প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ আদালাজত মিছন স্কুল অৱ এক্সেলেন্সৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 19 OCT 2022 5:21PM by PIB Guwahati

আপোনালোকৰ ভাল নে? হয়, পুলক অনুভৱ কৰিছো।

গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, শিক্ষা জগতৰ বিশিষ্ট লোকসকল, গুজৰাটৰ মেধাৱী ছাত্ৰ-ছাত্ৰী, আন-আন সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

আজি গুজৰাটে ‘অমৃত কাল’ ৰ ‘অমৃত’ প্ৰজন্ম গঢ়াৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এখন উন্নত ভাৰতৰ বাবে এখনি উন্নত গুজৰাট গঢ়াৰ অৰ্থে এয়া এক মাইলৰ খুঁটি হিচাপে প্রমাণিত হ’ব। গুজৰাটৰ সমূহ ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী, যুৱ সতীৰ্থ আৰু আগন্তুক প্ৰজন্মসমূহক মিছন স্কুল অৱ এক্সেলেন্সৰ শুভাৰম্ভণিৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

শেহতীয়াকৈ দেশখনে ৫ম প্ৰজন্মৰ যুগত প্ৰৱেশ কৰিছে অৰ্থাৎ ৫জি ম’বাইল আৰু ইন্টাৰনেটৰ যুগত প্ৰৱেশ কৰা হৈছে। আমি ১জি ৰপৰা ৪জি লৈকে ইন্টাৰনেট সেৱাৰ ব্যৱহাৰ কৰিছো। এতিয়া ৫জি য়ে দেশখনত এক বৃহৎ পৰিৱৰ্তন সাধন কৰিব। এনে প্ৰতিটো প্ৰজন্মৰ লগে-লগে গতি বৃদ্ধিয়েই নহয়, বৰঞ্চ প্ৰতিটো প্ৰজন্মই জীৱনৰ প্ৰায় প্ৰতিটো দিশৰ লগতে প্ৰযুক্তিৰ সম্পৰ্ক স্থাপন কৰিছে।

বন্ধুসকল,

একেদৰে, আমি দেশখনত বিভিন্ন প্ৰজন্মৰ বিদ্যালয়ো দেখিবলৈ পাইছো। এতিয়া ৫জি য়ে স্মাৰ্ট সুবিধা, স্মাৰ্ট শ্ৰেণীকোঠা আৰু স্মাৰ্ট শিক্ষাৰ ওপৰিও আমাৰ শিক্ষা ব্যৱস্থাক পৰৱৰ্তী পৰ্যায়লৈ নিব। এতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও ভাৰ্চুৱেল ৰিয়েলিটি আৰু ইন্টাৰনেট অৱ থিংছৰ শক্তি অতিশয় সহজে অনুভৱ কৰিব পাৰিব। গুজৰাটে মিছন স্কুল অৱ এক্সেলেন্সৰ ৰূপত দেশখনৰ বাবে এক অতিশয় গুৰুত্বপূৰ্ণ আৰু প্ৰথম পদক্ষেপ গ্ৰহণ কৰাত মই সন্তোষ পাইছো। ভূপেন্দ্ৰভাই, তেওঁৰ চৰকাৰ আৰু তেওঁৰ সমগ্ৰ টীমলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

যোৱা দুটা দশকত গুজৰাটৰ শিক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। ২০ বছৰ পূৰ্বে এনেকুৱা আছিল যে গুজৰাটৰ ১০০ শিশুৰ ভিতৰত ২০ শিশুৱেই স্কুললৈ নাযায়। অৰ্থাৎ এক পঞ্চমাংশ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা দূৰৈত থাকিল। তদুপৰি স্কুললৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই অষ্টম শ্ৰেণীৰপৰা আগলৈ নোযোৱাকৈ থাকে। দুৰ্ভাগ্যজনকভাৱে, ছাত্ৰীসকলৰ অৱস্থা আৰু বেয়া হৈ পৰিল। গ্ৰামাঞ্চলসমূহৰ বহু কন্যাক একেবাৰে স্কুললৈ পঠিওৱা হোৱা নাছিল। জনজাতীয় অঞ্চলসমূহত যিসমূহ শিক্ষাৰ কেন্দ্ৰ আছিল, তাতো বিষয় হিচাপে বিজ্ঞান শিকাবলৈ কোনো সমল নাছিল। কিন্তু, সাম্প্ৰতিক পদক্ষেপৰাজিত মই সুখী আৰু বিশেষকৈ জিতুভাই আৰু তেওঁৰ টীমৰ পৰিকল্পনাক অভিনন্দন জনাইছো।

এতিয়া লগ পোৱা ল’ৰা-ছোৱালীকেইটাই ২০০৩ ত প্ৰথমবাৰৰ বাবে স্কুলত ভৰ্তি হৈছিল। তেতিয়া মই এখন জনজাতীয় গাঁৱলৈ গৈছিলো। জুন মাহৰ মাজভাগ আছিল আৰু তাপমাত্ৰা প্ৰায় ৪০-৪৫ ডিগ্ৰী ছেলছিয়াছ আছিল। ল’ৰা-ছোৱালীৰ পঢ়া-শুনা কম হোৱা গাঁৱখনলৈ গৈছিলো আৰু ছোৱালীৰ অৱস্থাও বৰ বেয়া আছিল। মই গাঁৱৰ লোকসকলক কৈছিলো যে মই তেওঁলোকৰ ওচৰলৈ কিবা এটা বিচাৰি আহিছো। মই তেওঁলোকৰপৰা তেওঁলোকে নিজৰ ছোৱালীক পঢ়োৱাৰ সংকল্প গ্ৰহণৰ কামনা কৰিছিলো। প্ৰথমবাৰৰ বাবে বিদ্যালয়লৈ যোৱা সেই ল’ৰা-ছোৱালীকেইটাক আজি লগ পোৱাৰ সৌভাগ্য হৈছে। এই উপলক্ষে মোৰ অনুৰোধ গ্ৰহণৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃক প্ৰণাম জনাইছো। মই মাত্ৰ সিহঁতক স্কুললৈ নিছিলো৷ শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি তেওঁলোকে নিজৰ সন্তানক যিমান পাৰে শিকাইছিল আৰু আজি সেই ল’ৰা-ছোৱালীকেইটা শিক্ষিত হৈ উঠিছে। যিসকল শিশুৰ নামভৰ্তি মই বিদ্যালয়ত সুনিশ্চিত কৰিছিলো, তেওঁলোকক লগ পোৱাৰ এই সুযোগ প্ৰদানৰ বাবে গুজৰাট চৰকাৰ আৰু জিতুভাইক অভিনন্দন জনাইছো।

বন্ধুসকল,

যোৱা দুটা দশকত গুজৰাটৰ জনসাধাৰণে নিজৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ৰূপান্তৰ ঘটাইছে। এই দুটা দশকত গুজৰাটত ১.২৫ লাখৰো অধিক নতুন শ্ৰেণীকোঠা নিৰ্মাণ কৰা হয় আৰু ২ লাখৰো অধিক শিক্ষক নিযুক্তি দিয়া হয়। ‘শালা প্ৰৱেশোৎসৱ’ (প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অভিযান) আৰু ‘কন্যা কেলাৱনী মহোৎসৱ’ (ছোৱালীক বিশেষ গুৰুত্ব আৰোপেৰে আনুষ্ঠানিক শিক্ষাক উৎসাহিত কৰা) ৰ শুভাৰম্ভণিৰ দিনটো মোৰ আজিও মনত আছে। পুত্ৰ-কন্যাই প্ৰথমবাৰৰ বাবে স্কুললৈ গ’লে উৎসৱ হিচাপে উদযাপন কৰা হৈছিল। পৰিয়ালত, স্থানীয় অঞ্চলত আৰু সমগ্ৰ গাঁৱতে ইয়াৰ উদযাপন হ’ব লাগে, কাৰণ আমি দেশখনৰ নতুন প্ৰজন্মক শিক্ষিত কৰি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰিছো। মুখ্যমন্ত্ৰী হিচাপে মই নিজেই গাঁৱে-ভূঞে গৈ সকলো ৰাইজক অনুৰোধ কৰিছিলো। তেওঁলোকৰ কন্যা সন্তানক স্কুললৈ পঠিয়াওঁক বুলি আৰু ইয়াৰ ফলত আজি গুজৰাটৰ প্ৰায় প্ৰতিজন পুত্ৰ-কন্যাই স্কুল-কলেজলৈ যাবলৈ আৰম্ভ কৰিছে।

বন্ধুসকল,

ইয়াৰ সমান্তৰালকৈ আমি শিক্ষাৰ গুণগত মান আৰু ফলাফলৰ ওপৰতো সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছো। সেইবাবেই আমি ‘প্ৰৱেশোৎসৱ’ ৰ লগতে ‘গুণোৎসৱ’ (শিশুৰ শিক্ষণ ফলাফলৰ মূল্যায়নৰ এক পদক্ষেপ) ৰ শুভাৰম্ভ কৰিলো। মোৰ ভালকৈ মনত আছে যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ্য, আগ্ৰহ অনুসৰি বিতংভাৱে মূল্যায়ন কৰা হৈছিল। তেওঁলোকৰ লগতে শিক্ষকসকলৰো মূল্যায়ন কৰা হয়।

বিদ্যালয় বিভাগৰ বাহিৰেও আমাৰ আমোলা, আনকি আৰক্ষী বিষয়া, বন বিষয়াসকলেও এই অভিযানৰ অংশ হিচাপে তিনিদিন গাঁৱৰ বিদ্যালয়লৈ গৈছিল।

কিছুদিন পূৰ্বে গান্ধীনগৰলৈ আহোতে ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ (education review centres) ৰ ৰূপত ‘গুণোৎসৱ’ ৰ এক অতিশয় উন্নত, প্ৰযুক্তিভিত্তিক সংস্কৰণ দেখি আনন্দিত হৈছিলো। ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ ৰ নতুনত্ব দেখি আপোনাসৱো আচৰিত হ’ব। ভাৰত চৰকাৰ আৰু দেশখনৰ শিক্ষামন্ত্ৰীয়ে গান্ধীনগৰত শেহতীয়াকৈ দেশখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ এখনি বৈঠকৰ আহ্বান জনাইছিল। সকলোৱে ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ ৰ ধাৰণাটো বুজিবলৈ যথেষ্ট সময় লয়। এতিয়া বিভিন্ন ৰাজ্যৰপৰা প্ৰতিনিধিসকলে ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ অধ্যয়ন কৰিবলৈ আহে আৰু নিজ-নিজ ৰাজ্যত সেই আৰ্হি অনুকৰণ কৰিবলৈ চেষ্টা কৰে। এই পদক্ষেপৰ বাবে গুজৰাট অভিনন্দনৰ যোগ্য।

ৰাজ্যৰ সমগ্ৰ বিদ্যালয় শিক্ষাৰ আনকি ক্ষুদ্ৰ তথ্যও লাভ কৰিবলৈ কেন্দ্ৰীয়ভাৱে ব্যৱস্থা কৰা হৈছে। ই একপ্ৰকাৰৰ উদ্ভাৱনীমূলক পৰীক্ষা। ইয়াৰ জৰিয়তে গুজৰাটৰ হাজাৰ-হাজাৰ বিদ্যালয়, লাখ-লাখ শিক্ষক আৰু প্ৰায় ১.২৫ কোটি ছাত্ৰ-ছাত্ৰীক পৰ্য্যালোচনা কৰা হয় আৰু তেওঁলোকক মতামত গ্ৰহণ কৰা হয়। বিগ ডাটা এনালাইছিছ, মেচিন লাৰ্নিং, আৰ্টিফিচিয়েল ইনটেলিজেন্স আৰু ভিডিঅ’ ৱালৰ দৰে কৌশলেৰে তথ্য বিশ্লেষণ কৰা হয়। সেই অনুসৰি শিশুসকলক উন্নত প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ দিয়া হয়।

বন্ধুসকল,

শিক্ষাৰ ক্ষেত্ৰত নতুন, অনন্য আৰু পৰীক্ষা-নিৰীক্ষা কৰাটো গুজৰাটৰ ডিএনএ আৰু স্বভাৱত আছে। প্ৰথমবাৰৰ বাবে গুজৰাটত তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে শিক্ষক শিক্ষা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ শিশু বিশ্ববিদ্যালয় পৃথিৱীৰ একমাত্ৰ বিশ্ববিদ্যালয়। ‘খেল মহাকুম্ভ’ ৰ কথা চাওঁক। চৰকাৰী যন্ত্ৰত অনুশাসিত কৰ্ম-সংস্কৃতি, ক্ৰীড়াৰ প্ৰতি গুজৰাটৰ যুৱক-যুৱতীসকলৰ আগ্ৰহ আৰু এই সমগ্ৰ বাতাবৰণ ‘খেল মহাকুম্ভ’ ৰ ফলশ্ৰুতি। ইমান বছৰৰ পিছত শেহতীয়াকৈ গুজৰাটত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈ যায়। মই খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ বাবে তেওঁলোকে মোক এই অনুষ্ঠানৰ বাবে অভিনন্দন জনায়। মই তেওঁলোকক কৈছিলো যে মোক অভিনন্দন জনাব নালাগে কাৰণ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু গুজৰাট চৰকাৰহে সকলো প্ৰশংসাৰ যোগ্য। তেওঁলোকৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ বাবেই গুজৰাটত দেশখনৰ ইমান বৃহৎ ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈছিল। আটাইকেইগৰাকী খেলুৱৈয়ে কৈছিল যে গুজৰাট আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সময়ত কৰা আতিথ্য আৰু ব্যৱস্থাৰ সৈতে মিল খাইছিল। এই অনুষ্ঠানটো সফলতাৰে আয়োজন কৰি, ক্ৰীড়া জগতক উৎসাহিত কৰি আৰু উচ্চ মানদণ্ড নিৰ্ধাৰণেৰে গুজৰাটে সঁচাকৈয়ে দেশখনৰ বাবে এক বৃহৎ সেৱা আগবঢ়াইছে। গুজৰাট চৰকাৰ, ইয়াৰ সকলো বিষয়া আৰু ক্ৰীড়া জগতৰ সকলো ৰাইজক আন্তৰিকতাৰে অভিনন্দন জনাইছো।

বন্ধুসকল,

এদশক পূৰ্বে গুজৰাটৰ ১৫,০০০ বিদ্যালয়ত টিভিয়ে স্থান পাইছিল। কম্পিউটাৰ সহায়ক শিক্ষণ লেব আৰু এনে বহু ব্যৱস্থা বহু বছৰ পূৰ্বেই গুজৰাটৰ ২০,০০০ ৰোধিক বিদ্যালয়ৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। আজি গুজৰাটত এক কোটিৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু চাৰি লাখ শিক্ষকৰ অনলাইন উপস্থিতি আছে। এই ধাৰাবাহিক নতুন পৰীক্ষাৰ অংশ হিচাপে আজি গুজৰাটৰ ২০,০০০ বিদ্যালয়ে শিক্ষাৰ ৫জি যুগত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে। মিছন স্কুল অৱ এক্সেলেন্সৰ অধীনত এই বিদ্যালয়সমূহত আধুনিক পদ্ধতিৰে ৫০,০০০ নতুন শ্ৰেণীকোঠা আৰু এক লাখৰো অধিক স্মাৰ্ট শ্ৰেণীকোঠা গঢ়ি তোলা হ’ব। এই বিদ্যালয়সমূহত কেৱল আধুনিক ডিজিটেল আৰু ফিজিকেল আন্তঃগাঁথনিয়েই নহয়, বৰঞ্চ শিশুসকলৰ জীৱন আৰু তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো এক বৃহৎ পৰিৱৰ্তন সাধন হ’ব। ইয়াত শিশুসকলৰ সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰতিটো দিশতে কাম কৰা হ’ব। অৰ্থাৎ ছাত্ৰজনৰ শক্তি আৰু তেওঁলোকৰ উন্নতিৰ পৰিসৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব।

বন্ধুসকল,

৫জি প্ৰযুক্তিয়ে শিক্ষণ ব্যৱস্থাসমূহ অতি সহজ কৰি তুলিব। যদি ২জি, ৪জি আৰু ৫জি ৰ বিষয়ে সহজ ভাষাত বুজাব লাগে, তেন্তে ৪জি এখন চাইকেলৰ দৰে আৰু ৫জি এখন বিমান। এইটোৱেই পাৰ্থক্য। যদি মই সৰল ভাষাত টেকন'লজিক বুজাব লগা হয়, তেতিয়া এনেকৈয়ে বুজাম। ৪জি মানে চাইকেল আৰু ৫জি মানে এয়াৰপ্লেন। ইয়াৰ ক্ষমতাও এনেকুৱাই।

গুজৰাটক অভিনন্দন জনাইছো। ৰাজ্যখনে ৫জি ৰ শক্তিক উপলব্ধি কৰিছে আৰু আধুনিক শিক্ষাত উৎকৃষ্টতাক প্ৰসাৰিত কৰিছে যিয়ে গুজৰাটৰ ভাগ্য সলনি কৰিব। আৰু ইয়াৰদ্বাৰা প্ৰতিটো শিশুৱে নিজৰ প্ৰয়োজন অনুসৰি শিকিবলৈ সুযোগ পাব। বিশেষকৈ দুৰ্গম অঞ্চলসমূহৰ বিদ্যালয়সমূহৰ শিক্ষাৰ ক্ষেত্ৰত ইয়াৰদ্বাৰা যথেষ্ট সহায়ক হ’ব। এই সেৱাৰ জৰিয়তে প্ৰত্যন্ত অঞ্চলসমূহত সু শিক্ষক উপলব্ধ হ’ব। সু শিক্ষকজন হাজাৰ-হাজাৰ কিলোমিটাৰ দূৰত থাকিব, কিন্তু শ্ৰেণীকোঠাত উপস্থিত থকা যেন লাগিব। প্ৰতিটো বিষয়ৰ উত্তম বিষয়বস্তু সকলোৰে বাবে সুলভ হ’ব। এতিয়া বিভিন্ন দক্ষতাৰ পাঠ শিকোৱা শ্ৰেষ্ঠ শিক্ষকসকলে ভাৰ্চুৱেল ৰিয়েল টাইমত বিভিন্ন গাওঁ আৰু চহৰৰ শিশুসকলক শিকাব পাৰিব। ইয়াৰদ্বাৰাও বিভিন্ন বিদ্যালয়ত দেখা পোৱা ব্যৱধান দূৰ কৰাত বহু পৰিমাণে সহায়ক হ’ব।

এই অত্যাধুনিক বিদ্যালয়সমূহে অংগনৱাড়ী আৰু বাল ৱাটিকাৰপৰা আৰম্ভ কৰি কেৰিয়াৰ গাইডেন্স আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিলৈকে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিব। কলা, শিল্প, ব্যৱসায়ৰপৰা আৰম্ভ কৰি ক’ডিং আৰু ৰবটিক্সলৈকে ইয়াত সৰুৰেপৰা প্ৰতিটো ধৰণৰ শিক্ষা উপলব্ধ হ’ব। অৰ্থাৎ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰতিটো দিশ ইয়াত কাৰ্য্যকৰী কৰা হ’ব।

ভ্ৰাতৃ-ভগ্নীসকল,

আজি কেন্দ্ৰীয় চৰকাৰখনে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে সমগ্ৰ দেশখনতে অনুৰূপ পৰিৱৰ্তনক উৎসাহিত কৰিছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰেখনেও সমগ্ৰ দেশখনতে ১৪,৫০০ ৰোধিক পিএম শ্ৰী বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া এক পাইলট প্ৰজেক্ট, যাক ভাৰতৰ ভিন্ন প্ৰান্তত শুভাৰম্ভ কৰা হ’ব। প্ৰায় এবছৰ ধৰি ইয়াক নিৰীক্ষণ কৰা হ’ব। পৰিৱৰ্তিত প্ৰযুক্তিৰ পৰিপ্ৰেক্ষিতত কিছু অভাৱ হোৱা বা নতুন কিবা এটা সংযোজনৰ প্ৰয়োজন হোৱা মাত্ৰেকে পূৰণ কৰা হ’ব। ভৱিষ্যতে ইয়াক এক নিখুঁত আৰ্হি হিচাপে দেশখনৰ সৰ্বাধিক সংখ্যক বিদ্যালয়লৈ নিয়াৰ প্ৰয়াস কৰা হ’ব। এই বিদ্যালয়সমূহ সমগ্ৰ দেশখনতে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আদৰ্শ বিদ্যালয় হ’ব।

এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰখনে ২৭,০০০ কোটি টকা ব্যয় কৰিব। এই বিদ্যালয়সমূহে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক পৰিপূৰণ কৰিব যিয়ে সমালোচনাত্মক চিন্তাধাৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু শিশুসকলক নিজৰ ভাষাতে উন্নত শিক্ষা প্ৰদানৰ পোষকতা কৰিছে। এক প্ৰকাৰে তেওঁলোকে বাকী বিদ্যালয়সমূহৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব।

বন্ধুসকল,

স্বাধীনতাৰ অমৃত মহোৎসৱত দেশবাসীয়ে দাসত্বৰ মানসিকতাৰপৰা পৰিত্ৰাণৰ অংগীকাৰ কৰিছে। দেশখনক দাসত্বৰ মানসিকতাৰপৰা উলিয়াই আনি প্ৰতিভা আৰু উদ্ভাৱনক পৰিশোধনৰ প্ৰয়াস কৰিছে এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে। চাওঁকচোন, দেশখনৰ পৰিস্থিতি কেনে আছিল? ইংৰাজী ভাষাৰ জ্ঞানক বুদ্ধিমত্তাৰ পৰিমাপ হিচাপে গণ্য কৰা হৈছিল, আনহাতে ভাষা মাথো যোগাযোগৰ মাধ্যম! ইমান দশক ধৰি ভাষা ইমানেই বাধা হৈ পৰিছিল যে দেশখনে গাঁৱে-ভূঞে আৰু দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাধৰসকলৰ সুবিধা লাভ কৰিব পৰা নাছিল। ইমানবোৰ প্ৰতিভাৱান ল’ৰা-ছোৱালীয়ে বুজি পোৱা ভাষাত পঢ়াৰ সুযোগ নোপোৱাৰ বাবেই চিকিৎসক আৰু অভিযন্তা হ’ব নোৱাৰিলে। এতিয়া এই পৰিস্থিতি সলনি কৰা হৈছে। এতিয়া, ছাত্ৰ-ছাত্ৰীসকলে ভাৰতীয় ভাষাসমূহতো বিজ্ঞান, প্ৰযুক্তি, চিকিৎসা ইত্যাদি পাঠ্যক্ৰম অধ্যয়নৰ বিকল্প লাভ কৰিব।

ইংৰাজী স্কুলত সন্তানক পঢ়াব নোৱাৰা দুখীয়া মাতৃয়েও এতিয়া তেওঁক এগৰাকী চিকিৎসক হিচাপে গঢ়ি তোলাৰ সপোন দেখিব পাৰে। এটি শিশুৱে নিজৰ মাতৃভাষাতে অধ্যয়ন কৰি এগৰাকী চিকিৎসক হ’ব পাৰে। আমি ইয়াৰ অৰ্থে কাম কৰি আছো যাতে দুখীয়া পৰিয়ালৰ এজন ছাত্ৰও চিকিৎসক হ’ব পাৰে। কেইবাটাও ভাৰতীয় ভাষাৰ লগতে গুজৰাটী ভাষাতো পাঠ্যক্ৰম যুগুতৰ প্ৰয়াস অব্যাহত আছে। এখনি উন্নত ভাৰতৰ বাবে সকলোৱে প্ৰচেষ্টা গ্ৰহণৰ সময় সমাগত। এয়াই হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিৰ মনোভাৱ আৰু এই মনোভাৱক আগুৱাই নিব লাগিব।

বন্ধুসকল,

অতীজৰেপৰাই শিক্ষা ভাৰতৰ বিকাশৰ মূল ভেটি হৈ আহিছে। আমি স্বভাৱজাতভাৱে জ্ঞানক সমৰ্থন কৰো। সেয়ে আমাৰ পূৰ্বপুৰুষসকলে জ্ঞান আৰু বিজ্ঞানত চিনাকি দাঙি ধৰিছিল, শ-শ বছৰ পূৰ্বেই বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় স্থাপন কৰিছিল আৰু বৃহৎ-বৃহৎ পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল। কিন্তু ভাৰতৰ এই সম্পদৰাজি ধ্বংসৰ বাবে আগ্ৰাসীসকলে অভিযান আৰম্ভ কৰিছিল। কিন্তু ভাৰতে শিক্ষাৰ ক্ষেত্ৰত স্বকীয় দৃঢ় অভিপ্ৰায় ত্যাগ কৰা নাছিল। ই অত্যাচাৰ ভোগ কৰিছিল যদিও শিক্ষাৰ পথ পৰিহাৰ কৰা নাছিল।

এই কাৰণেই আজিও জ্ঞান, বিজ্ঞান আৰু উদ্ভাৱনৰ জগতখনত আমাৰ এক সুকীয়া পৰিচয় আছে। স্বাধীনতাৰ ‘অমৃত কাল’ হৈছে ইয়াৰ প্ৰাচীন গৰিমা ঘূৰাই অনাৰ এক সুযোগ। ভাৰতৰ বিশ্বৰ শ্ৰেষ্ঠ জ্ঞান অৰ্থনীতি হোৱাৰ অপৰিসীম সম্ভাৱনা আছে আৰু সুযোগেও অপেক্ষা কৰি আছে। বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে জড়িত অধিকাংশ উদ্ভাৱনেই একবিংশ শতিকাত ভাৰতত হ’ব। মোৰ দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত মোৰ বিশ্বাস আৰু দেশৰ যুৱক-যুৱতীসকলৰ প্ৰতিভাৰ বাবেই এই কথা ক’বলৈ সাহস কৰিছো।

এই ক্ষেত্ৰত গুজৰাটৰ এক বৃহৎ সুযোগো আছে। এতিয়ালৈকে গুজৰাটৰ পৰিচয় আছিল যে আমি বেপাৰী আৰু ব্যৱসায়ী। এঠাইৰপৰা সামগ্ৰী কিনি আন ঠাইত বিক্ৰী কৰিয়েই জীৱিকা অৰ্জন কৰে। গুজৰাটে ইয়াৰপৰা ওলাই আহি লাহে-লাহে উৎপাদনৰ ক্ষেত্ৰত নিজৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে। আৰু এতিয়া গুজৰাট একবিংশ শতিকাত দেশখনৰ জ্ঞান আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। মই নিশ্চিত যে গুজৰাট চৰকাৰৰ মিছন স্কুল অৱ এক্সেলেন্সে এই মনোভাৱক সুদৃঢ় কৰিব।

বন্ধুসকল,

আজি এই অতিশয় গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণৰ সৌভাগ্য লাভ কৰিছো। মাত্ৰ এঘন্টাৰ পূৰ্বে মই দেশখনৰ সামৰিক শক্তি সম্পৰ্কীয় এটি কাৰ্য্যক্ৰমত ভাগ লৈছিলো আৰু এঘন্টাৰ পিছতে গুজৰাটত দেশখনৰ এই জ্ঞান শক্তিৰ কাৰ্য্যক্ৰমত যোগদানৰ সুযোগ পাইছো। এই কাৰ্য্যক্ৰমৰ অন্তত মই জুনাগড় আৰু ৰাজকোটলৈ যাম য'ত সমৃদ্ধি সম্পৰ্কীয় কথা-বতৰাত আলোকপাত কৰা হ’ব।

বন্ধুসকল,

আজিৰ এই গুৰুত্বপূৰ্ণ উপলক্ষত গুজৰাটৰ শিক্ষা জগত, ভৱিষ্যৎ প্ৰজন্ম আৰু তেওঁলোকৰ পিতৃ-মাতৃলৈ পুনৰ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ভূপেন্দ্ৰভাই আৰু তেওঁৰ টীমলৈ মোৰ আন্তৰিক অভিনন্দন!

ধন্যবাদ।

***

DS/LP/VK/AK/SB


(Release ID: 1872941) Visitor Counter : 164