কেবিনেট
azadi ka amrit mahotsav

২০২২-২৩ ৰবি শস্যৰ বতৰত ১ অক্টোবৰ, ২০২২ৰ পৰা ৩১ মাৰ্চ, ২০২৩লৈকে ফচফেটিক আৰু পটাচিক সাৰৰ পুষ্টিভিত্তিক ৰাজসাহাৰ্য হাৰত কেবিনেটৰ অনুমোদন


৫১,৮৭৫ কোটি টকা ৰাজসাহাৰ্যত অনুমোদন

प्रविष्टि तिथि: 02 NOV 2022 3:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বিভিন্ন পুষ্টিভিত্তিক পদাৰ্থৰ বিপৰীতে সাৰ বিভাগৰ প্ৰস্তাৱত প্ৰতি কিলোগ্ৰাম হাৰৰ বাবে অৰ্থাৎ নাইট্ৰজেন (এন), ফছফৰাছ (পি), পটাছ (কে)আৰু ছালফাৰ (এছ) (ৰবি শস্যৰ বতৰ–২০২২-২৩ (০১.১০.২০২২ৰ পৰা ৩১.০৩.২০২৩লৈ)ৰ বাবে ফছফেটিক আৰু পটাচিক (পিএণ্ডকে) সাৰৰ বাবে) ৰাজসাহাৰ্য তলত দিয়া ধৰণে অনুমোদন জনাইছেঃ

 

বছৰ

প্ৰতি কিলোগ্ৰামত টকাৰ হিচাপত

এন

পি

কে

এছ

(ৰবি শস্যৰ বতৰ–২০২২-২৩ (০১.১০.২০২২ৰ পৰা ৩১.০৩.২০২৩লৈ)

৯৮.০২

৬৬.৯৩

২৩.৬৫

৬.১২

 

আৰ্থিক ব্যয়:

এনবিএছ ৰবি-২০২২ (০১.১০.২০২২ৰ পৰা ৩১.০৩.২০২৩লৈ)ৰ বাবে মালবাহী ৰাজসাহায্যৰ জৰিয়তে থলুৱা সাৰ (এছএছপি)ৰ সমৰ্থনকে ধৰি ৫১,৮৭৫ কোটি টকাৰ ৰাজসাহায্যত কেবিনেটে  অনুমোদন জনাইছে।

লাভসমূহঃ

ইয়াৰ দ্বাৰা সাৰৰ ৰাজসাহায্যযুক্ত/সুলভ মূল্যত ২০২২-২৩ ৰবি বৰ্ষত কৃষকসকলৰ বাবে সকলো পি এণ্ড কে সাৰ সুচাৰুৰূপে উপলব্ধ হ’ব আৰু কৃষি খণ্ডত সহায়ক হ’ব। কেন্দ্ৰীয় চৰকাৰে সাৰ আৰু কেঁচামালৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ অস্থিৰতাৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈছে।

***

DS/DB


(रिलीज़ आईडी: 1879189) आगंतुक पटल : 224
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Tamil , Kannada , Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Telugu