প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অলপতে উৎক্ষেপণ কৰা ইঅ’এছ-০৬ উপগ্ৰহে লোৱা ছবি শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

Posted On: 02 DEC 2022 6:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ উৎক্ষেপণ কৰা ইঅ’এছ-০৬ (EOS-06) উপগ্ৰহে লোৱা ছবি শ্বেয়াৰ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ প্ৰযুক্তিৰ জগতখনত এনে অগ্ৰগতিসমূহে ঘূৰ্ণীবতাহৰ সঠিক ভৱিষ্যদ্বাণী কৰাত সহায় আৰু উপকূলীয় অৰ্থনীতিকো প্ৰোৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“অলপতে উৎক্ষেপণ কৰা ইঅ’এছ-০৬ উপগ্ৰহে লোৱা ছবি দেখিছেনে? গুজৰাটৰ কিছু সুন্দৰ ছবি শ্বেয়াৰ কৰিছো। মহাকাশ প্ৰযুক্তিৰ জগতখনত এনে অগ্ৰগতিসমূহে আমাক ঘূৰ্ণীবতাহৰ সঠিক ভৱিষ্যদ্বাণী কৰাত সহায় আৰু আমাৰ উপকূলীয় অৰ্থনীতিকো প্ৰোৎসাহিত কৰিব।”

***

DS/TS/SB



(Release ID: 1880736) Visitor Counter : 117