প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ জৰিয়তে ২২ নৱেম্বৰত নৱনিযুক্ত আৱেদনকাৰীক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰিব


প্ৰধানমন্ত্ৰীয়ে কৰ্মযোগী প্ৰাৰম্ভ মডিউলৰো শুভাৰম্ভ কৰিব যি সকলো নৱনিযুক্তৰ বাবে এটা অনলাইন অৰিয়েণ্টেচন পাঠ্যক্ৰম

Posted On: 21 NOV 2022 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ জৰিয়তে ২২ নৱেম্বৰত পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰায় ৭১,০০০ নৱনিযুক্ত আৱেদনকাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এই নৱনিযুক্ত লোকসকলক সম্বোধনো কৰিব।

ৰোজগাৰ মেলা ৰোজগাৰ সৃষ্টিৰ বাবে সৰ্বোচ্চ প্ৰাথমিকতা দিয়াৰ প্ৰধানমন্ত্ৰীৰ সংকল্পবদ্ধতাক সম্পূৰ্ণ কৰাৰ দিশত এটা পদক্ষেপ। ৰোজগাৰ মেলাৰ জৰিয়তে ভৱিষ্যতে ৰোজগাৰ সৃষ্টি কৰা আৰু যুৱক-যুৱতীসকলক তেওঁলোকৰ সবলীকৰণ তথা প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰীয় বিকাশত অংশীদাৰ কৰাৰ বাবে সাৰ্থক সুযোগ উপলব্ধ কৰাবলৈ এক অনুপ্ৰেৰণা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে ৰোজগাৰ মেলাৰ জৰিয়তে অক্টোবৰত ৭৫,০০০ৰো অধিক নৱনিযুক্ত লোকক নিযুক্তি পত্ৰ অৰ্পণ কৰা হৈছিল।

নৱনিযুক্ত লোকসকলক নিযুক্তি পত্ৰৰ কপি দেশৰ ৪৫টা স্থানত (গুজৰাট আৰু হিমাচল প্ৰদেশক বাদ দি) অৰ্পণ কৰা হ'ব। আগতে ভৰ্তি কৰা পদৰ শ্ৰেণীসমূহৰ উপৰিও শিক্ষক, প্ৰবক্তা, নাৰ্ছ, নাৰ্ছিং অফিচাৰ, ডাক্তৰ, ফাৰ্মাচিষ্ট, ৰেডিঅ'গ্ৰাফাৰ আৰু অন্য টেকনিকেল তথা পেৰামেডিকেল পদতো ভৰ্তি কৰি থকা হৈছে। গৃহ মন্ত্ৰালয়ৰ দ্বাৰাও বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনী (চিএপিএফ)ত বৃহৎ সংখ্যাত পদ পূৰণ কৰি থকা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কৰ্মযোগী প্ৰাৰম্ভ মডিউলৰো শুভাৰম্ভ কৰিব। এই মডিউল বিভিন্ন চৰকাৰী বিভাগত সকলো নতুন নিযুক্তিৰ বাবে এক অনলাইন অৰিয়েণ্টেচন পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত চৰকাৰী কৰ্মচাৰীৰ বাবে আচাৰ সংহিতা, কৰ্মস্থলীত নৈতিকতা আৰু অখণ্ডতা, মানৱ সম্পদ নীতি তথা অন্য লাভ আৰু ভাট্টা অন্তৰ্ভুক্ত হ'ব যি তেওঁলোকক নীতিৰ অনুকূল কৰি তোলা আৰু নতুন ভূমিকাত সহজে পৰিৱৰ্তন সাধন কৰিবলৈ সহায় কৰিব। তেওঁলোকে নিজৰ জ্ঞান, কৌশল আৰু ক্ষমতা বঢ়াবলৈ igotkarmayogi.gov.in প্লেটফৰ্মত অন্য পাঠ্যক্ৰমৰ অনুসন্ধান কৰাৰো সুযোগ লাভ কৰিব।

 

***

DS/SH



(Release ID: 1877912) Visitor Counter : 112