প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাহৰেইন ভ্ৰমণ কালত দ্য কিং হামাদ অৰ্ডাৰ অৱ দ্য ৰেনেছাঁ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 24 AUG 2019 3:02PM by PIB Guwahati

বাহৰেইনৰ মহামহিম ৰজা,


দ্য কিং হামাদ অৰ্ডাৰ অৱ দ্য ৰেনেছাঁ (The King Hamad Order of the Renaissance) সন্মান লাভেৰে মই অতিশয় সম্ভ্ৰম আৰু সৌভাগ্যৱান বুলি অনুভৱ কৰিছো। মহামহিম বন্ধুত্বই মোক আৰু মোৰ দেশক সমানে সন্মানিত কৰিছে।

মই ১৩ কোটি ভাৰতীয়ৰ হৈ এই সন্মান বিনম্ৰভাৱে গ্ৰহণ কৰিছো। সমগ্ৰ ভাৰতৰ বাবেই এয়া এক সন্মান। এয়া বাহৰেইন সাম্ৰাজ্য আৰু ভাৰতৰ মাজৰ ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ স্বীকৃতি। এই সম্পৰ্ক হাজাৰ-হাজাৰ বছৰ পূৰ্বৰেপৰা অব্যাহত আছে।

আৰু একবিংশ শতিকাত সকলো ক্ষেত্ৰতে এই সম্পৰ্কৰ সম্প্ৰসাৰণ ঘটিছে। আজি আমাৰ আলোচনা কালত আমি সহযোগিতাৰ নতুন ক্ষেত্ৰৰ সংযোজনেৰে এই সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ সন্মত হোৱাতো আনন্দৰ কথা।

আমি ভাৰতক $৫ ট্ৰিলিয়নৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। আমি বাহৰেইন, সহভাজিত প্ৰগতিৰ অৰ্থে ভাৰতৰ অধিক ঘনিষ্ঠ অংশীদাৰ হোৱাতো কামনা কৰো।

মই ক’বলৈ পাই সন্তোষিত যে ভাৰতীয় মূলৰ লোকসকল হৈছে বাহৰেইনৰ সৰ্ববৃহৎ বিদেশী জনগোষ্ঠী। ইয়াত তেওঁলোকক মুকলি মনেৰে আদৰি লোৱা হৈছে।

মই সাম্ৰাজ্যখনৰ নেতৃত্বক ধন্যবাদ জনাব খুজিছো। তেওঁলোকে ভাৰতীয় মূলৰ লোকসকলক চোৱা-চিতা কৰাৰ লগতে ইয়াত তেওঁলোকক ঘৰত থকাৰ দৰে অনুভৱ কৰিব পৰাকৈ এক পৰিবেশ প্ৰদান কৰিছে। মই নিজকে আমাৰ চুবুৰীয়া এই ঘনিষ্ঠ সাম্ৰাজ্যখন ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে অতিশয় সৌভাগ্যৱান বুলি বিবেচিত কৰিছো।

মোৰ আৰু মোৰ প্ৰতিনিধি দলটোক বাহৰেইনৰ নেতৃত্বই আগবঢ়োৱা উদাৰ আতিথ্যৰ বাবে তেওঁলোকক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। এবাৰ ভাৰত ভ্ৰমণেৰে মহামহিমক আদৰিবলৈ পালে সন্তোষ পাম।


ধন্যবাদ।

***


DS/LP/SB



(Release ID: 1870904) Visitor Counter : 78