প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘জি-২০’ৰ অধ্যক্ষতাৰ ক্ষেত্ৰত ভাৰতলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে বিশ্ব-নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 DEC 2022 9:02AM by PIB Guwahati

‘জি-২০’ৰ অধ্যক্ষতাৰ ক্ষেত্ৰত ভাৰতলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰনক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ এক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“ধন্যবাদ, মোৰ প্ৰিয় মিত্ৰ @এমানুৱেলমেক্ৰন! সমগ্ৰ মানৱ জাতিক প্ৰভাৱিত কৰিব লগা প্ৰসংগসমূহত পৃথিৱীৰ দৃষ্টি কেন্দ্ৰীভূত কৰি কাম কৰাৰ বাবে আমি যিহেতু উদ্যোগ গ্ৰহণ কৰিছো, সেয়ে, জি-২০ৰ অধ্যক্ষ হিচাপে ভাৰতে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত বিষয়বোৰ সন্দৰ্ভত আপোনাৰ সৈতে ঘনিষ্ঠ ভাবে আলোচনাৰ আশা ৰাখিছো। https://t.co/nolvLwuYln

—নৰেন্দ্ৰ মোদী(@narendramodi) ৪ ডিচেম্বৰ, ২০২২

 

জাপানৰ প্ৰধানমন্ত্ৰী ফিউমিঅ’ কিশ্বিডাৰ অভিনন্দনসূচক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়,

“আপোনাৰ ঐক্যবদ্ধতা নিতান্তই গুৰুত্বপূৰ্ণ। পৃথিৱীৰ কল্যানসাধনৰ বাবে জাপানে বহুখিনি অৱদান আগবঢ়াইছে আৰু বিভিন্ন ক্ষেত্ৰত জাপানে লাভ কৰা সাফল্যৰ পৰা পৃথিৱীয়ে শিকনি লৈ থাকিব বুলি মই বিশ্বাস কৰো”।@kishida230 https://t.co/xQtFgoQe5e

—নৰেন্দ্ৰ মোদী(@narendramodi) ৪ ডিচেম্বৰ, ২০২২

 

‘জি-২০’ৰ অধ্যক্ষতা সন্দৰ্ভত স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰো ছেনচেজে প্ৰকাশ কৰা শুভকামনাৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা জনাই প্ৰকাশ কৰা ‘টুইট’ত কয়;

“@ছেনচেজকাষ্টিঅন ডাঙৰীয়া, আপোনাৰ শুভকামনাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। বৰ্তমানে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ প্ৰশমিত কৰি আগন্তুক প্ৰন্মসমূহৰ বাবে এটা উন্নত গ্ৰহ এৰি থৈ যোৱাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ বাবে গ্ৰহণ কৰা আপোনাৰ দৃষ্টিভংগীলৈ পূৰ্ণ সমৰ্থন জনাইছো”।. https://t.co/iSadfoJAJM

—নৰেন্দ্ৰ মোদী(@narendramodi) ৪ ডিচেম্বৰ, ২০২২

 

‘ইউৰোপীয় সংঘ’ৰ অধ্যক্ষ চাৰ্লছ মাইকেলৰ অভিনন্দনসূচক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শুভকামনাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে কয়;

“ধন্যবাদ @চাৰ্লছমাইকেল। গোলকীয় মংগল সাধনৰ বাবে আমি সংঘবদ্ধ হৈ কৰিব খোজা কাম-কাজসমূহত আপোনাৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছো”।https://t.co/xWxYc34eYG

—নৰেন্দ্ৰ মোদী(@narendramodi) ৪ ডিচেম্বৰ, ২০২২

 

ভাৰতৰ ‘জি-২০’ অধ্যক্ষতাৰ প্ৰতি সমৰ্থন আগবঢ়োৱা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনকো ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“ধন্যবাদ @POTUS। আপোনাৰ মূল্যবান সমৰ্থন ভাৰতৰ ‘জি-২০’ অধ্যক্ষতাৰ বাবে শক্তিৰ এক উত্স হৈ উঠিব। এটা উন্নত গ্ৰহ গঢ়ি তোলাৰ ক্ষেত্ৰত  আমি সংঘবদ্ধভাবে কাম কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ হ’ব”।https://t.co/FbGQ3WHCza

—নৰেন্দ্ৰ মোদী(@narendramodi) ৪ ডিচেম্বৰ, ২০২২

 

***

DS/ST/KB



(Release ID: 1881093) Visitor Counter : 115