প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৭.১১.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 27 NOV 2022 11:44AM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ

মই আপোনালোক সকলোকে 'মন কী বাত'লৈ আকৌ এবাৰ উষ্ম আদৰণি জনাইছো। এই কাৰ্যসূচীটোৰ আজি হৈছে ৯৫ তম খণ্ড। আমি দ্ৰুতগতিত 'মন কী বাত'ৰ শতকৰ দিশে আগবাঢ়িছো। এই কাৰ্যসূচী মোৰ বাবে ১৩০ কোটি দেশবাসীৰ সৈতে সংযোগ স্থাপনৰ আন এটা মাধ্যম। প্ৰতিটো খণ্ডৰ পূৰ্বে, গাওঁ আৰু চহৰৰ পৰা অহা চিঠি পঢ়া, শিশুৰ পৰা জ্যেষ্ঠসকলৰ অডিঅ' বাৰ্তা শুনা; এইটো মোৰ বাবে এক আধ্যাত্মিক অভিজ্ঞতাৰ দৰে।

বন্ধুসকল, মই এক অনন্য উপহাৰৰ কথা উল্লেখ কৰি আজিৰ কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। তেলেংগানাৰ ৰাজান্না চিৰচিলা জিলাত এগৰাকী শিপিনী ভাতৃ আছে - য়েলধিহৰিপ্ৰসাদ গাৰু। তেওঁ মোলৈ এই জি-২০ ল’গ’টো নিজৰ হাতেৰে বুই প্ৰেৰণ কৰিছে। এই আশ্চৰ্যকৰ উপহাৰটো দেখি মই আচৰিত হৈছিলো। হৰিপ্ৰসাদজী তেওঁৰ কলাত এনে সিদ্ধহস্ত যে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। হৰিপ্ৰসাদজীয়ে মোক এই হাতেৰে বোৱা জি-২০ ল’গ’ৰ সৈতে এখন চিঠিও প্ৰেৰণ কৰিছে। ইয়াত তেওঁ লিখিছে যে অহা বছৰ জি-২০ সন্মিলন আয়োজন কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়। দেশৰ এই সাফল্যৰ আনন্দৰ মাজতে তেওঁ নিজৰ হাতেৰে বুই জি-২০ৰ এই ল’গ’ প্ৰস্তুত কৰিছে। তেওঁ দেউতাকৰ পৰা বয়নৰ এই আশ্চৰ্যকৰ প্ৰতিভা উত্তৰাধিকাৰীসূত্ৰে লাভ কৰিছে আৰু আজি তেওঁ সম্পূৰ্ণ আবেগেৰে ইয়াত জড়িত হৈ পৰিছে।

বন্ধুসকল, কেইদিনমান পূৰ্বে মই জি-২০ ল’ গ’আৰু ভাৰতৰ অধ্যক্ষতাৰ ৱেবছাইট মুকলি কৰাৰ সৌভাগ্য লাভ কৰিছিলো। এই ল’গ’টো ৰাজহুৱা প্ৰতিযোগিতাৰ জৰিয়তে বাছনি কৰা হৈছিল। হৰিপ্ৰসাদ গাৰুৰ দ্বাৰা পঠিওৱা এই উপহাৰটো পাই মোৰ মনলৈ আন এটা চিন্তা আহিল। তেলেংগানা জিলাৰ এখন জিলাত বহি থকা এজন ব্যক্তিয়েও জি-২০ৰ দৰে সন্মিলনৰ সৈতে কিমান সম্পৰ্কিত অনুভৱ কৰিব পাৰে সেয়া দেখি মই অত্যন্ত সুখী হৈছোঁ। আজি হৰিপ্ৰসাদ গাৰুৰ দৰে বহুলোকে মোলৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে দেশখনত ইমান ডাঙৰ সন্মিলন আয়োজন কৰা দেখি তেওঁলোকৰ হৃদয় গৌৰৱেৰে ফুলি উঠিছে। মই আপোনালোকৰ সন্মুখত পুনেৰ চুব্বা ৰাও চিল্লাৰাজী আৰু কলকাতাৰ তুষাৰ জগমোহনৰ বাৰ্তাটোও উল্লেখ কৰিম। তেওঁলোকে জি-২০ সন্দৰ্ভত ভাৰতৰ সক্ৰিয় প্ৰচেষ্টাক যথেষ্ট প্ৰশংসা কৰিছে।

বন্ধুসকল, জি-২০-ৰ অংশীদাৰীত্বত বিশ্বৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ, বিশ্ব বাণিজ্যৰ তিনি-চতুৰ্থাংশ, আৰু বিশ্বৰ জিডিপিৰ ৮৫% আছে। আপুনি কল্পনা কৰিব পাৰে - ভাৰতে ইমান ডাঙৰ গোট, ইমান শক্তিশালী গোটৰ অধ্যক্ষতা কৰিবলৈ গৈ আছে, এতিয়াৰে পৰা ৩দিন পিছৰে পৰা অৰ্থাৎ ডিচেম্বৰৰ তাৰিখৰ পৰা। ভাৰতৰ বাবে, প্ৰতিজন ভাৰতীয়ৰ বাবে কি এক মহান সুযোগ আহিছে! এইটো আৰু অধিক বিশেষ হৈ পৰিছে কাৰণ আজাদী কা অমৃত কালৰ সময়ত ভাৰতক এই দায়িত্ব প্ৰদান কৰা হৈছে।

বন্ধুসকল, জি-২০ৰ অধ্যক্ষতা আমাৰ বাবে এক ডাঙৰ সুযোগ হিচাপে বিবেচিত হৈছে। আমি এই সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব লাগিব আৰু গোলকীয় কল্যাণ, বিশ্ব কল্যাণৰ ওপৰত গুৰুত্ব দিব লাগিব। শান্তি হওক বা ঐক্য, পৰিৱেশৰ প্ৰতি সংবেদনশীলতা হওক বা বহনক্ষম উন্নয়ন, ভাৰতৰ ওচৰত এইবোৰৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বানৰ সমাধান আছে। আমি প্ৰদান কৰা "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত" বিষয়টোৱে বসুধৈৱ কুটুম্বকমৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। আমি সদায় কওঁ –

ওম সৰ্বেশম স্বস্তিৰভৱতু।

সৰ্বেশম শান্তি ভৱতু।

সৰ্বেশম পূৰ্ণমভৱতু।

সৰ্বেশম মংগলমভৱতু।

ওম শান্তি: শান্তি: শান্তি: ॥

 

অৰ্থাৎ সকলোৰে কল্যাণ, সকলোৰে বাবে শান্তি, সকলোৰে বাবে পৰিপূৰ্ণতা তথা সকলোৰে বাবে কল্যাণ হ’ব লাগে। অনাগত দিনত দেশৰ বিভিন্ন প্ৰান্তত জি-২০ সম্পৰ্কীয় বহুতো কাৰ্যসূচী আয়োজন কৰা হ'ব। এই সময়ছোৱাত, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আপোনালোকৰ ৰাজ্য ভ্ৰমণ কৰাৰ সুযোগ পাব। মই নিশ্চিত যে আপোনালোকে আপোনালোকৰ সংস্কৃতিৰ বিবিধ আৰু স্বকীয় ৰং বিশ্বৰ সন্মুখলৈ আনিব আৰু আপোনালোকে এইটোও মনত ৰাখিব লাগিব যে জি-২০লৈ অহা লোকসকল, আনকি তেওঁলোক এতিয়া প্ৰতিনিধি হিচাপে আহিলেও তেওঁলোক হ’ল ভৱিষ্যতৰ পৰ্যটক। মই আপোনালোক সকলোকে, বিশেষকৈ মোৰ যুৱ বন্ধুসকলক আৰু এটা বিষয়ত অনুৰোধ জনাইছো। হৰিপ্ৰসাদ গাৰুৰ দৰে, আপোনালোকেও যিকোনো প্ৰকাৰে জি-২০ত যোগদান কৰক। জি-২০ৰ ভাৰতীয় ল’গ’টো কাপোৰৰ ওপৰত অতি নিমজভাৱে, আড়ম্বৰপূৰ্ণভাৱে প্ৰিণ্ট কৰিব পাৰি। মই বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক তেওঁলোকৰ নিজ নিজ স্থানত জি-২০ সম্পৰ্কীয় আলোচনা, বিতৰ্ক আৰু প্ৰতিযোগিতাৰ সুযোগ সৃষ্টি কৰিবলৈও অনুৰোধ জনাইছো। যদি আপোনালোকে G20.in ৱেবছাইট পৰিদৰ্শন কৰে, আপোনালোকে নিজৰ আগ্ৰহ অনুসৰি তাত বহুতো বস্তু পাব।

মোৰ মৰমৰ দেশবাসীসকল, ১৮ নৱেম্বৰত সমগ্ৰ দেশে মহাকাশ খণ্ডত নতুন ইতিহাস ৰচনা কৰা প্ৰত্যক্ষ কৰিছিল। সেই দিনটোতে, ভাৰতে মহাকাশলৈ এনে ধৰণৰ প্ৰথম ৰকেট প্ৰেৰণ কৰে, যাক ভাৰতৰ ব্যক্তিগত খণ্ডই ডিজাইন আৰু প্ৰস্তুত কৰিছিল। এই ৰকেটটোৰ নাম হৈছে – 'বিক্ৰম-এছ'। থলুৱা স্পেচ ষ্টাৰ্ট-আপৰ এই প্ৰথম ৰকেটটোৱে শ্ৰীহৰিকোটাৰ পৰা এক ঐতিহাসিক উৰণ কৰাৰ লগে লগে প্ৰতিজন ভাৰতীয়ৰ হৃদয় গৌৰৱেৰে ফুলি উঠিছিল।

বন্ধুসকল, 'বিক্ৰম-এছ' ৰকেট বহুতো বৈশিষ্ট্যৰে সজ্জিত। আন ৰকেটতকৈ পাতল আৰু লগতে সস্তা। মহাকাশ অভিযানৰ সৈতে জড়িত আন দেশবোৰে বহন কৰা ব্যয়তকৈ ইয়াৰ বিকাশ ব্যয় বহুত কম। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত কম খৰচত বিশ্বমানৰ মানদণ্ড এতিয়া ভাৰতৰ বিশেষত্ব হৈ পৰিছে। এই ৰকেটটো তৈয়াৰ কৰাত আন এটা আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে এই ৰকেটৰ কিছুমান গুৰুত্বপূৰ্ণ অংশ ত্ৰিমাত্ৰিক মুদ্ৰণৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে। নিশ্চিতভাৱে, 'বিক্ৰম-এছ'ৰ উৎক্ষেপণ অভিযানক দিয়া 'প্ৰাৰম্ভ' নামটো ইয়াৰ সৈতে সম্পূৰ্ণৰূপে খাপ খায়। এইটোৱে ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰে। এয়া হৈছে দেশৰ বাবে আত্মবিশ্বাসেৰে পৰিপূৰ্ণ এক নতুন যুগৰ আৰম্ভণি। আপোনালোকে কল্পনা কৰিব পাৰে যে যিসকল শিশুৱে এসময়ত কাগজৰ বিমান তৈয়াৰ কৰিছিল আৰু হাতেৰে সেইবোৰ উৰুৱাইছিল, তেওঁলোকে এতিয়া ভাৰতত বিমান বনোৱাৰ সুযোগ পাইছে। আপোনালোকে কল্পনা কৰিব পাৰে যে যিসকল শিশুৱে এসময়ত আকাশৰ ছবি আঁকিছিল, চন্দ্ৰ আৰু তৰাবোৰলৈ চাইছিল, তেওঁলোকে এতিয়া ভাৰতত ৰকেট বনোৱাৰ সুযোগ পাইছে। ব্যক্তিগত খণ্ডৰ বাবে এই ক্ষেত্ৰ মুকলি কৰাৰ পিছত যুৱসকলৰ এই সপোনবোৰো সঁচা হৈ আহিছে। যেন ৰকেট তৈয়াৰ কৰা এই যুৱসকলে কৈছে, আকাশেই সীমা নহয়।

বন্ধুসকল, ভাৰতে মহাকাশ খণ্ডত ইয়াৰ সফলতা ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতেও ভাগ-বতৰা কৰি আছে। কালিয়েই ভাৰতে এটা উপগ্ৰহ উৎক্ষেপণ কৰিছে যাক ভাৰত আৰু ভূটানে যুটীয়াভাৱে বিকশিত কৰিছে। এই উপগ্ৰহটোৱে অতি ভাল ৰিজলিউশ্বনৰ ছবি প্ৰেৰণ কৰিব যি ভূটানক ইয়াৰ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাত সহায় কৰিব। এই উপগ্ৰহৰ উৎক্ষেপণ হৈছে শক্তিশালী ইণ্ডো-ভূটান সম্পৰ্কৰ প্ৰতিফলন।

বন্ধুসকল, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে 'মন কী বাত'ৰ অন্তিম কেইটামান খণ্ডত, আমি মহাকাশ, প্ৰযুক্তি, উদ্ভাৱনৰ ওপৰত যথেষ্ট আলোচনা কৰিছিলো। ইয়াৰ দুটা বিশেষ কাৰণ আছে: এটা হ'ল আমাৰ যুৱক-যুৱতীসকলে এই ক্ষেত্ৰত আশ্চৰ্যকৰ কাম কৰি আছে। তেওঁলোকে ডাঙৰ চিন্তা কৰি আছে আৰু বৃহৎ সফলতা লাভ কৰিছে। এতিয়া তেওঁলোকে সৰু সৰু সাফল্যত সন্তুষ্ট হ'ব নোৱাৰে। দ্বিতীয়তে, উদ্ভাৱন আৰু মূল্য সৃষ্টিৰ এই ৰোমাঞ্চকৰ যাত্ৰাত তেওঁলোকে আন যুৱ সহকৰ্মী আৰু ষ্টাৰ্ট-আপসকলকো উৎসাহিত কৰিছে।

বন্ধুসকল, যেতিয়া আমি প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত উদ্ভাৱনৰ কথা কওঁ, আমি ড্ৰোনবোৰৰ কথা কেনেকৈ পাহৰিব পাৰোঁ? ভাৰতেও ড্ৰোনৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। কেইদিনমান আগতে আমি দেখিছিলো যে হিমাচল প্ৰদেশৰ কিন্নৌৰত ড্ৰোনৰ জৰিয়তে কেনেদৰে আপেল পৰিবহণ কৰা হৈছিল। কিন্নৌৰ হিমাচলৰ এখন দূৰৱৰ্তী জিলা আৰু এই ঋতুত প্ৰচণ্ড তুষাৰপাত হৈছে। ইমান তুষাৰপাতৰ সৈতে, কিন্নৌৰৰ ৰাজ্যৰ বাকী অংশৰ সৈতে যোগাযোগ সেই সময়ছোৱাত অতি কঠিন হৈ পৰে। এনে পৰিস্থিতিত, তাৰ পৰা আপেল পৰিবহণ কৰাটোও সমানে কঠিন হৈ পৰে। এতিয়া ড্ৰোন প্ৰযুক্তিৰ সহায়ত হিমাচলৰ সুস্বাদু কিন্নৌৰী আপেল অধিক দ্ৰুততাৰে মানুহৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰিব। আমাৰ কৃষক ভাই-ভনীসকলৰ ব্যয় হ্ৰাস কৰিব - আপেল সময়মতে বজাৰত উপস্থিত হ'ব, আপেলৰ অপচয় কম হ'ব।

বন্ধুসকল, আজি আমাৰ দেশবাসীসকলে তেওঁলোকৰ উদ্ভাৱনৰ দ্বাৰা বস্তুবোৰ সম্ভৱ কৰি তুলিছে, যিটো আগতে কল্পনাও কৰিব পৰা নাছিল। এইটো দেখি কোনে সুখী নহ'ব? শেহতীয়া বছৰবোৰত, আমাৰ দেশে সফলতাৰ এক দীঘলীয়া পৰিক্ৰমা হাতত লৈছে। মোৰ সম্পূৰ্ণ বিশ্বাস যে আমি ভাৰতীয়সকল, বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম এতিয়া স্তব্ধ নহ'ম।

মৰমৰ দেশবাসীসকল, মই আপোনালোকৰ বাবে গানৰ এটা সৰু ক্লিপ বজাবলৈ গৈ আছো...

##(গীত)##

আপোনালোক সকলোৱে নিশ্চয় এই গানটো ক’ৰবাত নহয় কৰ’বাত শুনিছে। যি কি নহওক, এইটো বাপুৰ প্ৰিয় গান, কিন্তু যদি মই আপোনালোকক কওঁ যে এই গীতটো গোৱা গায়কসকল গ্ৰীচ দেশৰ, আপোনালোক নিশ্চিতভাৱে আচৰিত হ'ব! আৰু এইটোৱে আপোনালোকক গৌৰৱেৰে ভৰাই তুলিব। এই গানটো গ্ৰীচৰ যিজন গায়কে গাইছে তেওঁ হ’ল - 'কনষ্টাণ্টিনোছ কালাইটজিছ'। গান্ধীজীৰ ১৫০ তম জন্ম জয়ন্তী উদযাপনৰ সময়ত তেওঁ এইটো গাইছিল। কিন্তু আজি মই তেওঁক আন এটা কাৰণত আলোচনাৰ মাজলৈ টানি আনিছো। ভাৰত আৰু ভাৰতীয় সংগীতৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্ৰহ আছে। ভাৰতৰ প্ৰতি তেওঁৰ ইমান মৰম আছে, যে যোৱা ৪২ (বিয়াল্লিশ) বছৰত তেওঁ প্ৰায় প্ৰতি বছৰে ভাৰতলৈ আহিছে। তেওঁ ভাৰতীয় সংগীতৰ উৎপত্তি, বিভিন্ন ভাৰতীয় সংগীত প্ৰণালী, বিভিন্ন প্ৰকাৰৰ ৰাগ, তাল আৰু ৰসৰ লগতে বিভিন্ন ঘৰাণাৰ বিষয়ে অধ্যয়ন কৰিছে। তেওঁ ভাৰতীয় সংগীতৰ বহুতো মহান ব্যক্তিত্বৰ অৱদান অধ্যয়ন কৰিছে; তেওঁ ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ বিভিন্ন দিশবোৰো ভালদৰে বুজি পাইছে। এতিয়া তেওঁ ভাৰতৰ সৈতে সম্পৰ্কিত এই সকলোবোৰ অভিজ্ঞতা এখন কিতাপত অতি সুন্দৰভাৱে একত্ৰিত কৰিছে। তেওঁৰ ইণ্ডিয়ান মিউজিক নামৰ কিতাপখনত প্ৰায় ৭৬০ খন ছবি আছে। এই আলোকচিত্ৰসমূহৰ বেছিভাগেই তেওঁ নিজেই তুলিছে। আন দেশত ভাৰতীয় সংস্কৃতিৰ প্ৰতি এনে উৎসাহ আৰু আকৰ্ষণ সঁচাকৈয়ে আনন্দদায়ক।

বন্ধুসকল, কেইসপ্তাহমান পূৰ্বে আন এটা বাতৰি আহিছিল যিটোৱে আমাক গৌৰৱেৰে ভৰাই তুলিছে। আপোনালোকে জানি আনন্দিত হ'ব যে যোৱা বছৰত ভাৰতৰ পৰা বাদ্যযন্ত্ৰৰ ৰপ্তানি চাৰে তিনিগুণ বৃদ্ধি পাইছে। বৈদ্যুতিক বাদ্যযন্ত্ৰৰ ৰপ্তানি ৬০ গুণ বৃদ্ধি পাইছে। এইটোৱে দেখুৱাইছে যে ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ উন্মাদনা সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে। ভাৰতীয় বাদ্যযন্ত্ৰৰ আটাইতকৈ ডাঙৰ ক্ৰেতা হৈছে আমেৰিকা যুক্তৰাজ্য, জাৰ্মানী, ফ্ৰাঞ্চ, জাপান আৰু ইউকেৰ দৰে উন্নত দেশসমূহ। এইটো আমাৰ সকলোৰে বাবে ভাগ্যৰ বিষয় যে আমাৰ দেশৰ সংগীত, নৃত্য আৰু কলাৰ এনে বিশাল সমৃদ্ধ ঐতিহ্য আছে।

বন্ধুসকল, আমি সকলোৱে মহান ঋষি কবি ভাৰতৃহাৰীক তেওঁৰ 'নীতি শতক'ৰ বাবে জানো। এটা পদত তেওঁ কয় যে কলা, সংগীত আৰু সাহিত্যৰ প্ৰতি ব্যক্তিৰ আসক্তি হৈছে মানৱতাৰ প্ৰকৃত পৰিচয়। দৰাচলতে, আমাৰ সংস্কৃতিয়ে ইয়াক মানৱতাৰ ঊৰ্ধত, দৈৱত্বলৈ লৈ যায়। বেদত, সামবেদক আমাৰ বিবিধ সংগীতৰ উৎস বুলি কোৱা হৈছে। মা সৰস্বতীৰ বীণা হওক, ভগৱান কৃষ্ণৰ বাঁহী হওক বা ভোলেনাথৰ দম্বৰু হওক, আমাৰ দেৱ-দেৱীও সংগীতৰ সৈতে সংলগ্ন হৈ আছে। আমি ভাৰতীয়সকলে সকলোতে সংগীত বিচাৰি পাওঁ। নদীৰ গুঞ্জন, বৰষুণৰ টোপাল, চৰাইৰ চিঞৰ-বাখৰ বা বতাহৰ প্ৰতিধ্বনিৰ শব্দ, আমাৰ সভ্যতাৰ সকলো ঠাইতে সংগীত বিদ্যমান। এই সংগীতে কেৱল শৰীৰক শিথিল কৰাই নহয়, লগতে মনকো আনন্দ দিয়ে। সংগীতে আমাৰ সমাজকো একত্ৰিত কৰে। যদি ভাংৰা আৰু লাৱনীত উৎসাহ আৰু আনন্দৰ অনুভূতি থাকে, ৰবীন্দ্ৰ সংগীতে আমাৰ আত্মাক তুলি ধৰে। সমগ্ৰ দেশৰ জনজাতীয় লোকসকলৰ বিভিন্ন সংগীত পৰম্পৰা আছে। তেওঁলোকে আমাক ইজনে-সিজনৰ সৈতে আৰু প্ৰকৃতিৰ সৈতে মিলামিছাৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে।

বন্ধুসকল, আমাৰ সংগীতৰ প্ৰকাৰে কেৱল আমাৰ সংস্কৃতিক সমৃদ্ধ কৰাই নহয়, লগতে বিশ্বৰ সংগীতত এক অমলিন চাপো পেলাইছে। ভাৰতীয় সংগীতৰ খ্যাতি পৃথিৱীৰ প্ৰতিটো কোণলৈ বিয়পি পৰিছে। মোক আপোনালোকৰ বাবে আৰু এটা অডিঅ' ক্লিপ বজাবলৈ দিয়ক।

##(গীত)##

আপোনালোকে নিশ্চয় ভাবিছে যে চুবুৰীয়াৰ কোনো মন্দিৰত ভজন কীৰ্তন কৰা হৈছে। কিন্তু এই ধ্বনিবোৰ ভাৰতৰ পৰা হাজাৰ মাইল দূৰত থকা দক্ষিণ আমেৰিকাৰ দেশ গিয়েনাৰ পৰা আপোনালোকৰ ওচৰলৈ আহিছে। উনবিংশ আৰু বিংশ শতিকাত ইয়াৰ পৰা বহু সংখ্যক লোক গিয়েনালৈ গৈছিল। তেওঁলোকে ইয়াৰ পৰা ভাৰতৰ বহুতো পৰম্পৰাক লগত লৈ গৈছিল। উদাহৰণ স্বৰূপে, আমি ভাৰতত হোলী উদযাপন কৰো, গিয়েনাতো হোলীৰ ৰংবোৰ উৎসাহেৰে জীৱন্ত হৈ পৰে। য'ত হোলীৰ ৰং আছে, তাত ফাগৱাৰ সংগীতো আছে যাক ফাগুয়া বুলি কোৱা হয়। গিয়েনাৰ ফাগৱাত ভগৱান ৰাম আৰু ভগৱান কৃষ্ণৰ সৈতে সম্পৰ্কিত বিবাহৰ গান গোৱাৰ এক বিশেষ পৰম্পৰা আছে। এই গানবোৰক চৌতাল বুলি কোৱা হয়। সেইবোৰ একে ধৰণৰ সুৰত আৰু আমি ইয়াত কৰাৰ দৰে এটা উচ্চ পিটছত গোৱা হয়। কেৱল এয়াই নহয়, গিয়েনাতো চৌতাল প্ৰতিযোগিতা অনুষ্ঠিত হয়। একেদৰে, বহুতো ভাৰতীয়, বিশেষকৈ পূৱ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লোকসকলেও ফিজিলৈ প্ৰব্ৰজিত হৈছিল। তেওঁলোকে পৰম্পৰাগত ভজন-কীৰ্তন গাইছিল, মুখ্যতঃ ৰামচৰিতমানসৰ দোহা। তেওঁলোকে ফিজিত ভজন-কীৰ্তনৰ সৈতে সম্পৰ্কিত বহুতো মণ্ডলী গঠন কৰিছিল। আজিও ফিজিত ৰামায়ণ মণ্ডলী নামেৰে দুই হাজাৰৰো অধিক ভজন-কীৰ্তন মণ্ডলী আছে। আজি তেওঁলোকক প্ৰতিখন গাওঁ আৰু এলেকাত দেখা যায়।

মই ইয়াত মাত্ৰ কেইটামান উদাহৰণ দিছো। যদি আপোনালোকে সমগ্ৰ বিশ্বলৈ চাই, তেন্তে ভাৰতীয় সংগীতপ্ৰেমীসকলৰ এই তালিকাখন বহুত দীঘলীয়া হৈ পৰিব।

মোৰ মৰমৰ দেশবাসীসকল, আমি সকলোৱে সদায় গৌৰৱ কৰোঁ যে আমাৰ দেশখন বিশ্বৰ আটাইতকৈ প্ৰাচীন পৰম্পৰাৰ আলয়। সেয়েহে, আমাৰ পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞান সংৰক্ষণ কৰা, ইয়াক প্ৰচাৰ কৰা আৰু ইয়াক যিমান সম্ভৱ আগুৱাই নিয়াটো আমাৰ দায়িত্ব। আমাৰ উত্তৰ-পূবৰ ৰাজ্য নাগালেণ্ডৰ কিছুমান বন্ধুৰ দ্বাৰা এনে এক প্ৰশংসনীয় প্ৰচেষ্টা কৰা হৈছে। মই এই প্ৰচেষ্টাটো বহুত ভাল পাইছো, সেয়েহে মই ভাবিলো, মই ইয়াক 'মন কী বাত'ৰ শ্ৰোতাসকলৰ সৈতে ভাগ-বতৰা কৰিম।

বন্ধুসকল, নাগালেণ্ডৰ নাগা সম্প্ৰদায়ৰ জীৱনশৈলী, তেওঁলোকৰ কলা-সংস্কৃতি আৰু সংগীতে সকলোকে আকৰ্ষিত কৰে। এয়া আমাৰ দেশৰ গৌৰৱময় ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। এক বহনক্ষম জীৱনশৈলীৰ বাবে নাগালেণ্ডৰ জনসাধাৰণৰ জীৱন আৰু তেওঁলোকৰ দক্ষতাও অতি গুৰুত্বপূৰ্ণ। এই পৰম্পৰা আৰু দক্ষতাবোৰ সংৰক্ষণ কৰিবলৈ আৰু সেইবোৰ পৰৱৰ্তী প্ৰজন্মলৈ আগুৱাই নিবলৈ তাত থকা লোকসকলে এটা সংগঠন গঠন কৰিছে, সেইটো হৈছে 'লিডি-ক্ৰো-ইউ'। ' সংগঠনটোৱে নাগা সংস্কৃতিৰ সুন্দৰ দিশবোৰ পুনৰুজ্জীৱিত কৰাৰ কাম হাতত লৈছে যিবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছিল। উদাহৰণ স্বৰূপে, নাগা লোক সংগীত নিজেই এক অতি সমৃদ্ধ ধাৰা। এই সংগঠনটোৱে নাগা মিউজিক এলবাম মুকলি কৰাৰ কাম আৰম্ভ কৰিছে। এতিয়ালৈকে এনেকুৱা তিনিটা এলবাম মুকলি কৰা হৈছে। এই লোকসকলে লোক সংগীত আৰু লোক নৃত্যৰ সৈতে সম্পৰ্কিত কৰ্মশালাৰো আয়োজন কৰে। যুৱসকলকো এই সকলোবোৰৰ বাবে প্ৰশিক্ষণ দিয়া হয়। কেৱল এয়াই নহয়, যুৱসকলক পৰম্পৰাগত নাগালেণ্ড শৈলীৰ পোছাক নিৰ্মাণ, দৰ্জী আৰু বয়নৰ প্ৰশিক্ষণ দিয়া হয়। উত্তৰ-পূবত বাঁহৰ পৰা বহু প্ৰকাৰৰ সামগ্ৰী তৈয়াৰ কৰা হয়। নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক বাঁহৰ সামগ্ৰী তৈয়াৰ কৰিবলৈও শিকোৱা হয়। ইয়াৰ সৈতে, এই যুৱক-যুৱতীসকলে কেৱল তেওঁলোকৰ সংস্কৃতিৰ সৈতে সম্পৰ্কিতই নহয় বৰঞ্চ তেওঁলোকৰ বাবে নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰে। লিডি-ক্ৰ'-ইউৰ লোকসকলে অধিক সংখ্যক লোকক নাগা লোক-সংস্কৃতিৰ বিষয়ে জনাবলৈ চেষ্টা কৰে।

বন্ধুসকল, আপোনালোকৰ অঞ্চলতো এনে সাংস্কৃতিক শৈলী আৰু পৰম্পৰা থাকিব। আপোনালোকেও নিজ নিজ ক্ষেত্ৰত এনে ধৰণৰ প্ৰচেষ্টা কৰিব পাৰে। যদি আপোনালোকে কৰবাত এনে ধৰণৰ কোনো অনন্য প্ৰচেষ্টা কৰাৰ বিষয়ে অৱগত, তেন্তে আপোনালোকে সেই তথ্য মোৰ সৈতেও ভাগ-বতৰা কৰিব পাৰে।

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ ইয়াত কোৱা হৈছে-

বিদ্যাধনম সৰ্ব ধনম প্ৰধানম

অৰ্থাৎ কোনোবাই যদি জ্ঞান দান কৰিছে তেন্তে তেওঁ সমাজৰ স্বাৰ্থত আটাইতকৈ মহৎ কাম কৰি আছে। শিক্ষাৰ ক্ষেত্ৰত জ্বলি থকা এটা সৰু চাকিয়েও গোটেই সমাজখনক আলোকিত কৰিব পাৰে। আজি সমগ্ৰ দেশতে এনে ধৰণৰ বহুতো প্ৰচেষ্টা চলি থকা দেখি মই অত্যন্ত আনন্দিত হৈছো। বনচা হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা ৭০-৮০ কিলোমিটাৰ দূৰত হাৰদৈৰ এখন গাওঁ। মই এই গাঁৱৰ যতীন ললিত সিংজীৰ বিষয়ে জানিব পাৰিছো যি শিক্ষাৰ শিখা সৃষ্টি কৰাত নিয়োজিত হৈ আছে। যতীনজীয়ে দুবছৰ আগতে ইয়াত এটা 'কমিউনিটি লাইব্ৰেৰী এণ্ড ৰিছাৰ্চ চেণ্টাৰ' আৰম্ভ কৰিছিল।

তেওঁৰ কেন্দ্ৰত হিন্দী আৰু ইংৰাজী সাহিত্য, কম্পিউটাৰ, আইন আৰু বহুতো চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পৰ্কীয় ৩০০০ত কৈও অধিক কিতাপ আছে। এই পুথিভঁৰালত শিশুসকলৰ বাবে কিতাপ বাছনিৰ সম্পূৰ্ণ যত্ন লোৱা হৈছে। ইয়াত উপলব্ধ থকা কমিক কিতাপ বা শৈক্ষিক পুতলা, শিশুৱে সেইবোৰ খুব ভাল পায়। সৰু ল'ৰা-ছোৱালীবোৰে খেলি থাকোঁতে নতুন বস্তু শিকিবলৈ ইয়ালৈ আহে। অফলাইন হওক বা অনলাইন শিক্ষাই হওক, প্ৰায় ৪০ জন স্বেচ্ছাসেৱকে এই কেন্দ্ৰত শিক্ষাৰ্থীসকলক পথ প্ৰদৰ্শন কৰাত ব্যস্ত হৈ আছে। প্ৰতিদিনে গাওঁখনৰ প্ৰায় ৮০ জন শিক্ষাৰ্থী এই পুথিভঁৰাললৈ পঢ়িবলৈ আহে।

বন্ধুসকল, ঝাৰখণ্ডৰ সঞ্জয় কাশ্যপজীয়েও দৰিদ্ৰ শিশুৰ সপোনক নতুন ডেউকা প্ৰদান কৰিছে। ছাত্ৰ জীৱনত, সঞ্জয়জীয়ে ভাল কিতাপৰ অভাৱৰ সন্মুখীন হ'ব লগা হৈছিল। এনে পৰিস্থিতিত তেওঁ সিদ্ধান্ত লৈছিল যে কিতাপৰ অভাৱৰ বাবে তেওঁ নিজৰ অঞ্চলৰ শিশুসকলৰ ভৱিষ্যত অন্ধকাৰ হ'বলৈ নিদিয়ে। এই অভিযানৰ বাবে আজি তেওঁ ঝাৰখণ্ডৰ বহুতো জিলাৰ শিশুসকলৰ বাবে 'লাইব্ৰেৰী মেন' হৈ পৰিছে। যেতিয়া সঞ্জয়জীয়ে কাম কৰা আৰম্ভ কৰিছিল, তেওঁ প্ৰথম পুথিভঁৰালটো তেওঁৰ জন্মস্থানত নিৰ্মাণ কৰিছিল। চাকৰিৰ সময়ত তেওঁক য'তেই স্থানান্তৰ কৰা হৈছিল, ত’তেই তেওঁ দৰিদ্ৰ আৰু জনজাতীয় শিশুসকলৰ শিক্ষাৰ বাবে এটা পুথিভঁৰাল খোলাৰ অভিযানত জড়িত হৈছিল। ইয়াৰ দ্বাৰা তেওঁ ঝাৰখণ্ডৰ বহুতো জিলাত শিশুসকলৰ বাবে পুথিভঁৰাল মুকলি কৰিছে। পুথিভঁৰাল খোলাৰ তেওঁৰ লক্ষ্যই আজি এক সামাজিক আন্দোলনৰ ৰূপ লৈছে। সঞ্জয়জী হওক বা যতীন জীয়েই হওক, তেওঁলোকৰ এনে ধৰণৰ অজস্ৰ প্ৰচেষ্টাৰ বাবে মই তেওঁলোকক বিশেষভাৱে প্ৰশংসা কৰোঁ।

মোৰ মৰমৰ দেশবাসীসকল, চিকিৎসা বিজ্ঞানৰ জগতখনে গৱেষণা আৰু উদ্ভাৱনৰ লগতে অত্যাধুনিক প্ৰযুক্তি আৰু সঁজুলিৰ সহায়ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, কিন্তু কিছুমান ৰোগ আজিও আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ আছে। এনে এটা ৰোগ হৈছে - মাস্কুলাৰ ডিষ্ট্ৰোফি! ই হৈছে মুখ্যতঃ এক আনুবংশিক ৰোগ যি যিকোনো বয়সতে হ'ব পাৰে, য'ত শৰীৰৰ পেশী দুৰ্বল হ'বলৈ আৰম্ভ কৰে। ৰোগীৰ বাবে দৈনন্দিন জীৱনৰ সৰু কামবোৰ কৰাটো কঠিন হৈ পৰে। এনে ৰোগীৰ চিকিৎসা আৰু যত্নৰ বাবে যথেষ্ট সেৱাৰ প্ৰয়োজন। হিমাচল প্ৰদেশৰ চোলানত আমাৰ এনে এটা কেন্দ্ৰ আছে যি মাস্কুলাৰ ডিষ্ট্ৰোফিৰ ৰোগীসকলৰ বাবে এক নতুন আশাৰ কিৰণ হৈ পৰিছে। এই কেন্দ্ৰটোৰ নাম হৈছে 'মানৱ মন্দিৰ'; এইটো ইণ্ডিয়ান এছ'চিয়েচন অব্ মাস্কুলাৰ ডিষ্ট্ৰোফিৰ দ্বাৰা পৰিচালিত। মানৱ মন্দিৰ মানৱ সেৱাৰ এক আশ্চৰ্যকৰ উদাহৰণ। ৰোগীসকলৰ বাবে অ'পিডি আৰু পঞ্জীয়ন সেৱা তিনি-চাৰি বছৰ আগতে ইয়াত আৰম্ভ হৈছিল। মানৱ মন্দিৰত প্ৰায় ৫০ জন ৰোগীৰ বাবে বিচনাৰ সুবিধাও আছে। ফিজিঅ'থেৰাপী, ইলেক্ট্ৰথেৰাপী আৰু হাইড্ৰ'থেৰাপীৰ লগতে ইয়াত যোগ-প্ৰাণায়ামৰ সহায়ত ৰোগৰ চিকিৎসা কৰা হয়।

 বন্ধুসকল, সকলো ধৰণৰ হাই-টেক সুবিধাৰ জৰিয়তে এই কেন্দ্ৰটোৱে ৰোগীসকলৰ জীৱনলৈ এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে। মাস্কুলাৰ ডিষ্ট্ৰোফিৰ সৈতে সম্পৰ্কিত আন এটা প্ৰত্যাহ্বান হ’ল ইয়াৰ বিষয়ে সজাগতাৰ অভাৱ। সেয়েহে, এই কেন্দ্ৰটোৱে কেৱল হিমাচল প্ৰদেশতেই নহয়, সমগ্ৰ দেশতে ৰোগীসকলৰ বাবে সজাগতা শিবিৰৰ আয়োজন কৰে। আটাইতকৈ উৎসাহজনক কথাটো হ'ল যে এই সংগঠনটোৰ পৰিচালনা মুখ্যতঃ এই ৰোগত আক্ৰান্ত লোকসকলৰ দ্বাৰা কৰা হয়, যেনে সমাজকৰ্মী, উৰ্মিলা বালদিজী, ইণ্ডিয়ান এছ'চিয়েচন অব্ মাস্কুলাৰ ডিষ্ট্ৰোফিৰ অধ্যক্ষা চিষ্টাৰ সঞ্জনা গোৱেল জী আৰু এই সংগঠনৰ আন সদস্যসকলে। প্ৰতিষ্ঠানটোৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শ্ৰীমান বিপুল গোৱেলে এই প্ৰতিষ্ঠানটোৰ বাবে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। মানৱ মন্দিৰক চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ প্ৰচেষ্টাও চলি আছে। ইয়াৰ সৈতে, ৰোগীসকলে ইয়াত উন্নত চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব। মই এই দিশত চেষ্টা কৰি থকা সকলো লোকক হৃদয়েৰে প্ৰশংসা কৰিছো, লগতে মাস্কুলাৰ ডিষ্ট্ৰোফিত ভুগি থকা সকলো লোকৰ আৰোগ্যৰ বাবে শুভকামনা জনাইছো।

মোৰ মৰমৰ দেশবাসীসকল, আজিৰ 'মন কী বাত'ত আমি আলোচনা কৰা দেশবাসীৰ সৃষ্টিশীল আৰু সামাজিক প্ৰচেষ্টা হৈছে দেশৰ শক্তি আৰু উৎসাহৰ উদাহৰণ। আজি প্ৰতিজন দেশবাসীয়ে প্ৰতিটো স্তৰত বা আন ক্ষেত্ৰত দেশৰ বাবে পৃথক কাম কৰিবলৈ চেষ্টা কৰি আছে। আজিৰ আলোচনাত আমি দেখিলো যে জি-২০ৰ দৰে এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত আমাৰ এগৰাকী শিপিনী সতীৰ্থই তেওঁৰ দায়িত্ব বুজি পাইছে আৰু ইয়াক পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে। একেদৰে, কিছুমানে পৰিৱেশৰ বাবে প্ৰচেষ্টা চলাই আছে, আন কিছুমানে পানীৰ বাবে কাম কৰি আছে; বহুলোকে অসাধাৰণ কাম কৰি আছে... শিক্ষা, ঔষধ আৰু বিজ্ঞান প্ৰযুক্তিৰ পৰা সংস্কৃতি-পৰম্পৰালৈকে। ইয়াৰ কাৰণ হৈছে, আজি আমাৰ প্ৰতিজন নাগৰিকে নিজৰ কৰ্তব্য উপলব্ধি কৰিছে। যেতিয়া এখন ৰাষ্ট্ৰৰ নাগৰিকৰ মাজত এনে কৰ্তব্যবোধ বৃদ্ধি পায়, ইয়াৰ সোণালী ভৱিষ্যত স্বয়ংক্ৰিয়ভাৱে নিশ্চিত হয় আৰু দেশৰ সোণালী ভৱিষ্যত স্বয়ং আমাৰ সকলোৰে বাবে এক সোণালী ভৱিষ্যত।

মই আকৌ এবাৰ দেশবাসীসকলক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অভিবাদন জনাইছো। আমি অহা মাহত পুনৰ লগ পাম আৰু নিশ্চিতভাৱে এনে ধৰণৰ আৰু বহুতো উৎসাহজনক বিষয়ৰ বিষয়ে কথা পাতিম। আপোনালোকৰ পৰামৰ্শ আৰু চিন্তাধাৰা মোলৈ প্ৰেৰণ কৰি থাকিব। আপোনালোক সকলোকে অশেষ ধন্যবাদ!

***

DS/SH/VK/MANN



(Release ID: 1879379) Visitor Counter : 135