প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিহাৰৰ মতিহাৰীত ইটাভটাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
পিএমএনআৰএফ-ৰ পৰা এককালীন সাহায্য ঘোষণা
Posted On:
24 DEC 2022 9:47AM by PIB Guwahati
বিহাৰৰ মতিহাৰীত ইটাভটাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধি’(পিএমএনআৰএফ)ৰ পৰা নিহতসকলৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা টুইটত কোৱা হয়;
“মতিহাৰীত ইটাভটাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুৱে ব্যথিত কৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। আহতসকলৰ বাবে প্ৰাৰ্থনা জনাইছো। নিহতসকলৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব”।
: PM @narendramodi"
— PMO India (@PMOIndia) December 24, 2022
***
DS/ST/KB
(Release ID: 1886656)
Visitor Counter : 157
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam