তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মাননীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিংহ ঠাকুৰৰ ভ্ৰমণেই বিশেষ অভিযান ২.০ৰ জৰিয়তে ডিডিকে আহমেদাবাদৰ সফলতাৰ কাহিনীৰ অন্তৰালৰ ৰহস্য

Posted On: 25 OCT 2022 6:03PM by PIB Guwahati

স্বচ্ছতা অভিযান আৰু দীৰ্ঘকালীন বিষয় সমাধানৰ বাবে বিশেষ অভিযান (এছচিপিডিএম) ২.০ৰ জৰিয়তে মাননীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিংহ ঠাকুৰে ২৯ ছেপ্টেম্বৰ, ২০২২ত দূৰদৰ্শন কেন্দ্ৰ আহমেদাবাদ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ খবৰ পায়েই মন্ত্ৰালয়ৰ বিষয়াসকলৰ মাজত এই অভিযানক অত্যন্ত সফল কৰি তুলিবলৈ ভৰপূৰ উৎসাহ সৃষ্টি হয়। তেওঁৰ ভ্ৰমণত অত্যন্ত উৎসাহিত ডিডিকে আহমেদাবাদে এছচিপিডিএম ২.০ৰ জৰিয়তে নিম্নলিখিত উৎকৃষ্ট প্ৰাপ্তিৰাজি অৰ্জনৰ বিষয়ে অৱগত কৰে।

 

  • কাৰ্যালয়ে নিজৰ পৰিসৰৰ পৰা প্ৰায় ৪৪খন ট্ৰেক্টৰত ভৰ্তি ঘাঁহ, হাবি-বন আৰু জাবৰ আঁতৰায়।
  • কেইবাটাও বনৰীয়া আৰু বিষাক্ত সৰীসৃপ বনৰীয়া ঘাঁহত লুকাই আছিল আৰু সেইবোৰ এই পৰিসৰৰ পৰা আঁতৰাই দিয়া হয়।
  • কাৰ্যালয়ে ৮৫৫৮ কিলো কাগজৰ আৱৰ্জনা, ১২৫০ কিলো প্লাষ্টিক আৱৰ্জনা, ১৩৫৫ কিলো কাঠৰ আৱৰ্জনা আৰু ২৭৫৫ কিলো ধাতুৰ আৱৰ্জনা সংগ্ৰহ কৰি সেইবোৰ আঁতৰায়।
  • পেলনীয়া পদাৰ্থবোৰ অপসাৰণৰ পৰা পোৱা মুঠ ৰাজহ এতিয়ালৈকে ২০.৪০ লাখ টকা হৈছে।
  • ১০৭০টা ফিজিকেল ফাইলৰ সমীক্ষা কৰা হয় আৰু ৯৪টা ফিজিকেল ফাইল আঁতৰোৱা হয়।
  • এই অভিযানৰ সময়ত প্ৰায় ৩৯০০ বৰ্গ ফুট আভ্যন্তৰীণ (ইণ্ডোৰ) ঠাই আৰু প্ৰায় ১০০০০ বৰ্গ ফুট বাহ্যিক (আউটডোৰ) ঠাই খালী কৰাৰ সম্ভাৱনা আছে।

 

***



(Release ID: 1870909) Visitor Counter : 96