প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত সন্ত্ৰাসবাদ বিৰোধী বিত্তীয় সাহায্য সম্পৰ্কীয় তৃতীয় “ন’ মানি ফৰ টেৰ’ৰ” শীৰ্ষক মন্ত্ৰীপৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

“আমি বিবেচনা কৰোঁ যে এটা আক্ৰমণো অতি বেছি। এজন লোকৰ জীৱন হেৰুৱাটোও অতি বেছি। গতিকে, সন্ত্ৰাসবাদ শিপাৰে সৈতে উভালি নেপেলোৱালৈকে আমি ক্ষান্ত নহওঁ”
“ভাল সন্ত্ৰাসবাদ আৰু বেয়া সন্ত্ৰাসবাদ বুলি কথা নাই। ই মানৱতা, স্বাধীনতা আৰু সভ্যতাৰ ওপৰত আক্ৰমণ। ইয়াৰ সীমা কোনেও নাজানে”
“কেৱল একেধৰণৰ, ঐক্যবদ্ধ আৰু শূন্য সহনশীল পন্থাইহে সন্ত্ৰাসবাদক পৰাস্ত কৰিব পাৰে”
“সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশসমূহৰ ওপৰত এটা ব্যয় জাপি দিব লাগিব”
“নতুন বিত্তীয় প্ৰযুক্তিৰ বিষয়ে একেধৰণৰ বুজাবুজিৰ প্ৰয়োজন”
“উগ্ৰবাদক সমৰ্থন কৰা ব্যক্তিসকলৰ বাবে কোনো দেশতে স্থান থাকিব নালাগে”

Posted On: 18 NOV 2022 11:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ অস্পষ্টতা পৰিহাৰ কৰিবলৈ দৃঢ়তাৰে অনুৰোধ জনোৱাৰ লগতে সন্ত্ৰাসবাদক বৈদেশিক নীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰা ৰাষ্ট্ৰসমূহকো সকীয়াই দিয়ে৷ আজি নতুন দিল্লীত অনুষ্ঠিত সন্ত্ৰাসবাদবিৰোধী বিত্তীয় সাহায্যৰ তৃতীয় “ন’ মানি ফৰ টেৰ’ৰ” (এনএমএফটি) শীৰ্ষক মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।

এই উপলক্ষে সন্মিলনত সমবেত ৰাইজক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে ভাৰতত অনুষ্ঠিত হোৱা সন্মিলনৰ তাৎপৰ্য ব্যাখ্যা কৰি বিশ্বই গুৰুত্বসহকাৰে লক্ষ্য লোৱাৰ বহু আগতেই দেশে সন্ত্ৰাসৰ অন্ধকাৰ ছবিখন দেখাৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “দশক দশক ধৰি সন্ত্ৰাসবাদে, বিভিন্ন নাম আৰু ৰূপত, ভাৰতক আঘাত হানিবলৈ চেষ্টা কৰি আহিছে।” তেওঁ লগতে কয় যে হাজাৰ হাজাৰ বহুমূলীয়া প্ৰাণ হেৰুৱালেও ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজি আহিছে৷প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদৰ মোকাবিলা কৰাত দৃঢ়তাৰে আগবাঢ়ি অহা ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ সৈতে সকলো প্ৰতিনিধিয়ে মত বিনিময় কৰাৰ এয়া এক সুযোগ। “আমি বিবেচনা কৰোঁ যে এটা আক্ৰমণো অতি বেছি। এজন লোকৰ জীৱন হেৰুৱাটোও অতি বেছি। গতিকে, সন্ত্ৰাসবাদক শিপাৰে সৈতে উভালি নেপেলোৱালৈকে আমি ক্ষান্ত নহওঁ”, প্ৰধানমন্ত্ৰীয়ে কয়৷

এই সন্মিলনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদে সমগ্ৰ মানৱতাক প্ৰভাৱিত কৰাৰ বাবে ইয়াক কেৱল মন্ত্ৰীৰ সমাৱেশ হিচাপে ধৰিব নালাগে। তেওঁ কয় যে সন্ত্ৰাসবাদৰ দীৰ্ঘম্যাদী প্ৰভাৱ দৰিদ্ৰ লোকৰ ওপৰত আৰু স্থানীয় অৰ্থনীতিৰ ওপৰত পৰাটো অতি কঠিন। “পৰ্যটনেই হওক বা বাণিজ্য, অহৰহ ভাবুকিৰ সন্মুখীন হোৱা ক্ষেত্ৰ কোনেও ভাল নাপায়”, শ্ৰী মোদীয়ে কয়৷ তেওঁ লগতে কয় যে সন্ত্ৰাসবাদৰ ফলত মানুহৰ জীৱিকা কাঢ়ি লোৱা হয়। তেওঁ কয় যে আমি সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ মূলতে আঘাত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদ মোকাবিলা কৰাৰ ক্ষেত্ৰত যিকোনো ধৰণৰ অস্পষ্টতাৰ বিৰুদ্ধে সকীয়াই দিয়ে। তেওঁ সন্ত্ৰাসবাদৰ ভুল ধাৰণাসমূহ আঙুলিয়াই দি কয়, “বিভিন্ন আক্ৰমণৰ প্ৰতিক্ৰিয়াৰ তীব্ৰতা ক’ত হয়, তাৰ ওপৰত ভিত্তি কৰি ভিন্ন হ’ব নোৱাৰে। সকলো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে সমানে ক্ষোভ আৰু কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন৷ তদুপৰি কেতিয়াবা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত বাধা দিবলৈ সন্ত্ৰাসবাদৰ সমৰ্থনত পৰোক্ষ যুক্তিও দিয়া হয়। এই সন্দৰ্ভত তেওঁ কয় যে বিশ্বজনীন ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ সময়ত অস্পষ্ট পন্থাৰ কোনো স্থান নাই। ‘ভাল সন্ত্ৰাসবাদ আৰু বেয়া সন্ত্ৰাসবাদ বুলি কোনো কথা নাই। ই মানৱতা, স্বাধীনতা আৰু সভ্যতাৰ ওপৰত আক্ৰমণ। ইয়াৰ সীমা কোনেও নাজানে”, প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়, “এটা একেধৰণৰ, ঐক্যবদ্ধ আৰু শূন্য সহনশীল দৃষ্টিভংগীয়েহে সন্ত্ৰাসবাদক পৰাস্ত কৰিব পাৰে।”

এজন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ পাৰ্থক্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এজন সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰ আৰু তাৎক্ষণিক কৌশলগত সঁহাৰিৰে নিষ্ক্ৰিয় কৰিব পাৰে কিন্তু তেওঁলোকৰ আৰ্থিক আঘাতৰ লক্ষ্যৰে বৃহত্তৰ কৌশল অবিহনে এই কৌশলগত লাভসমূহ অতি সোনকালে হেৰাই যাব। শ্ৰী মোদীয়ে কয়, “সন্ত্ৰাসবাদী এজন ব্যক্তি কিন্তু সন্ত্ৰাসবাদ হৈছে ব্যক্তিৰ নেটৱৰ্কৰ সমষ্টি।” প্ৰধানমন্ত্ৰীয়ে কয় যে আক্ৰমণ হৈছে প্ৰতিৰক্ষাৰ সৰ্বোত্তম ৰূপ আৰু সন্ত্ৰাসবাদক শিপাৰে সৈতে উভালি পেলোৱাৰ বাবে বৃহত্তৰ, সক্ৰিয়, ব্যৱস্থাগত সঁহাৰিৰ প্ৰয়োজন। তেওঁ সজোৰে কয় যে আমি সন্ত্ৰাসবাদীৰ প্ৰতি থকা সমৰ্থনৰ নেটৱৰ্ক ভাঙিব লাগিব আৰু তেওঁলোকক বিত্তীয় ক্ষেত্ৰত আঘাত কৰিব লাগিব যাতে আমাৰ নাগৰিকসকল সুৰক্ষিত হয়।

প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ ৰাজনৈতিক, মতাদৰ্শগত আৰু আৰ্থিক সহায়ৰ অন্যতম প্ৰধান উৎস হিচাপে ৰাষ্ট্ৰৰ সমৰ্থনৰ ওপৰত আলোকপাত কৰে। কিছুমান দেশে তেওঁলোকৰ বৈদেশিক নীতিৰ অংশ হিচাপে সন্ত্ৰাসবাদীক সমৰ্থন কৰে বুলিও তেওঁ কয়। লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক ভুৱা যুদ্ধৰ ক্ষেত্ৰত সজাগ হ’বলৈ কয়। “সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশসমূহৰ ওপৰত এটা ব্যয় জাপি দিব লাগিব। সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতি সৃষ্টি কৰিবলৈ চেষ্টা কৰা সংগঠন আৰু ব্যক্তিসকলকো পৃথক কৰি ৰাখিব লাগিব। এনেবোৰ বিষয়ত কোনো যদি-কিন্তু থাকিব নোৱাৰে। সন্ত্ৰাসবাদৰ সকলো ধৰণৰ মুক্ত আৰু গোপন সমৰ্থনৰ বিৰুদ্ধে বিশ্বই একত্ৰিত হোৱাৰ প্ৰয়োজন আছে”, তেওঁ লগতে কয়।

সংগঠিত অপৰাধক সন্ত্ৰাসবাদী পুঁজিৰ আন এক উৎস হিচাপে ধৰি অপৰাধী চক্ৰ আৰু সন্ত্ৰাসবাদী সংগঠনৰ মাজত গভীৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত সংগঠিত অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কেতিয়াবা আনকি ধন সৰবৰাহ আৰু আৰ্থিক অপৰাধৰ দৰে কাৰ্য্যকলাপেও সন্ত্ৰাসবাদৰ পুঁজিৰ সহায়ক হোৱা বুলি জনা গৈছে। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বজুৰি সহযোগিতাৰ প্ৰয়োজন”, তেওঁ কয়।

উন্নত প্ৰযুক্তিৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ পৰিৱৰ্তিত গতিশীলতাৰ বিষয়ে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য আৰু নিযুক্তিৰ বাবে নতুন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ডাৰ্ক নেট, ব্যক্তিগত মুদ্ৰা আদিৰ পৰা প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। নতুন বিত্তীয় প্ৰযুক্তিৰ বিষয়ে একেধৰণৰ বুজাবুজিৰ প্ৰয়োজন। এই প্ৰচেষ্টাসমূহত ব্যক্তিগত খণ্ডকো জড়িত কৰাটো গুৰুত্বপূৰ্ণ।” অৱশ্যে সন্ত্ৰাসবাদৰ চিনাক্তকৰণ, অনুসন্ধান আৰু মোকাবিলা কৰাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ কোৱাৰ লগতে তেওঁ প্ৰযুক্তিৰ অচলকৰণৰ বিৰুদ্ধেও সকীয়াই দিয়ে।

শাৰীৰিক আৰু ভাৰ্চুৱেল সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চাইবাৰ সন্ত্ৰাসবাদ আৰু অনলাইন উগ্ৰবাদৰ বাবে ব্যৱহৃত আন্তঃগাঁথনি বিতৰণ কৰাৰ বিপৰীতে একাংশ সত্তাই দূৰৱৰ্তী স্থানৰ পৰাও সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰৰ লগতে অনলাইন সম্পদেৰে প্ৰশিক্ষণ দিয়ে। “যোগাযোগ, ভ্ৰমণ, লজিষ্টিক-বিভিন্ন দেশত এই শৃংখলৰ বহু লিংক আছে।” প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন দেশক শৃংখলৰ যিবোৰ অংশ তেওঁলোকৰ নিয়ন্ত্ৰণত আছে, সেইবোৰৰ বিৰুদ্ধে কাম কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীক বিভিন্ন দেশত আইনী নীতি, পদ্ধতি আৰু প্ৰক্ৰিয়াৰ মতানৈক্যৰ অপব্যৱহাৰ কৰিবলৈ দিয়া উচিত নহয় বুলি সতৰ্ক কৰি দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায় কয়, ‘চৰকাৰসমূহৰ মাজত গভীৰ সমন্বয় আৰু বুজাবুজিৰ জৰিয়তে ইয়াক প্ৰতিৰোধ কৰিব পৰা যাব। যৌথ অভিযান, চোৰাংচোৱা বিভাগৰ মাজত সমন্বয় আৰু প্ৰত্যাৰ্পণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সহায় কৰে৷” প্ৰধানমন্ত্ৰীয়ে উগ্ৰবাদ আৰু উগ্ৰবাদৰ সমস্যাটো যৌথভাৱে সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “উগ্ৰবাদক সমৰ্থন কৰা ব্যক্তিসকলৰ বাবে কোনো দেশতে স্থান থাকিব নালাগে”, তেওঁ লগতে কয়।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতে শেহতীয়াকৈ হাতত লোৱা প্ৰচেষ্টাৰ বিষয়ে সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে। নিৰাপত্তাৰ বিভিন্ন মাত্ৰাৰ বিভিন্ন সন্মিলনৰ বিষয়ে অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে মুম্বাইত সংঘটিত হোৱা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ বিশেষ অধিৱেশন, নতুন দিল্লীত ইণ্টাৰপলৰ সাধাৰণ পৰিষদৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ভাৰতত চলিত “ন’ মানি ফৰ টেৰ’ৰ” শীৰ্ষক সন্মিলনৰ জৰিয়তে সন্ত্ৰাসবাদৰ পুঁজিৰ বিৰুদ্ধে বিশ্বজোৰা গতিশীলতা গঢ়ি তোলাত সহায় কৰিছে।

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়, গৃহ সচিব শ্ৰী অজয় কুমাৰ ভাল্লা তথা ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্ৰধান শ্ৰী দিনকৰ গুপ্তাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

****

DS/TS/DB



(Release ID: 1876973) Visitor Counter : 167