প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাৰ্গিলত সেনাবাহিনীৰে দিৱালী উদযাপন প্ৰধানমন্ত্ৰীৰ


এই উপলক্ষে বীৰ জোৱানৰে কৰে বাৰ্তালাপ

Posted On: 24 OCT 2022 2:26PM by PIB Guwahati

বহু বছৰ ধৰি আপোনালোক মোৰ পৰিয়ালৰ এক অংশ হৈ আহিছে

 

দিৱালী হৈছে সন্ত্ৰাসৰ অন্তত উদযাপিত হোৱা উত্সৱ

 

ভাৰত যাক আমি শ্ৰাদ্ধা কৰো কেৱল এক ভৌগলিক অঞ্চলেই নহয় বৰং, এক জীৱন্ত চেতনা, এক অবিচল সচেতনতা, এক চিৰন্তন অস্তিত্ব

 

সীমান্তত এক প্ৰাচীৰ হৈ ৰোৱা আপোনালোকে দেশৰ অভ্যন্তৰৰ শত্ৰুৰ বিৰুদ্ধেও কঠোৰ শাস্তিৰ দিহা কৰে

 

মই আমাৰ সশস্ত্ৰ সেনাবাহিনীক প্ৰশংসা কৰিছো, যিয়ে ৪০০ৰো অধিক প্ৰতিৰক্ষা সামগ্ৰী বিদেশৰ পৰা ননাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু এতিয়া সেইবোৰ ভাৰততে নিৰ্মাণ কৰা হ

 

নতুন প্ৰত্যাহ্বান, নতুন পদ্ধতি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা চম্ভালিব পৰাকৈ আমি আমাৰ সেনাবাহিনীক সাজু কৰিছো

 

সেনাবাহিনীৰ সৈতে দিৱালী উদযাপনৰ তেওঁ প্ৰতিস্থা কৰা পৰম্পৰা অব্যাহত ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলিৰ দিৱালী কাৰ্গিলত সেনাৰ সৈতে উদযাপন কৰে।

বীৰ জোৱানসকলক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে কাৰ্গিলৰ ভূমিৰ প্ৰতি থকা শ্ৰদ্ধাই তেওঁক সদায়ে সেনাবাহিনীৰ সাহসী লৰা-ছোৱালীৰ কাষলৈ টানি আনে। প্ৰধানমন্ত্ৰীয়ে কয়, বহু বছৰ ধৰি আপোনালোক মোৰ পৰিয়ালৰ এক অংশ হৈ আহিছেপ্ৰধানমন্ত্ৰীয়ে কয় যে জোৱানসকলৰ উপস্থিতিত দিৱালীৰ সোৱাদ তেওঁৰ বাবে অধিক হৈ উঠে, আৰু তেওঁলোকৰ মাজত থাকিলে দিৱালীৰ জ্যোতিয়ে তেওঁৰ চেতনাক অধিক উজ্জীৱিত কৰি তোলে। এফালে ৰাষ্ট্ৰৰ সাৰ্বভৌম সীমান্ত, আৰু আনফালে প্ৰতিবদ্ধ সেনাজোৱান, এফালে মাতৃভূমিৰ প্ৰতি থকা আমাৰ প্ৰেম-ভালপোৱা, আনফালে শক্তিমান জোৱান। দিৱালীৰ এনে এক এই প্ৰাবল্য মই আৰু কত পাম! প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে ভাৰতে পৰম আগ্ৰহৰে উদযাপন কৰা সাহসৰ শৌৰ্যগাঁথা হৈছে আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ অংগ। আজি কাৰ্গিলৰ এই বিজয়ভূমিৰ পৰা মই ভাৰত আৰু পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিলৈ শুভ দিৱালীৰ শুভকামনা জ্ঞাপন কৰিলো বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে পাকিস্তানৰ বিৰুদ্ধে এনে এখন যুদ্ধ নাই যত বিজয়ী হৈ কাৰ্গিলে ত্ৰিৰংগ পতাকা উত্তোলন কৰা নাছিলআজিৰ তাৰিখত পৃথিৱীত ভাৰতৰ অৱস্থিতি সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে সাম্প্ৰতিক ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত জ্যোতিৰ উত্সৱে শান্তি আৰু সমৃদ্ধিৰ পথ উদ্ভাসিত কৰি তুলিব। দিৱালীৰ বৈশিষ্ট্য বিশ্লেষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, দিৱালী হৈছে সন্ত্ৰাসৰ অন্তত উদযাপিত হোৱা উত্সৱদিৱালী সন্দৰ্ভত এক ব্যাখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কাৰ্গিলেও ঠিক তাকে কৰি দেখুৱাইছে আৰু সেই বিজয়গাঁথাৰ উদযাপনক আজিও স্মৰণ কৰা হৈছে

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰি কয় যে কাৰ্গিল যুদ্ধৰ তেওঁ স্বয়ং সাক্ষী আছিল আৰু খুউব কাষৰ পৰাই সেয়া প্ৰত্যক্ষ কৰিছিল। যুঁজত শত্ৰুসেনাক বাৰুকৈয়ে এসেকা দিয়া বীৰ জোৱানসকলৰ সৈতে সময় কটাবলৈ অহাৰ সময়ত তোলা ২৩ বছৰ পুৰণা এখন ফটো সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা বাবে প্ৰধানমন্ত্ৰীয়ে সেনা কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। এগৰাকী সাধাৰণ নাগৰিক হিচাপে মোৰ কৰ্তব্যপথে মোক যুদ্ধথলীলৈ টানি আনিছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। দেশৰ জনতাই সংগ্ৰহ কৰা কিছু সামগ্ৰী দিয়াৰ বাবে অহাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এয়া তেওঁৰ বাবে এক প্ৰাৰ্থনাৰ মুহূৰ্ত আছিল বুলি মন্তব্য কৰে। সেই সময়ৰ বাতাবৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিৰেই আহ্বান আছিল মন, তন আৰু আত্মাক উত্সৰ্গা কৰাৰ আৰু বিজয়উল্লাসে আমাৰ চৌপাশৰ বায়ু পৰিপূৰ্ণ কৰি তুলিছিল।

ভাৰত যাক আমি শ্ৰাদ্ধা কৰো কেৱল এক ভৌগলিক অঞ্চলেই নহয়, বৰং এক জীৱন্ত চেতনা, এক অবিচল সচেতনতা, এক চিৰন্তন অস্তিত্ব বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ আৰু কয় যে আমি যেতিয়া ভাৰতৰ কথা কওঁ ভাৰতৰ সংস্কৃতিৰ চিৰন্তন ছবিখন সন্মুখত ভাস্বত হৈ উঠে, উত্তৰাধিকাৰিত্ব বৃত্ত স্বতঃস্ফূৰ্তভাবে নিৰ্মিত হয় আৰু ভাৰতৰ প্ৰবল শক্তিৰ আৰ্হি বাঢ়িবলৈ আৰম্ভ কৰেভাৰত এনে এক অস্ত্ৰৰ স্ৰোত যাৰ আৰম্ভণি এটা প্ৰান্তত হৈ আকাশ-স্পৰ্শী হিমালয় আৰু ভাৰত মহাসাগৰক একাকাৰ কৰেপ্ধানমন্ত্ৰীয়ে স্মৰণ কৰি কয় যে অতীতত বিকশিত বহু সভ্যতা আজি ধূলিত মিলি গল, কিন্তু ভাৰতৰ সাংস্কৃতিক স্ৰোত বাধাহীনভাবে আজিও প্ৰবাহিত হৈয়ে থাকিল। এখন ৰাষ্ট্ৰ তেতিয়াহে অমৰ হৈ ৰয় যেতিয়া দেশখনৰ বীৰ লৰা-ছোৱালীহঁতে তেওঁলোকৰ সামৰ্থ্য আৰু সমলৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰিব পাৰে

কাৰ্গিলৰ যুদ্ধভূমি হৈছে ভাৰতীয় সেনাৰ শৌৰ্যৰ উজলি থকা প্ৰমাণ। ভাৰতীয় সশস্ত্ৰ সেনাৰ বিক্ৰমৰ আগত পৰ্বতৰ শিখৰত বহি থকা শত্ৰুসেনা যে তেনেই বাওনা আছিল  তাৰ প্ৰমাণ হৈছে ড্ৰাছ, বাটালিক আৰু টাইগাৰ হিল বুলি মন্তব্য কৰে শ্ৰী মোদীয়ে। তেওঁ কয় যে যিসকলে ভাৰতৰ সীমান্ত পহৰা দিয়ে তেওঁলোক হৈছে ভাৰতৰ নিৰপত্তাৰ অতন্দ্ৰ প্ৰহৰী। সীমান্ত সুৰক্ষিত হলেই দেশ সুৰক্ষিত হব, অৰ্থনীতি প্ৰসাৰিত হব আৰু সমাজ আত্মবিশ্বাসৰে পৰিপূৰ্ণ হৈ উঠিব। আৰু দেশৰ সামৰ্থ্যৰ বিষয়ে যেতিয়া বতৰা শুনিবলৈ পাওঁ তেতিয়াই সমগ্ৰ দেশৰ মনোবল বাঢ়িবলৈ ধৰেদেশবাসীৰ মনত উদয় হোৱা ভাতৃত্ববোধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত মিছন আৰু বিদ্যুত্, পানী যোগানৰে সুসজ্জিত কৰি নিৰ্দ্ধাৰিত সময়ত বিতৰণ কৰা পকীঘৰৰ উদাহৰণ দাঙি ধৰি কয় যে প্ৰতিগৰাকী জোৱানেই ইয়াক লৈ গৌৰৱবোধ কৰে। দূৰ-দূৰণিত থকা জোৱানসকলৰ ঘৰলৈকো যেতিয়া এনেবোৰ সুবিধাৰ প্ৰবাহ হয় তেতিয়া তেওঁলোকৰ মনবোৰো সন্তুষ্টিৰে ভৰি উঠে। তেওঁলোকৰ মনবোৰ উজলি উঠে যেতিয়া জোৱানসকলে পথ-যোগাযোগ ব্যৱস্থাৰ উত্তৰণ দেখিবলৈ পাই, ঘৰৰ সৈতে সহজে কথা-বতৰা পাতিবলৈ পাই, আনকি ছুটীৰ দিনত সহজেই ঘৰত আহি উপস্থিত হবগৈ পাৰে। বিশ্বৰ সৰ্ববৃহত্ অৰ্থনীতি হিচাপে ৭-৮ বছৰৰ আগতে দশম স্থানত থকা ভাৰতৰ শেহতীয়া ভাবে পঞ্চমস্থানলৈ হোৱা উথ্থানৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। সেইদৰে ৮০,০০০ৰো অধিক ষ্টাৰ্টআপ-য়ে উদ্ভাৱনশীলতাৰ কলঘৰ চলাই ৰখিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। দুদিন আগতে ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে একেটা খেপতে ৩৬টা কৃত্ৰিম উপগ্ৰহ মহাকাশত সংস্থাপিত কৰি ইছৰোৱে প্ৰতিস্থা কৰা নতুন অভিলেখটোৰ প্ৰসংগও স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে তেওঁ ইউক্ৰেইন যুদ্ধৰ বেলিকা ভাৰতীয়সকলৰ সুৰক্ষা কৱচ ভূমিকাত অৱতীৰ্ণ হোৱা ত্ৰিৰংগ পতাকাৰ প্ৰসংগও ভাষণত সন্নিৱিষ্ট কৰে।

ভাৰতে বাহিৰৰ শত্ৰুৰ লগতে দেশৰ অভ্যন্তৰত থকা শত্ৰুৰ বিৰুদ্ধেও সফলতাৰে যুদ্ধত অৱতীৰ্ণ হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, সীমান্তত এক প্ৰাচীৰ হৈ ৰোৱা আপোনালোকে দেশৰ অভ্যন্তৰৰ শত্ৰুৰ বিৰুদ্ধেও কঠোৰ শাস্তিৰ দিহা কৰি আহিছে

প্ৰসংগক্ৰমে তেওঁ প্ৰতিৰক্ষা সা-সৰঞ্জাম বিদেশৰ পৰা আমদানি কৰাৰ পৰিৱৰ্তে দেশতে নিৰ্মাণৰ বাবে শেহতীয়া ভাবে গ্ৰহণ কৰা উদ্যোগৰ প্ৰসংগ উথ্থাপন কৰি কয়, মই আমাৰ সশস্ত্ৰ সেনাবাহিনীক প্ৰশংসা কৰিছো, যিয়ে ৪০০ৰো অধিক প্ৰতিৰক্ষা সামগ্ৰী বিদেশৰ পৰা ননাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু এতিয়া সেইবোৰ ভাৰততে নিৰ্মাণ কৰা হতেওঁ নতুন প্ৰত্যাহ্বান, নতুন পদ্ধতি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা চম্ভালিব পৰাকৈ আমি আমাৰ সেনাবাহিনীক সাজু কৰিছো বুলিও অভিমত প্ৰকাশ কৰে।  

আজিৰ তাৰিখত ভাৰত আৰু ইয়াৰ প্ৰগতিৰ সম্ভাৱনীয়তাসমূহৰ ওপৰত সমগ্ৰ পৃথিৱীয়ে দৃষ্টি নিক্ষেপ কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ এই সামৰ্থ্যৰ প্ৰকৃত সাক্ষী হবলৈ ওলাইছে স্বাধীনতাৰ অমৃত কালএই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অতিকে বিশাল হব কিয়নো আপোনালোক যে ভাৰতৰ গৌৰৱ

ভাৰতীয় সেনাবাহিনীৰ প্ৰতি উচৰ্গিত এটি কবিতা আওৰাই তেওঁ ভাষণৰ সামৰণি মাৰে। 

***

DS/TS/KB



(Release ID: 1870736) Visitor Counter : 127