নৌ-পৰিবহন মন্ত্ৰালয়
শ্ৰী সৰ্বানন্দ সোণোৱালে গোৱাত শ্বহীদ দিৱস পালন কৰে; ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
অসমীয়া সমাজক জীয়াই ৰখা আৰু ভাৰতৰ ঐক্য আৰু অখণ্ডতা সুৰক্ষিত কৰাৰ ওপৰত অসম আন্দোলনৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী: শ্ৰী সোণোৱাল
যদি পৃথিৱীৰ ছাত্ৰ আন্দোলনৰ ইতিহাস বিশ্লেষণ কৰা হয়, অসম আন্দোলন এক ঐতিহাসিক মুহূৰ্ত আছিল: শ্ৰী সোণোৱাল
Posted On:
10 DEC 2022 4:57PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি গোৱাত এক গাম্ভীৰ্যপূৰ্ণ আনুষ্ঠানত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ১৯৭৯ চনত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত শ্বহীদ দিৱস উদযাপন কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপকূলীয় ৰাজ্যখনলৈ তিনিদিনীয়া ভ্ৰমণলৈ আহিছে। পাঞ্জিমৰ ফ্ৰাঞ্চিস্কো লুইছ গোমছ গাৰ্ডেনত অনুষ্ঠিত এই কাৰ্যসূচী গোৱাৰ অসম সমাজে আয়োজন কৰিছিল আৰু ইয়াত অসমীয়া সম্প্ৰদায়ৰ সদস্য তথা বহুতো বিশিষ্ট ব্যক্তি আৰু স্থানীয় লোক উপস্থিত আছিল।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ১৯৭৯-১৯৮৫ চনলৈ ছয় বছৰ ধৰি চলা অসম আন্দোলনৰ শ্বহীদসকলৰ বীৰত্বৰ কথা স্মৰণ কৰে। "আজি শ্বহীদ দিৱস উপলক্ষে অসমক সুৰক্ষা দিবলৈ চূড়ান্ত ত্যাগ কৰা সকলোকে মই অভিবাদন জনাইছো। ৰাজ্যখনক অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ ছয় বছৰ ধৰি চলা আন্দোলনত অসমৰ ৰাইজে অংশগ্ৰহণ কৰে আৰু ৮৬০ জন শ্বহীদে ভাৰতৰ ঐক্য আৰু অখণ্ডতা সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ জীৱনৰ চূড়ান্ত ত্যাগ কৰে। এই মহান শ্বহীদসকলে অতুলনীয় দেশপ্ৰেম আৰু সাহসৰ এক অবিস্মৰণীয় ইতিহাস ৰচনা কৰিছে ৷ অসম আন্দোলন হৈছে জাতিৰ সুৰক্ষাৰ বাবে অসমৰ খিলঞ্জীয়া লোকসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ এক উজ্জ্বল উদাহৰণ আৰু ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী আছিল। শ্বহীদসকলৰ অমৰ ত্যাগে বৃহত্তৰ অসমীয়া সম্প্ৰদায় আৰু ৰাষ্ট্ৰক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰি থাকিব," মন্ত্ৰীগৰাকীয়ে কয়।
শ্ৰী সোণোৱালে লগতে কয়, "বীৰ শ্বহীদসকলৰ মহৎ আদৰ্শক জীয়াই ৰাখিবলৈ আমি সততা, নিষ্ঠা আৰু দৃঢ়তাৰে কাম কৰি যাব লাগিব। আমি আমাৰ ভাষা, সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাক জীয়াই ৰাখিবলৈ আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিব লাগিব। যদি পৃথিৱীৰ ছাত্ৰ আন্দোলনৰ ইতিহাস বিশ্লেষণ কৰা হয়, সেই সময়ৰ অসম আন্দোলন এক ঐতিহাসিক মুহূৰ্ত হিচাপে বিবেচনা কৰা হয়। মই অসমৰ জনসাধাৰণৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলক এই আন্দোলনৰ জাতীয়তাবাদী চেতনাৰ দ্বাৰা অনুপ্ৰাণিত এক শক্তিশালী ভাৰত গঢ়ি তোলাত আগভাগ ল'বলৈ আৰু আমাৰ মাতৃভূমিৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াবলৈ আহ্বান জনাইছো।"
***
MJPS/MANN
(Release ID: 1882368)
Visitor Counter : 315