প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭৫,০০০ প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণৰ পাছত ৰোজগাৰ মেলা শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 22 OCT 2022 2:45PM by PIB Guwahati

দেশৰ তৰুণ পুত্ৰ-কন্যাসকল, উপস্থিত অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল। প্ৰথমে ধনতেৰচ উপলক্ষে আপোনালোক সকলোলৈ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ। ভগৱান ধনৱন্তৰীয়ে আপোনালোকক সুস্থ কৰি ৰাখক, মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোক সকলোৰে লগত থাকক, ভগৱানৰ ওচৰত এয়াই মোৰ কামনা। আৰু মই সৌভাগ্যৱান যে মই মাত্ৰ কেদাৰনাথৰ পৰা বদ্ৰীনাথ যাত্ৰালৈ আহিছো আৰু তাৰ বাবেই মোক অলপ পলম হৈছে আৰু ইয়াৰ বাবে মই আপোনালোক সকলোৰে ওচৰতো ক্ষমা বিচাৰিছো।

বন্ধুসকল,

ভাৰতৰ যুৱ শক্তিৰ বাবে আজি এক গুৰুত্বপূৰ্ণ পৰ্ব। বিগত আঠ বছৰত দেশত নিয়োগ আৰু আত্মসংস্থাপনৰ অভিযান চলি আছে, আজি ইয়াৰ লগত আৰু এটা লিংক সংযোজন কৰা হৈছে। এয়াই হৈছে চাকৰি মেলাৰ লিংক। আজি স্বাধীনতাৰ ৭৫বছৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এক কাৰ্যসূচীৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। বিগত আঠ বছৰত লাখ লাখ যুৱকক নিযুক্তি পত্ৰ দিয়া হৈছে, কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছিলো যে একেলগে নিযুক্তি পত্ৰ দিয়াৰ পৰম্পৰাও আৰম্ভ কৰা উচিত। যাতে বিভাগসমূহেও সময় নিৰ্ধাৰিত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগতে নিৰ্ধাৰিত লক্ষ্য অতি সোনকালে অতিক্ৰম কৰাৰ সামূহিক স্বভাৱ থাকে, তাৰ বাবে সামূহিক প্ৰচেষ্টা হ’ব লাগে। সেইবাবেই ভাৰত চৰকাৰত এই ধৰণৰ চাকৰি মেলা আৰম্ভ হৈছে। একেদৰে আগন্তুক মাহবোৰত ভাৰত চৰকাৰে সময়ে সময়ে লাখ লাখ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। মই সুখী যে বহুতো এনডিএ শাসিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে বিজেপি চৰকাৰেও একেধৰণৰ নিয়োগ মেলা আয়োজন কৰিছে। জম্মু-কাশ্মীৰ, দাদৰা আৰু নগৰ হাভেলী, দমন-দিউ আৰু আন্দামান-নিকোবৰেও অনাগত দিনত একেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি হাজাৰ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিবলৈ ওলাইছে। আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱ সহকৰ্মী সকলক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

আপোনালোক সকলোৱে এনে সময়ত ভাৰত চৰকাৰৰ চাকৰিত যোগদান কৰিছে, যি সময়ত দেশ স্বাধীনতাৰ অমৃতকালত প্ৰৱেশ কৰিছে সেই সময়ত৷ এখন উন্নত ভাৰতৰ সংকল্প পূৰণৰ বাবে আমি আত্মনিৰ্ভৰ ভাৰতৰ পথত খোজ দিছো। ইয়াত আমাৰ উদ্ভাৱক, আমাৰ উদ্যোগী, আমাৰ উদ্যোগী, আমাৰ কৃষক, আমাৰ সেৱা আৰু উপাদনৰ লগত জড়িত সকলোৰে ডাঙৰ ভূমিকা আছে। অৰ্থা সকলোৰে প্ৰচেষ্টাতহে এখন উন্নত ভাৰতৰ সৃষ্টি সম্ভৱ। সবকা প্ৰয়াসৰ এই মনোভাৱ তেতিয়াহে জাগ্ৰত হব পাৰে যেতিয়া প্ৰতিজন ভাৰতীয়ই মৌলিক সুবিধাসমূহ পাব আৰু চৰকাৰী প্ৰক্ৰিয়াসমূহ আৰু অধিক দ্ৰুত হয়। লাখ লাখ নিযুক্তিৰ সৈতে জড়িত প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰা, কেইমাহমানৰ ভিতৰতে নিযুক্তি পত্ৰ দিয়া, এইটোৱে দেখুৱাইছে যে যোৱা ৭-৮ বছৰত চৰকাৰী ব্যৱস্থাত কিমান ডাঙৰ পৰিৱৰ্তন আনিছে। ৮-১০ বছৰ আগৰ সেই পৰিস্থিতিবোৰো আমি দেখিছোঁ যেতিয়া এটা সৰু চৰকাৰী কামতো আগতে কেইবামাহো সময় লাগিছিল। এখন টেবুলৰ পৰা আন এখন টেবুললৈ যোৱাৰ পথত চৰকাৰী ফাইলত ধূলি জমা হৈছিল। কিন্তু এতিয়া দেশৰ পৰিস্থিতি সলনি হৈছে, দেশৰ কৰ্ম সংস্কৃতি সলনি হৈছে।

বন্ধুসকল,

আজি যদি কেন্দ্রীয় চৰকাৰৰ বিভাগসমূহত ইমান ক্ষিপ্ৰতা, ইমান দক্ষতা পৰিলক্ষিত হৈছে, ইয়াৰ আঁৰত ৭-৮ বছৰৰ কষ্ট আছে, কৰ্মযোগীসকলৰ এক বিশাল সংকল্প আছে। নহলে মনত আছে যে চৰকাৰী চাকৰিৰ বাবে আগতে আবেদন কৰিবলগীয়া হলে তাৰ পৰাই বহু সমস্যা আৰম্ভ হৈছিল বিভিন্ন প্ৰমাণ পত্ৰ বিচৰা হৈছিল, নেতাসকলৰ ঘৰৰ বাহিৰত শাৰী পাতি থিয় হৈ প্ৰমাণ পত্ৰ যিবোৰ তাত আছিল সেইবোৰ প্ৰমাণ কৰিব লাগিছিল। বিষয়াসকলৰ পৰামৰ্শ লোৱাৰ পিছত যাব লগা হল। চৰকাৰৰ প্ৰাৰম্ভিক বছৰবোৰতেই আমি যুৱক-যুৱতীসকলক এই সকলো অসুবিধাৰ পৰা মুক্ত কৰি দিলোঁ৷ স্ব-প্ৰত্যায়ন, যুৱক-যুৱতীসকলে নিজেই প্ৰমাণ পত্ৰ প্ৰমাণীকৰণ কৰিব লাগে, এই ব্যৱস্থা কৰা হল। দ্বিতীয়টো ডাঙৰ পদক্ষেপ আমি কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি নিযুক্তিত হোৱা সাক্ষাকাৰবোৰ আঁতৰাই সেই সকলোবোৰ পৰম্পৰা আঁতৰ কৰিলোঁ। সাক্ষাকাৰ প্ৰক্ৰিয়াটো শেষ কৰি লাখ লাখ যুৱক-যুৱতীও অপৰিসীম লাভৱান হৈছে।

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশ। ৭-৮ বছৰৰ ভিতৰত আমি ১০নং স্থান পৰা ৫ নং স্থানলৈ উন্নীত হৈছো। এইটো সঁচা যে বিশ্বৰ পৰিস্থিতি ভাল নহয়, বহু বৃহ অৰ্থনীতি সংগ্ৰাম কৰি আছে। বিশ্বৰ বহু দেশত মুদ্ৰাস্ফীতি হব পাৰে, নিবনুৱা সমস্যা, বহু সমস্যা তুংগত আছে। ১০০ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংকটৰ পাৰ্শ্বক্ৰিয়া ১০০ দিনৰ পিছত নাইকিয়া হ, আমি নাভাবো, ভাৰতেও নাভাবে, বিশ্বইও অনুভৱ নকৰে। কিন্তু ইয়াৰ পিছতো সংকটটো ডাঙৰ, ই বিশ্বজোৰা আৰু ইয়াৰ প্ৰভাৱ চাৰিওফালে ঘটি আছে, পাৰ্শ্বক্ৰিয়া আছে। কিন্তু ইয়াৰ পিছতো ভাৰতে নতুন নতুন পদক্ষেপ লৈ, অলপ ৰিস্ক লৈ এই প্ৰচেষ্টা অহৰহ চেষ্টা কৰি আছে, আমি কেনেকৈ আমাৰ দেশক এই বিশ্বজোৰা সংকটৰ পৰা বচাব পাৰিম? আমাৰ দেশত ইয়াৰ প্ৰভাৱ কেনেকৈ ন্যূনতম কৰিব পাৰি? সময় এটা ডাঙৰ পৰীক্ষা, কিন্তু আপোনালোক সকলোৰে আশীৰ্বাদত, আপোনালোক সকলোৰে সহযোগত আমি এতিয়ালৈকে জীয়াই থাকিবলৈ সক্ষম হৈছো। এইটো সম্ভৱ হৈ উঠিছে কাৰণ বিগত ৮ বছৰত আমি দেশৰ অৰ্থনীতিৰ সেই অভাৱবোৰ আঁতৰাই পেলাইছো, যিবোৰে আগতে বাধাৰ সৃষ্টি কৰিছিল।

বন্ধুসকল,

আমি এইখন দেশত এনে এক পৰিৱেশৰ সৃষ্টি কৰিছো, য’ত কৃষি, ব্যক্তিগত খণ্ড, ক্ষুদ্ৰ-ক্ষুদ্ৰ উদ্যোগৰ শক্তি বৃদ্ধি পাব৷ দেশৰ ভিতৰতে সৰ্বাধিক কৰ্মসংস্থাপন সৃষ্টিকাৰী খণ্ড। আজি আমাৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ ওপৰত, দক্ষতা বিকাশৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত দেশৰ উদ্যোগসমূহৰ প্ৰয়োজন অনুসৰি যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ এক বৃহৎ অভিযান চলি আছে। ইয়াৰ অধীনত এতিয়ালৈকে স্কিল ইণ্ডিয়া অভিযানৰ সহায়ত ১.২৫ কোটিৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ বাবে সমগ্ৰ দেশতে দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰা হৈছে। এই আঠ বছৰত কেন্দ্ৰীয় চৰকাৰেও শ শ নতুন উচ্চ শিক্ষানুষ্ঠানৰ সৃষ্টি কৰিছে। আমি যুৱক-যুৱতীসকলৰ বাবে মহাকাশ খণ্ড মুকলি কৰিছো, ড্ৰোন নীতি সৰল কৰিছো যাতে সমগ্ৰ দেশত যুৱক-যুৱতীসকলৰ বাবে অধিক সুযোগ বৃদ্ধি পায়।

বন্ধুসকল,

দেশত বৃহৎ সংখ্যক চাকৰি সৃষ্টি আৰু আত্মসংস্থাপনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা আছিল বেংকিং ব্যৱস্থাত মানুহৰ সীমিত সুবিধা। আমি এই বাধাও আঁতৰাই পেলাইছো। মুদ্ৰা যোজনাই দেশৰ গাঁৱে-ভূঞে আৰু সৰু সৰু চহৰসমূহত উদ্যোগীকৰণৰ সম্প্ৰসাৰণ ঘটাইছে। এতিয়ালৈকে এই আঁচনিৰ অধীনত ২০লাখ কোটি টকাৰ ঋণ দিয়া হৈছে। আত্মসংস্থাপনৰ সৈতে জড়িত ইমান ডাঙৰ কাৰ্যসূচী দেশত আগতে কেতিয়াও কাৰ্যকৰী হোৱা নাছিল। ইয়াতো এই ঋণ পোৱা সকলো সহযোগীৰ ভিতৰত চাৰে ৭ কোটিৰো অধিক লোকে প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰিছে, নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে। আৰু ইয়াতো আটাইতকৈ ডাঙৰ কথাটো হ’ল, মুদ্ৰা যোজনাৰ প্ৰায় ৭০ শতাংশ হিতাধিকাৰী হৈছে আমাৰ কন্যা, মাতৃ আৰু ভগ্নী। ইয়াৰ বাহিৰেও আৰু এটা সংখ্যা অতি গুৰুত্বপূৰ্ণ। বিগত বছৰবোৰত ৮ কোটি মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে, যাক ভাৰত চৰকাৰে আৰ্থিক সহায় আগবঢ়াইছে। এই কোটি কোটি মহিলাই এতিয়া সমগ্ৰ দেশতে নিজৰ নিৰ্মিত সামগ্ৰী বিক্ৰী কৰি তেওঁলোকৰ আয় বৃদ্ধি কৰিছে। এই মুহূৰ্তত মই কালি বদ্ৰীনাথত আত্মসহায়ক গোটত লগ পোৱা মা-ভগ্নীসকলক সুধিছিলো, তেওঁলোকে কৈছিল যে তেওঁলোকৰ প্ৰত্যকটো গোটে ডেৰ লাখ টকা উপাৰ্জন কৰিছে।

বন্ধুসকল,

গাঁৱে-ভূঞে বৃহৎ সংখ্যক নিয়োগ সৃষ্টিৰ আন এক উদাহৰণ হ’ল আমাৰ খাদী আৰু গ্ৰামোদ্যোগ৷ দেশত প্ৰথমবাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগে অতিক্ৰম কৰিলে ১ লাখ কোটি টকা। এই বছৰবোৰত খাদী আৰু গ্ৰামোদ্যোগত ১ কোটিৰো অধিক চাকৰিৰ সৃষ্টি হৈছে। ইয়াতো আমাৰ বহু সংখ্যক ভগ্নীৰ এটা অংশীদাৰিত্ব আছে।

বন্ধুসকল,

ষ্টাৰ্ট আপ ইণ্ডিয়া অভিযানে সমগ্ৰ বিশ্বতে দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনা প্ৰতিষ্ঠা কৰিছে। ২০১৪ চনলৈকে, য’ত দেশত কেইশমান ষ্টাৰ্ট-আপ আছিল, আজি এই সংখ্যা বৃদ্ধি পাই ৮০ হাজাৰৰো অধিক হৈছে। এই সময়ছোৱাত হাজাৰ হাজাৰ কোটি টকাৰ বহু কোম্পানী গঢ়ি তুলিছে আমাৰ যুৱ সহকৰ্মী সকলে। আজি দেশৰ এই হাজাৰ হাজাৰ ষ্টাৰ্ট আপত লাখ লাখ যুৱকে কাম কৰি আছে। আজি কোটি কোটি লোকে দেশৰ এমএছএমইসমূহত কাম কৰি আছে, আনকি ক্ষুদ্ৰ উদ্যোগতো কাম কৰি আছে, য’ত বিগত বছৰবোৰত বৃহৎ সংখ্যক অংশীদাৰে যোগদান কৰিছে। ক’ৰোনাৰ সংকটৰ সময়ত কেন্দ্রীয় চৰকাৰে এমএছএমইৰ বাবে ৩ লাখ কোটিতকৈ অধিক টকা যোগান ধৰিছিল, সংকটত পৰা প্রায় ডেৰ কোটি চাকৰি ৰক্ষা হৈছিল৷ ভাৰত চৰকাৰে এমএনৰেগাৰ জৰিয়তে সমগ্ৰ দেশৰ ৭ কোটি লোককো কৰ্মসংস্থাপন প্ৰদান কৰি আছে। আৰু সেইখিনিতে এতিয়া আমি সম্পত্তি গঢ় দিয়াৰ ওপৰত গুৰুত্ব দিছো। ডিজিটেল ইণ্ডিয়া অভিযানে সমগ্ৰ দেশতে লাখ লাখ ডিজিটেল উদ্যোগীও সৃষ্টি কৰিছে। দেশৰ ৫ লক্ষাধিক কমন চাৰ্ভিচ চেণ্টাৰত লাখ লাখ যুৱকে কৰ্মসংস্থাপন লাভ কৰিছে। ৫জিৰ সম্প্ৰসাৰণৰ লগে লগে ডিজিটেল খণ্ডত নিয়োগৰ সুযোগ আৰু বৃদ্ধি পাবলৈ গৈ আছে।

বন্ধুসকল,

একবিংশ শতিকাত দেশৰ আটাইতকৈ অভিলাষী মিছন হৈছে মেক ইন ইণ্ডিয়া, স্বাৱলম্বী ভাৰত। আজি দেশখন বহু দিশত বৃহৎ আমদানিকাৰকৰ পৰা বৃহৎ ৰপ্তানিকাৰকলৈ গতি কৰিছে। এনে বহুতো খণ্ডত ভাৰতে আজি বিশ্বৰ হাব হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। যেতিয়া খবৰ আহে যে প্ৰতিমাহে ভাৰতৰ পৰা সমগ্ৰ বিশ্বলৈ ১ বিলিয়ন মোবাইল ফোন ৰপ্তানি কৰা হৈছে, তেতিয়া ই আমাৰ নতুন সম্ভাৱনাকে প্ৰতিফলিত কৰে। ভাৰতে যেতিয়া নিজৰ সকলো পুৰণি ৰপ্তানিৰ অভিলেখ ভংগ কৰে, তেতিয়া এইটো প্ৰমাণ কৰে যে ভূমি পৰ্যায়তো নতুন নিয়োগৰ সুযোগ সৃষ্টি হৈছে। আজি বাহনৰ পৰা মেট্ৰ’ ডবা, ৰে’ল ডবা আৰু প্ৰতিৰক্ষা সঁজুলিলৈকে বহু খণ্ডত ৰপ্তানি দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতত কাৰখানা বৃদ্ধি হোৱাৰ বাবেহে এনে হৈছে। কাৰখানা বাঢ়িছে, গতিকে তাত কাম কৰা লোকৰ সংখ্যা বাঢ়িছে।

বন্ধুসকল,

উৎপাদন আৰু পৰ্যটন এনে দুটা খণ্ড, যিয়ে বৃহৎ সংখ্যক চাকৰিৰ সুবিধা প্ৰদান কৰে। সেইবাবেই আজি কেন্দ্ৰীয় চৰকাৰে এইবোৰৰ ওপৰত অতি ব্যাপকভাৱে কাম কৰি আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোম্পানীসমূহে ভাৰতলৈ আহি ভাৰতত নিজৰ কাৰখানা স্থাপন কৰি বিশ্বৰ চাহিদা পূৰণ কৰাৰ বাবেও প্ৰক্ৰিয়াসমূহ সৰল কৰি তোলা হৈছে। উত্পাদনভিত্তিত উদ্গনি দিয়াৰ বাবে পিএলআই আঁচনিও আৰম্ভ কৰিছে চৰকাৰে। যিমানেই উৎপাদন বেছি সিমানেই উদ্গনি দিয়া হৈছে, এয়াই ভাৰতৰ নীতি। ইয়াৰ উন্নত ফলাফল আজি বহু খণ্ডত ইতিমধ্যে দৃশ্যমান হৈছে। বিগত বছৰবোৰত আহি থকা ইপিএফঅ’ৰ তথ্যইও দেখুৱাইছে যে নিয়োগ সন্দৰ্ভত চৰকাৰৰ নীতিয়ে কিমান লাভৱান হৈছে। দুদিন পূৰ্বে অহা তথ্য অনুসৰি চলিত বৰ্ষৰ আগষ্ট মাহত প্ৰায় ১৭ লাখ লোকে ইপিএফঅ’ত যোগদান কৰিছে। অৰ্থাৎ তেওঁলোক দেশৰ আনুষ্ঠানিক অৰ্থনীতিৰ অংশ হৈ পৰিছে। ইয়াতো প্ৰায় ৮ লাখ এনে লোক আছে যি ১৮ৰ পৰা ২৫ বছৰ বয়সৰ গোটৰ অন্তৰ্গত।

বন্ধুসকল,

আন্তঃগাঁথনি নিৰ্মাণৰ পৰা নিয়োগ সৃষ্টিৰ বাবেও আন এটা ডাঙৰ সুযোগ আছে, ইয়াৰ এটা বিশাল দিশ আছে আৰু এই বিষয়ত বিশ্বৰ সকলোৱে স্বীকৃতি লাভ কৰিছে যে হয় এইটোৱেই হৈছে নিয়োগ বৃদ্ধি কৰা খণ্ড। বিগত আঠ বছৰত সমগ্ৰ দেশতে হাজাৰ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ৰে’লপথ দুগুণ কৰাৰ কাম কৰা হৈছে, ৰে’লপথৰ গজ ৰূপান্তৰ কৰাৰ কাম হৈছে, সমগ্ৰ দেশৰ ৰে’লপথত বিদ্যুৎকৰণৰ কাম চলি আছে৷ দেশত নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে, ৰেল ষ্টেচনসমূহ আধুনিকীকৰণ কৰা হৈছে, নতুন জলপথ নিৰ্মাণ কৰা হৈছে। সমগ্ৰ দেশতে চলি আছে অপটিকেল ফাইবাৰ নেটৱৰ্কৰ এক বৃহৎ অভিযান। লাখ লাখ আৰোগ্য কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনতো তিনি কোটিৰো অধিক গৃহ নিৰ্মাণ কৰা হৈছে। আৰু আজি সন্ধিয়া ধনতেৰছত যেতিয়া মই মধ্যপ্ৰদেশৰ চাৰে চাৰি লাখ ভাই-ভনীৰ হাতত ঘৰৰ চাবি অৰ্পণ কৰিম, তেতিয়া এই বিষয়তো বিতংভাৱে জনাম। আপোনালোককো অনুৰোধ কৰিম। আজি মোৰ সন্ধিয়াৰ ভাষণটোও চাব।

বন্ধুসকল,

আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১০০ লাখ কোটি টকাৰো অধিক লক্ষ্য লৈ ভাৰত চৰকাৰ অগ্ৰসৰ হৈছে। ইমান বৃহৎ পৰিসৰত হৈ থকা উন্নয়নমূলক কাম-কাজে, স্থানীয় পর্যায়ত যুৱক-যুৱতীসকলৰ বাবে লাখ লাখ নিয়োগৰ সুযোগ সৃষ্টি কৰিছে৷ আধুনিক আন্তঃগাঁথনিৰ বাবে কৰা এই সকলোবোৰ কামে পৰ্যটন খণ্ডকো নতুন শক্তি প্ৰদান কৰি আছে। ঐতিহাসিক গুৰুত্বপূৰ্ণ, বিশ্বাসৰ, আধ্যাত্মিকতাৰ এই স্থানসমূহো সমগ্ৰ দেশতে বিকশিত কৰা হৈছে। এই সকলোবোৰ প্ৰচেষ্টাই কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে, দুৰ্গম অঞ্চলতো যুৱক-যুৱতীসকলক সুযোগ দিছে। মুঠতে কেন্দ্ৰীয় চৰকাৰে একেলগে বিভিন্ন দিশত কাম কৰি দেশত অধিক সংখ্যক চাকৰি সৃষ্টি কৰিছে।

বন্ধুসকল,

আমি দেশৰ যুৱ জনসংখ্যাক আমাৰ সৰ্ববৃহৎ শক্তি বুলি গণ্য কৰোঁ। স্বাধীনতাৰ অমৃতত এখন উন্নত ভাৰত গঢ়াৰ চালিকাশক্তি হৈছে আমাৰ যুৱক-যুৱতীসকল, আপোনালোক সকলো। আজি নিযুক্তি পত্ৰ লাভ কৰা সকলক বিশেষভাৱে ক'ব বিচাৰিছো যে যেতিয়াই কাৰ্যালয়লৈ আহে তেতিয়াই নিজৰ কৰ্তব্যৰ পথ সদায় মনত ৰাখিব। আপোনালোকক জনসাধাৰণৰ সেৱা কৰিবলৈ নিযুক্তি দিয়া হৈছে। একবিংশ শতিকাৰ ভাৰতত চৰকাৰী সেৱা কোনো সুবিধা নহয়, কিন্তু সময়সীমাৰ ভিতৰত কাম কৰি দেশৰ গুণগত মানৰ লোকক সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি, এক সোণালী সুযোগ। যিমানেই কঠিন পৰিস্থিতি, সেৱাৰ চিন্তা আৰু সময়সীমাৰ সীমাবদ্ধতা যিমানেই কঠিন নহওক কিয়, আমি সকলোৱে একেলগে ইয়াক বজাই ৰাখিবলৈ চেষ্টা কৰিম। মই নিশ্চিত যে এই ডাঙৰ সংকল্পটো মনত ৰাখি আপোনালোকে সেৱাৰ মনোভাৱক সৰ্বাধিক মাত্ৰা প্ৰদান কৰিব। মনত ৰাখিব আপোনালোকৰ সপোন আজিৰে পৰা আৰম্ভ হৈছে, যিটো কেৱল উন্নত ভাৰতৰ জৰিয়তেহে পূৰণ হ’ব। আপোনালোক সকলোলৈ পুনৰ নিযুক্তি পত্ৰ, জীৱনৰ নতুন আৰম্ভণিৰ বাবে বহুত শুভেচ্ছা জনালো আৰু মোৰ বিশ্বাস যে মোৰ বিশ্বস্ত অংশীদাৰ হৈ আমি সকলোৱে মিলি দেশৰ সাধাৰণ মানুহৰ আশা, আকাংক্ষা পূৰণত কোনো ত্ৰুটি নকৰো। ধনতেৰছৰ পবিত্ৰ উৎসৱ। ইয়াত আমাৰ বাবেও ইয়াৰ গুৰুত্ব অতিশয় বেছি। দীপাৱলীও আহি আছে। অৰ্থাৎ উৎসৱমুখৰ মুহূৰ্ত। এই পত্ৰবোৰ হাতত থাকিলে আপোনালোকৰ উৎসৱবোৰ অধিক উৎসাহেৰে ভৰি পৰিব আৰু লগতে আপোনালোকক এনে এটা সংকল্পৰ সৈতেও সংযোগ কৰিব যিটো ভাৰতৰ স্বাধীনতাৰ সময়ত এশ বছৰ পুৰণি হ’ব। অমৃতকালৰ ২৫ বছৰ, আপোনালোকৰ জীৱনৰো ২৫ বছৰ, এই গুৰুত্বপূৰ্ণ ২৫ বছৰত আহক আমি সকলোৱে মিলি দেশক নতুন উচ্চতাত উপনীত কৰো৷ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোকে বহুত বহুত ধন্যবাদ।

***

DS/LP/VK/AK/DB



(Release ID: 1871709) Visitor Counter : 139