৱে’’ৰ অৰ্থাৎ ‘ৰাষ্ট্ৰীয় জেনেৰিক নথিপত্ৰ পঞ্জীয়ন ব্যৱস্থা’ (এন জি ডি আৰ এছ) ৰূপায়ণ কৰা হৈছে।

২০২২ চনৰ নৱেম্বৰ মাহলৈকে এই পৰ্যন্ত ১৭ খন ৰাজ্য /কেন্দ্ৰীয় শাসিত অঞ্চল যথা: পঞ্জাৱ, আন্দামান আৰু নিকোবৰ, মণিপুৰ, গোৱা, ঝাৰখণ্ড, মিজোৰাম, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, দাদাৰ আৰু নগৰ হাভেলী আৰু জম্মু আৰু কাশ্মীৰ, ছত্তীশগড়, ত্ৰিপুৰা, লাডাখ, বিহাৰ, অসম, মেঘালয় আৰু উত্তৰাখণ্ডত ‘এন জি ডি আৰ এছ’ কাৰ্যকৰী কৰা হৈছে।

ভূমি অভিলেখ/ পঞ্জীয়ন তথ্যভাণ্ডাৰ সৈতে ই-আদালতৰ সংযোগ

ভূমি অভিলেখ আৰু পঞ্জীয়ন তথ্যভাণ্ডাৰৰ সৈতে ই-আদালতৰ সংযোগৰ উদ্দেশ্য হৈছে আদালতসমূহৰ বাবে প্ৰামাণিক প্ৰত্যক্ষ তথ্য উপলব্ধ কৰাটো, যাৰ ফলত গোচৰসমূহৰ ক্ষিপ্ৰ নিষ্পত্তি সম্ভৱ হয় আৰু ইয়াৰ পৰিণতিত ভূমি বিবাদৰ সংখ্যা হ্ৰাস পায়। অন্যান্য বিষয়ৰ লগতে সুবিধাসমূহৰ ভিতৰত আছে: (i) অধিকাৰৰ অভিলেখ, জিঅ’ ৰেফাৰেন্সড আৰু লিগেচি ডাটাকে ধৰি ভূমি-নক্সা(কেডাষ্ট্ৰেল মেপ) (ii) স্বীকৃতিৰ সিদ্ধান্ত লোৱাৰ লগতে বিবাদ নিষ্পত্তিৰ বাবে উপযোগী তথ্য , (iii) দেশত ভূমিৰ বিবাদৰ পৰিমাণ হ্ৰাস কৰা আৰু ইয়াৰ ফলত ব্যৱসায় কৰাত সহজ হ’ব পাৰে আৰু জীৱন-যাপনৰ সহজতা বৃদ্ধি পাব পাৰে।

বিভাগটোত গঠন কৰা এখন সমিতিৰ জৰিয়তে ন্যায় বিভাগৰ সৈতে সহযোগিতাত তিনিখন ৰাজ্য ক্ৰমে হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত ই-আদালতসমূহক ভূমি অভিলেখ আৰু পঞ্জীয়ন তথ্যৰ ভিত্তিৰ সৈতে সংযোগ কৰাৰ বাবে পৰীক্ষামূলক প্ৰকল্প সফলতাৰে ৰূপায়ণ কৰা হৈছে।

এতিয়ালৈকে ২৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ই-কোৰ্ট এপ্লিকেশ্যন ছফ্ট ৱেৰক ভূমিৰ ৰেকৰ্ড এপ্লিকেশ্যন ছফ্ট ৱেৰ আৰু পঞ্জীয়ন তথ্যভাণ্ডাৰৰ সৈতে সংলগ্ন কৰাৰ বাবে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে। এই ৰাজ্যসমূহৰ ভিতৰত আছে: ত্ৰিপুৰা, মধ্যপ্ৰদেশ, ৰাজস্থান, অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, হিমাচল প্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, মণিপুৰ, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, তেলেংগানা, ঝাৰখণ্ড, দিল্লী, ছিকিম, মেঘালয়, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, কৰ্ণাটক, ছত্তীগড়, তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশ।

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত অষ্টম অনুসূচীৰ সকলো ভাষাত ভূমিৰ অভিলেখৰ লিপিবদ্ধকৰণ

 

আজিকালি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অধিকাৰৰ অভিলেখ স্থানীয় ভাষাত ৰখা হয়। ভাষিক বাধাসমূহে তথ্যৰ প্ৰৱেশ আৰু বুজিব পৰা ৰূপত ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। দেশৰ ভূমি শাসনত ভাষিক বাধাৰ সমস্যা সমাধানৰ বাবে চৰকাৰে অধিকাৰৰ ৰেকৰ্ডসমূহ স্থানীয় ভাষাত উপলব্ধ কৰোৱাৰ বাবে পুনেৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ডিএচি)ৰ কাৰিকৰী সহযোগিতাৰে সংবিধানে স্বীকৃতি দিয়া ২২টা ভাষাৰ যিকোনো এটা ভাষাত লিপিবদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৮খন ৰাজ্য- বিহাৰ, মহাৰাষ্ট্ৰ, গুজৰাট, পুডুচেৰী, ইউ.পি., তামিলনাডু, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত)পৰীক্ষামূলক প্ৰকল্পৰ ৰূপায়ণ প্ৰক্ৰিয়া চলি আছে আৰু অচিৰেই উল্লিখিত পদক্ষেপটো সমগ্ৰ ভাৰততে ৰূপায়ণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

 

 প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ জলচ্ছেদ উন্নয়ন উপভাগ(ডব্লিউডিচি-পিএমকেএছওৱাই)

ভূমি সম্পদ বিভাগে বৰ্ষা-নিৰ্ভৰ আৰু অৱক্ষয়ী অঞ্চলৰ উন্নয়নৰ বাবে ২০০৯-১০ চনৰ পৰা কেন্দ্ৰীয় পৃষ্ঠপোষকতাত (চি এছ এছ) ‘সংহত জলচ্ছেদ প্ৰৱন্ধন কাৰ্যসূচী’ (আই ডব্লিউ এম পি) ৰূপায়ণ কৰি আহিছিল।

২০১৫-১৬ চনত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায়ী যোজনাৰ ছত্ৰ আঁচনিৰ জলচ্ছেদ উন্নয়ন উপভাগ হিচাপে আই ডব্লিউ এম পি সংলগ্ন কৰা হৈছিল। অন্যান্য বিষয়সমূহৰ লগতে গ্ৰহণ কৰা কামসমূহৰ ভিতৰত আছে টিলা এলেকা সংস্কাৰ, পানী-নিষ্কাশন ব্যৱস্থাৰ সংস্কাৰ, মাটি আৰু আৰ্দ্ৰতা সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ, নাৰ্চাৰী পালন, বনানীকৰণ, উদ্যান শস্য,  চৰণীয়া পথাৰ উন্নয়ন,  সম্পত্তিহীন ব্যক্তিৰ জীৱিকাৰ দিহা ইত্যাদি।

জলচ্ছেদ উন্নয়ন কাৰ্যসূচী ভূমিৰ অৱক্ষয়, মাটিৰ খহনীয়া, পানীৰ অভাৱ, জলবায়ুৰ অনিশ্চয়তা আদি সমস্যাৰ আটাইতকৈ উপযুক্ত সমাধান হিচাপে প্ৰমাণিত হৈছে। এই কাৰ্যসূচীয়ে কৃষি উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধি, দৰিদ্ৰতা হ্ৰাস আৰু বিশেষকৈ গ্ৰাম্য অঞ্চলত জীৱিকাৰ উন্নতিৰ দিশত যথেষ্ট অৰিহণা যোগাইছে।

ডব্লিউ ডি চি-পি এম কে এছ ৱাই ১.০ৰ অধীনত প্ৰায় ২৯.৫ নিযুত হেক্টৰ এলেকা সামৰি ৰূপায়িত ৬৩৮২টা প্ৰকল্পৰ জৰিয়তে উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে।

২০১৪-১৫ চনৰ পৰা ২০২১-২২ চনৰ ভিতৰত ৭.৬৫ লাখ জল-সংৰক্ষণ ব্যৱস্থা সৃষ্টি / পুনৰুজ্জীৱিত কৰি তোলা হৈছে, ১৬.৪১ লাখ হেক্টৰ অতিৰিক্ত এলেকা সুৰক্ষামূলক জলসিঞ্চনৰ অধীনলৈ অনা হৈছে আৰু ইয়াৰ দ্বাৰা ৩৬.৩৪ লাখ কৃষক উপকৃত হৈছে। ইয়াৰ উপৰিও ২০১৮-১৯ চনৰ পৰা ২০২১-২২ চনলৈ প্ৰায় ১.৬৩ লাখ হেক্টৰ মাটি গছপুলি ৰোপণ কাৰ্যক্ৰমৰ অধীনলৈ অনা হৈছে (বনানীকৰণ / উদ্যান শস্য আদি), সম্পূৰ্ণ হোৱা জলচ্ছেদ উন্নয়ন প্ৰকল্পত ৩.৩৬ লাখ হেক্টৰ কৃষিযোগ্য বনাঞ্চলৰ পৰিশোধন কৰা হয় আৰু ৩৮৮.৬৬ শ্ৰম-দিৱস(মেন ডে’)ৰ সৃষ্টি কৰা হৈছে। সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহৰ শেষ পৰ্যায়ৰ মূল্যায়নে জলস্তৰ, শস্যৰ উৎপাদনশীলতা, গাখীৰ উৎপাদন আৰু জনমূৰি আয় আদিৰ ক্ষেত্ৰত যথেষ্ট উন্নতিৰ সংকেত প্ৰদান কৰিছে। ডব্লিউ ডি চি-১.০ ৩১ মাৰ্চ, ২০২১ তাৰিখে বন্ধ কৰা হৈছিল।

ডব্লিউ ডি চি-পি এম কে এছ ওৱাই ২.০: চৰকাৰে ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে ডব্লিউ ডি চি-পি এম কে এছ ৱাই ২.০-ৰ ৰূপায়ণৰ সময়সীমা অব্যাহত ৰখাৰ বাবে অনুমোদন জনাইছে যাৰ লক্ষ্য ৪.৯৫ নিযুত হেক্টৰ আৰু কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ৮,১৩৪ কোটি টকাৰ পুঁজিলৈ অনুমোদন জনোৱা হৈছে।

সূচক / মাপক

সাফল্যসমূহ

(২০১৪-১৫ৰ পৰা ২০২১-২২লৈ)

নতুনকৈ স্থাপন কৰা-সংস্কাৰ সাধন কৰা জল-সংৰক্ষণ ব্যৱস্থা

7,64,686

সংৰক্ষণমূলক জলসিঞ্চনৰ অধীনলৈ অনা অতিৰিক্ত এলেকা(হেক্টৰ)

16,40,954

লাভান্বিত হোৱা খেতিয়কৰ সংখ্যা

36,34,020

গছপুলি ৰোপণ(বনানীকৰণ-উদ্যানশস্য ইত্যাদি)ৰঅধীনলৈ অনা এলেকা(হেক্টৰ)#

1.626

সম্পূৰ্ণ জলচ্ছেদ উন্নয়ন প্ৰকল্পত সংস্কাৰ সাধন কৰা কৃষিযোগ্য বনাঞ্চলৰ ক্ষেত্ৰফল (লাখ হেক্টৰত)

 

3.36

উলিয়াই লোৱা ‘শ্ৰম-দিৱস’ৰ সংখ্যা (লাখৰ হিচাপত মেন-ডে’)

388.66

ডব্লিউ ডি চি-পি এম কে এছ ৱাই ২.০ৰ অধীনত ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে ২৮খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চল (জে এণ্ড কে আৰু লাডাখ)ত মুঠ ১১১০টা জলচ্ছেদ উন্নয়ন প্ৰকল্পলৈ অনুমোদন জনোৱা হৈছিল, যাৰ পৰিমাণ প্ৰায় ৩. ৪৯.৫ মিলিয়ন হেক্টৰ। আঁচনিখন আৰম্ভ হোৱাৰ পৰাই ২০২১-২২ আৰু ২০২২-২৩ চনৰ ভিতৰত (১২.১২.২০২২ তাৰিখলৈকে) ১৫৩৭.৪১ কোটি টকাৰ ধন কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ৰাজ্যসমূহক মুকলি কৰি দিয়া হৈছে।

ডব্লিউডিচি ০.১ আৰু ডব্লিউডিচি ০.২ৰ অগ্ৰগতিৰ তথ্য তলত দিয়া হল:

পিএমকেএছওৱাই-ডব্লিউডিচি ০.১-অধীনত লাভ কৰা সাফল্যসমূহ

 

নীতি আয়োগে ২০১৮-১৯ত প্ৰদান কৰা সূচকৰ আধাৰত

পিএমকেএছওৱাই-ডব্লিউডিচি ০.২-অধীনত লাভ কৰা সাফল্যসমূহ

 

সূচক / মাপক

সাফল্যসমূহ

(২০২২-২৩ৰ দ্বিতীয় ত্ৰৈমাসিক পৰ্যন্ত)

অৱক্ষয়ী /বৰ্ষানিৰ্ভৰ এলেকা(হেক্টৰ)

72,063.90

ভূমি আৰু আদ্ৰতা সংৰক্ষণ কৰ্মকাণ্ডৰে সামৰা এলেকা(হেক্টৰ)

63,165.71

গছপুলি ৰোপণ(বনানীকৰণ-উদ্যানশস্য ইত্যাদি)ৰঅধীনলৈ অনা এলেকা(হেক্টৰ)

27,596.98

নতুনকৈ স্থাপন কৰা-সংস্কাৰ সাধন কৰা জল-সংৰক্ষণ ব্যৱস্থা

4,139.00

ভিন্ন শস্য-শস্য পদ্ধতিৰ পৰিৱৰ্তন সাধন কৰা এলেকা(হেক্টৰ)

3,963.49

শূণ্য-একক শস্য পৰম্পৰাৰ পৰা দুই বাবততোধিক শস্য পৰম্পৰাই সামৰা এলেকা(হেক্টৰ)

2,705.30

শস্যই সামৰা এলেকাৰ পৰিসৰ বৃদ্ধ্(হেক্টৰ)

3,167.39

লাভান্বিত হোৱা খেতিয়কৰ সংখ্যা

1,03,437

সংৰক্ষণমূলক জলসিঞ্চনৰ অধীনলৈ অনা এলেকা(হেক্টৰ)

13,239.61

উলিয়াই লোৱা শ্ৰম-দিৱসৰ সংখ্যা (মেন-ডে)

17,59,897

 

পিএমকেএছওৱাই-ডব্লিউচি ০.২ অনুমোদন জনোৱা হৈছিল ১৫.১২.২০২১ত।

 

***

SNC/NR/PK/MS/KB



(Release ID: 1886658) Visitor Counter : 105