বিত্ত মন্ত্ৰালয়

জিএছটি ক্ষতিপুৰণ হিচাপে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ১৭,০০০ কোটি টকা মুকলি কৰিলে কেন্দ্ৰই

Posted On: 25 NOV 2022 4:11PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে ২৪ নৱেম্বৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ১৭,০০০ কোটি টকা প্ৰদান কৰি ২০২২ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে বাকী থকা জিএছটি ক্ষতিপূৰণৰ হিচাপে ধন মুকলি কৰি দিয়ে৷  ২০২২-২৩ বৰ্ষৰ ভিতৰত পূৰ্বতে উল্লেখ কৰা ধনকে ধৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এতিয়ালৈকে মুকলি কৰা মুঠ ক্ষতিপূৰণৰ পৰিমাণ ১,১৫,৬৬২ কোটি টকা।

২০২২ৰ অক্টোবৰলৈকে মুঠ উপকৰ মাত্ৰ ৭২,১৪৭ কোটি টকা সংগ্ৰহ কৰা সত্ত্বেও বাকী থকা ৪৩,৫১৫ কোটি টকা কেন্দ্ৰীয় চৰকাৰে নিজৰ সম্পদৰ পৰা মুকলি কৰি দিয়ে৷ কেন্দ্ৰীয় চৰকাৰে এই বছৰ মাৰ্চৰ শেষলৈকে আনুমানিক উপকৰ সংগ্ৰহ সমগ্ৰ ধন ৰাজ্যসমূহক ক্ষতিপূৰণ হিচাপে আগতীয়াকৈ মুকলি কৰি দিছে৷ এই সিদ্ধান্ত ৰাজ্যসমূহক তেওঁলোকৰ সম্পদ পৰিচালনা আৰু বিত্তীয় বৰ্ষৰ ভিতৰত তেওঁলোকৰ কাৰ্যসূচী বিশেষকৈ মূলধনৰ ব্যয় যাতে সফলতাৰে সম্পন্ন কৰা হয় তাৰ বাবে সহায় কৰিবলৈ লোৱা হৈছে।

আনকি চলিত বৰ্ষৰ মে’ মাহতো কেন্দ্ৰীয় চৰকাৰে ৮৬,৯১২ কোটি টকাৰ সাময়িক জিএছটি ক্ষতিপূৰণ হিচাপে ২০২২ৰ ফেব্ৰুৱাৰী-মে’ৰ বাবে ৰাজ্যসমূহক ক্ষতিপূৰণ হিচাপে প্ৰদান কৰা হৈছিল যদিও এই পৰিমাণ মাত্ৰ ২৫,০০০ কোটি টকা আছিল৷ বাকী জিএছটি ক্ষতিপূৰণ হিচাপে নিজৰ সম্পদৰ পৰা ৬২ হাজাৰ কোটি টকা প্ৰদানৰ ব্যৱস্থা কৰে কেন্দ্ৰীয় চৰকাৰে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম

(কোটি টকাৰ হিচাপত)

অন্ধ্ৰপ্ৰদেশ

৬৮২

অসম

১৯২

বিহাৰ

৯১

চত্তীশগড়

৫০০

দিল্লী

১,২০০

গোৱা

১১৯

গুজৰাট

৮৫৬

হাৰিয়ানা

৬২২

হিমাচলপ্ৰদেশ

২২৬

জম্মু আৰু কাশ্মীৰ

২০৮

ঝাৰখণ্ড

৩৩৮

কৰ্ণাটক

১,৯১৫

কেৰালা

৭৭৩

মধ্যপ্ৰদেশ

৭২২

মহাৰাষ্ট্ৰ

২,০৮১

ওড়িশা

৫২৪

পুডুচেৰী

৭৩

পাঞ্জাৱ

৯৮৪

ৰাজস্থান

৮০৬

তামিলনাডু

১,১৮৮

তেলেংগানা

৫৪২

উত্তৰপ্ৰদেশ

১,২০২

উত্তৰাখণ্ড

৩৪২

পশ্চিমবংগ

৮১৪

সৰ্বমুঠ

১৭,০০০

 

***

RM/PPG/KMN/DB



(Release ID: 1879715) Visitor Counter : 113