প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘গুজৰাট ৰোজগাৰ মেলা’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিলে ভাষণ


আগন্তুক এটা বছৰত ৩৫ হাজাৰ পদত নিযুক্তিৰ লক্ষ্য গুজৰাটৰ

১০ লাখ চাকৰি আগবঢ়োৱাৰৰ বাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে

Posted On: 29 OCT 2022 12:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্স’ ব্যৱস্থাৰে দিয়া বাৰ্তাৰ জৰিয়তে ‘গুজৰাট ৰোজগাৰ মেলা’ সম্বোধন কৰে।

ৰাজ্য চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ চকাৰিত মকৰলৰ বাবে নিযুক্তি পত্ৰ লাভ কৰা বহু হেজাৰ প্ৰাৰ্থীক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়। ‘ধনতেৰচ’ৰ পবিত্ৰ দিৱসৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেইদিনা আৰম্ভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ৰোজগাৰ মেলা’ত তেওঁ ৭৫০০০ প্ৰাৰ্থীক বিভিন্ন পৰ্যায়ৰ পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। একেদৰেই বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহেও ‘ৰোজগাৰ মেলা’ অনুষ্ঠিত কৰিব বুলি সেইদিনাই তেওঁ উল্লেখ কৰিছিল। গুজৰাটে এই ক্ষেত্ৰত বিশেষ তত্পৰতা প্ৰদাৰ্শন কৰি পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজি ‘গুজৰাট পঞ্চায়ত সেৱা ব’ৰ্ড’ৰ তৰফৰ পৰা ৫০০০, ‘গুজৰাট ছাব ইন্সপেক্টৰ ৰিক্ৰুইটমেণ্ট ব’ৰ্ড’ আৰু ‘লোকৰক্ষক ৰিক্ৰুইটমেণ্ট ব’ৰ্ড’ৰ পৰা ৮০০০ প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। এনেদৰে ততপৰতা গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু তেওঁ চৰকাৰক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে তথ্য দাঙি ধৰি কয় যে অলপতে গুজৰাটত ১০ হাজাৰ যুৱক-যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে আৰু আগন্তুক বছৰটোত ৩৫ হাজাৰ পদত নিযুক্তি দিয়াৰ বাবে গুজৰাট চৰকাৰে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।

ৰাজ্যখনত নতুনকৈ গ্ৰহণ কৰা ঔদ্যোগীক নীতিয়ে নিয়োগ আৰু স্ব-নিয়োজনৰ বহু সম্ভাৱনা সৃষ্টি কৰিছে বুলি কৃতিত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ‘ওজছ’-ৰ দৰে ‘ডিজিটেল প্লেটফৰ্ম’ আৰু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদসমূহৰ ক্ষেত্ৰত সাক্ষাত্গ্ৰহণৰ পৰম্পৰাৰ অন্ত পেলোৱাৰ সিদ্ধান্তক প্ৰশংসা কৰে। তেওঁ কয় যে ‘অনুবন্ধম মোবাইল এপ’ আৰু ‘ৱে’ব পৰ্টেল’ৰ মাধ্যমেৰে চাকৰি বিচাৰোতা আৰু চাকৰি দিওতাৰ মাজত সেঁতুবন্ধন কৰি ৰাজ্যখনত নিয়োগৰ প্ৰক্ৰিয়া মসৃণ কৰি তোলা হৈছে। একেদৰে, ‘গুজৰাট লোক সেৱা আয়োগে’ গ্ৰহণ কৰা দ্ৰুত  নিয়োগৰ আৰ্হিটোকো ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা কৰা হৈছে।

এনে ধৰণৰ ‘ৰোজগাৰ মেলা’ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উভয় পৰ্যায়তে ধাৰাবাহিক ভাবে অনুষ্ঠিত কৰি থকা হ’ব বুলিও তেওঁ উল্লেখ কৰে। যিহেতু, কেন্দ্ৰীয় চৰকাৰে ১০ লাখ পদত নিযুক্তি প্ৰদানৰ বাবে যাৱতীয় প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহো এই অভিযানৰে জড়িত হৈ পৰিছে সেয়ে পদৰ সংখ্যা লক্ষণীয় হাৰতে বৃদ্ধি পোৱাতো খাটাং। ই চৰকাৰী আঁচনিসমূহৰ লাভ অন্তিম স্তৰ পৰ্যন্ত বিস্তাৰিত কৰাৰ লগতে নিৰ্দ্ধাৰিত লক্ষ্যৰ এশশতাংশ পূৰণৰ প্ৰত্যাশাক ব্যাপক হাৰত শক্তিসমৃদ্ধ কৰিব বুলি তেওঁ মন্তব্য কৰে।

২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ অন্বেষণ-যাত্ৰাত এইসকল যুৱক-যুৱতীৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সমাজ আৰু দেশৰ বাবে তেওঁলোকক কৰ্তব্য পালনৰ আহ্বান জনায়। ইফালে, নিজকে দক্ষ কৰি ৰখাৰ বাবে নিৰন্তৰ শিকনত প্ৰবৃত্ত হ’বলৈ আহ্বান জনোৱা প্ৰধানমন্ত্ৰীয়ে চাকৰি পোৱাতে তেওঁলোকৰ বিকাশৰ গতি ৰুদ্ধ নকৰিবলৈ যুৱ-প্ৰজন্মক সকীয়াই দিয়ে। “ইয়ে আপোনালকৰ বাবে বহু দুৱাৰ মুকলি কৰিব। উচৰ্গিত মনোভাৱৰে কৰা চাকৰিয়ে অনাবিল সন্তুষ্টি প্ৰদান কৰাৰ লগতে বিকাশ আৰু প্ৰগতিৰ সম্ভাৱনা সৃষ্টি কৰিব” বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বক্তব্যৰ মোখনি মাৰে।     

 

***

DS/KB



(Release ID: 1871972) Visitor Counter : 103