প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 07 DEC 2022 11:30AM by PIB Guwahati

নমস্কাৰ বন্ধুসকল,

আজি শীতকালীন অধিৱেশনৰ (সংসদৰ) প্ৰথম দিন। এই অধিৱেশন গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ পূৰ্বে আমি ১৫ আগষ্টত সমবেত হৈছিলো। ১৫ আগষ্টত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছিল আৰু এতিয়া আমি ‘অমৃত কাল’ ৰ অভিমুখে অগ্ৰসৰ হৈছো। ভাৰতে জি-২০ ৰ অধ্যক্ষতা পালনৰ সুযোগ লাভৰ সময়তে আমি আজি মিলিত হৈছো। বিশ্বৰ মঞ্চত ভাৰতৰ বিশেষ স্থান দখল, ভাৰতৰ প্ৰতি আশাৰ বৃদ্ধি আৰু বিশ্বৰ মঞ্চত ভাৰতৰ অংশগ্ৰহণ বৃদ্ধিৰ সময়তে জি-২০ ৰ অধ্যক্ষতা তাৎপৰ্য্যপূৰ্ণ।

এই জি-২০ সন্মিলন কেৱল কূটনৈতিক অনুষ্ঠানেই নহয়, বৰঞ্চ এয়া বিশ্বৰ আগত ভাৰতৰ সামৰ্থ্যক সামগ্ৰিকভাৱে প্ৰদৰ্শনৰ এক সুযোগো। ইমান এখন বৃহৎ দেশ, গণতন্ত্ৰৰ মাতৃস্বৰূপা, ইমান বৈচিত্ৰ্য, ইমান সম্ভাৱনা আৰু সেয়েহে, ভাৰতক চিনি পোৱাৰ লগতে ভাৰতে সমগ্ৰ বিশ্বক নিজৰ সম্ভাৱনা প্ৰদৰ্শনৰ এয়া এক বৃহৎ সুযোগ।

শেহতীয়াকৈ সকলো দলৰ নেতাসকলেৰে অতিশয় সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত এই সন্দৰ্ভত আলোচনা হৈছিল। ইয়াৰ প্ৰতিফলন সদনতো নিশ্চিতভাৱে দেখা যাব। সদনতো একেই মনোভাৱৰ সঞ্চাৰ হ’ব যিয়ে ভাৰতৰ সম্ভাৱনাক বিশ্বত উপস্থাপন কৰাত উপযোগী হৈ উঠিব। এই অধিৱেশনত সাম্প্ৰতিক বৈশ্বিক পৰিস্থিতিৰ মাজতে দেশখনক উন্নয়নৰ নতুন শিখৰলৈ নিয়াৰ লগতে দেশখনক আগুৱাই নিয়াৰ নতুন সুযোগৰ কথা মনত ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ প্ৰয়াস কৰা হ’ব। সকলো ৰাজনৈতিক দলে আলোচনাত অধিক মাত্ৰাৰ সংযোজন কৰিব, নিজৰ মতামতেৰে সিদ্ধান্তসমূহক এক নতুন শক্তি প্ৰদান কৰিব আৰু এই দিশটোক অধিক উজ্জ্বল কৰি তোলাত সহায় কৰিব বুলি মই নিশ্চিত। সংসদৰ এই কাৰ্য্যকালৰ বাকী থকা সময়ছোৱাৰ বাবে মই সকলো দলৰ নেতা আৰু সাংসদসকলক প্ৰথমবাৰৰ বাবে সদনলৈ অহা নতুন সাংসদ, যুৱ সাংসদসকলক তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আৰু গণতন্ত্ৰৰ ভৱিষ্যত প্ৰজন্মক সাজু কৰিবলৈ আলোচনাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনালো।

বিগত সময়ছোৱাত প্ৰায় সকলো ৰাজনৈতিক দলৰ সাংসদসকলৰ সৈতে অনানুষ্ঠানিক বৈঠকত মিলিত হওঁতে সকলো সাংসদেই এটা কথা ব্যক্ত কৰিছে যে সদনত হুলস্থুল আৰু সঘনাই সদন স্থগিত ৰখাৰ বাবে তেওঁলোক বহু ক্ষতিগ্ৰস্ত হয়। যুৱ সাংসদসকলে কয় যে সংসদ গণতন্ত্ৰৰ এখনি বৃহৎ বিশ্ববিদ্যালয় আৰু অধিৱেশনৰ কাম-কাজ নোহোৱাৰ বাবে আৰু আলোচনাৰ অভাৱত তেওঁলোক শিক্ষণ আৰু বুজাবুজিৰপৰা বঞ্চিত হ’বলগীয়া হয়। তেওঁলোকে সুযোগ লাভ নকৰাৰ কথা কৈছে আৰু সেয়েহে সদনৰ কাম-কাজ অতিশয় গুৰুত্বপূৰ্ণ। বিশেষকৈ সকলো দলৰে যুৱ সাংসদসকলে একে কথাই অৱগত কৰিছে।

বিৰোধী দলসমূহৰ সাংসদসকলেও কৈছে যে তেওঁলোকে বিতৰ্কত কথা কোৱাৰ সুযোগ নাপায়। সদনত সঘনাই ব্যাঘাত জন্মা আৰু স্থগিত ৰখাৰ বাবে তেওঁলোক বহু ক্ষতিগ্ৰস্ত হৈছে। এইসকল সাংসদৰ মৰ্মবেদনা বুজিবলৈ সকলো সাংসদ আৰু দলৰ নেতাক অনুৰোধ জনালো। গণতন্ত্ৰৰ ক্ষেত্ৰত দেশখনে তেওঁলোকৰ উৎসাহ আৰু উদ্যমৰ উপযোগিতা লাভেৰে ইয়াৰ উন্নয়ন আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকৰ সম্ভাৱনা যোগ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। এই অধিৱেশনখনক অধিক উৎপাদনশীল কৰি তোলাৰ অৰ্থে এক সামূহিক প্ৰচেষ্টা চলাবলৈ সকলো দল আৰু সাংসদকে অনুৰোধ জনালো।

আন এক সৌভাগ্যৰ কথা এয়ে যে আজি প্ৰথমবাৰৰ বাবে আমাৰ উপ-ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কাৰ্য্যকালৰ শুভাৰম্ভ কৰিব আৰু এয়া তেওঁৰ প্ৰথম অধিৱেশন আৰু প্ৰথম দিন। আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু জীয়ে ভাৰতৰ মহান ঐতিহ্য আৰু আমাৰ জনজাতীয় পৰম্পৰাৰে ভাৰতক গৌৰৱান্বিত কৰাৰ ক্ষেত্ৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ দৰেই এগৰাকী কৃষকৰ পুত্ৰই উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে ভাৰতক গৌৰৱান্বিত কৰিব তথা সাংসদসকলক অনুপ্ৰাণিত আৰু উৎসাহিত কৰিব। মই তেখেতক অলেখ শুভেচ্ছা জনাইছো।

বহু-বহু ধন্যবাদ বন্ধুসকল।

নমস্কাৰ!

***

DS/LP/AK/SB



(Release ID: 1885964) Visitor Counter : 111