তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘আইএফএফআই’-ত প্ৰীমিয়াৰ হ’ব ‘ফৌদা এছ৪’-ৰ

Posted On: 20 NOV 2022 12:58PM by PIB Guwahati

‘ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ’(আইএফএফআই)ত প্ৰীমিয়াৰ অনুষ্ঠিত হ’ব ‘ফৌডা এছ৪’ৰ। ধাৰাবাহিক খনৰ প্ৰথমটো খণ্ড লৈ ‘আইএফএফআই’-লৈ আহিব নিৰ্মাতা আৰু কাৰ্যবাহী প্ৰযোজক ক্ৰমে লিঅ’ৰ ৰাজ আৰু এৱি আইজাচৰফ।

‘নেটফ্লিক্স’-ৰ মাধ্যমেৰে পৃথিৱী জুৰি সম্প্ৰচাৰিত হ’বলগীয়া শৃংখলাটোৰ আৰম্ভ হ’ব ২০২৩চনত। অহা ২৭ নৱেম্বৰৰ দেওবাৰে মহোত্সৱৰ তাৰকা-সমৃদ্ধ সমবেতসকলৰ সন্মুখত ইয়াৰ প্ৰীমিয়াৰ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব।

নিৰ্মাতা আৰু কাৰ্যবাহী প্ৰযোজক ক্ৰমে লিঅ’ৰ ৰাজ আৰু এৱি আইজাচৰফে কয়, ‘‘ফৌডা ছিজন-৪’ৰ ‘এছীয়ান প্ৰীমিয়াৰ’ৰ বাবে ভাৰতলৈ আহিবলৈ আমি উদগ্ৰীৱ হৈ আছো। এয়া আশ্চৰ্যকৰ যে ভাৰতীয় অনুৰাগীসকলক  এইবেলিৰ কাহিনীটোৱে খুবেই আকৰ্ষিত কৰিব আৰু বিগত চাৰিটা ছিজনত প্ৰদৰ্শন কৰা চেনেহ আৰু সমৰ্থনক সঁচাকৈয়ে প্ৰশংসা কৰিছো। ‘চিজন-৪’ৰ প্ৰতিক্ৰিয়া চোৱাৰ বাবে আমি অপেক্ষা কৰিব নোৱাৰো”।

এই উদ্যোগৰ প্ৰশংসা কৰা ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয়, “এক শৈল্পিক প্ৰচেষ্টা সফল কৰাৰ বাবে কোনো গোপন মন্ত্ৰ নাই। ‘আইএফএফআই’-ত সকলো প্ৰান্ত, জাতি-জনগোষ্ঠী আৰু সংস্কৃতি, ভিন্ন ভাষাৰ অনন্য কাহিনীসমূহক সন্মানিত কৰাৰ লগতে উদযাপন কৰা হৈছে। ‘অ’টিটি’-য়ে তেওঁলোকৰ প্ৰীমিয়াৰ অনুষ্ঠিত কৰাৰ বাবে আগুৱাই আহিছে, তেওঁলোকৰ বৃতান্ত বৰ্ণোৱাৰ বাবে এই মহোত্সৱলৈ অহা কথাই বিশ্বলৈ নতুন আখ্যান, সৃজনশীল ধাৰণা, আৰু নতুন দৃষ্টভংগী দিয়াৰ বাবে আমাৰ প্ৰচেষ্টাক ফলপ্ৰসূ কৰিব। ইজৰাইলৰ সৈতে আমাৰ দৃশ্য-শ্ৰাব্য সম্পৰ্কীয় প্ৰভাৱশালী চুক্তি আছে আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰসিদ্ধি লভা এইটো অঞ্চলৰ তাৰকাসকলক এইবেলিৰ ৫৩ সংখ্যক ‘আইএফএফআই’-লৈ আদৰিবলৈ পায় নথৈ আনন্দিত হৈছো”।

‘ফৌডা ছিজন-৪’ৰ কাহিনীভাগে ইজৰাইলৰ পৰিসীমা অতিক্ৰম কৰিব যত ‘ডোৰন’(লিঅ’ৰ ৰাজ)য়ে এটা ভাবুকিৰ অনুসৰণ কৰিবলৈ গৈ তেওঁৰ আটাইতকৈ বিপজ্জনক অভিযানটোৰ বাবে মহাদেশৰ পৰিসীমা অতিক্ৰম কৰিবলগীয়া হ’ব।

‘নেটফ্লিক্স’-ত ইজৰাইলী কাহিনীৰ সৰ্বাধিক জনপ্ৰিয়তা থকা শীৰ্ষৰ ২০ খনৰ দেশৰ অন্যতম হৈছে ভাৰত আৰু পৃথিৱী জুৰি জনপ্ৰিয়তা থকা ইজৰাইলী কাহিনী ‘ফৌডা(ছিজন-১-৩)’ৰ ৯০% দৰ্শকেই কিন্তু ইজৰাইলৰ বাহিৰৰ।

‘নেটফ্লিক্স’ৰ বিষয়ে

নেটফ্লিক্স হৈছে ১৯০খন দেশত ২২৩ নিযুত মাচুল দি ভৰ্তি হোৱা সদস্য থকা পৃথিৱীৰ শীৰ্ষস্থানীয় বিনোদন সেৱা। ইয়াৰ জৰিয়তে বিস্তৃত পৰিসৰ, ভিন্ন ৰুচী আৰু ভাষাৰ টিভি শৃংখলা, কাহিনী ছবি চোৱাৰ আৰু মোবাইল গে’ম খেলাৰ সুযোগ গ্ৰহণ কৰিব পাৰি। সদস্যসকলে এই মঞ্চত যিকোনো স্থানৰ পৰাই, যিকোনো সময় আৰু যেতিয়াই বিচাৰে ইচ্ছানুসৰি খেলিব পাৰে, আধাতে ৰখাই থ’ব পাৰে আৰু পুনৰ মোকলাই এৰাৰ পৰা খেলাৰ বা চোৱাৰ সুযোগ গ্ৰহণ কৰিব পাৰে।


***

PIB IFFI CAST AND CREW | Nadeem/Sriyanka/Darshana | IFFI 53 -41/KB



(Release ID: 1878496) Visitor Counter : 147