প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৫ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে


লাচিত বৰফুকন আহোম সাম্ৰাজ্যৰ প্ৰধান সেনাপতি আছিল, যি ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত মোগলক পৰাজিত কৰিছিল

Posted On: 24 NOV 2022 11:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ নৱেম্বৰ, ২০২২ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে অখ্যাত বীৰসকলক উপযুক্তভাৱে সন্মান জনাবলৈ অহৰহ প্ৰচেষ্টা হাতত লৈ আহিছে। ইয়াৰ লগত সংগতি ৰাখি দেশে ২০২২ চনটো লাচিত বৰফুকনৰ ৪০০সংখ্যক বাৰ্ষিকী হিচাপে উদযাপন কৰিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে গুৱাহাটীত এই উদযাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল৷

লাচিত বৰফুকন (২৪ নৱেম্বৰ, ১৬২২—২৫ এপ্ৰিল, ১৬৭২) আছিল অসমৰ আহোম সাম্ৰাজ্যৰ প্ৰধান সেনাপতি আছিল, যি মোগলক পৰাস্ত কৰি ঔৰংজেৱৰ অধীনত মোগলৰ নিত্য সম্প্ৰসাৰিত উচ্চাকাংক্ষা সফলতাৰে অন্ত পেলাইছিল। লাচিত বৰফুকনে ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যক অনুপ্ৰাণিত কৰি, মোগলক পৰাজিত কৰিছিল৷ লাচিত বৰফুকন আৰু তেওঁৰ সেনাবাহিনীৰ  সাহসী যুঁদ্ধখন আমাৰ দেশৰ ইতিহাসত প্ৰতিৰোধৰ অন্যতম প্ৰেৰণাদায়ক সামৰিক কৃতিত্ব হৈ ৰৈছে৷

***

DS/ST/DB



(Release ID: 1878470) Visitor Counter : 131