প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মধ্য প্ৰদেশৰ ৰেৱাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা
Posted On:
22 OCT 2022 11:26AM by PIB Guwahati
মধ্য প্ৰদেশৰ ৰেৱাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত নিহত হোৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু দুৰ্ঘটনাটোত আহত হোৱাসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যচৰকাৰৰ তদাৰকীত স্থানীয় প্ৰশাসনে দুৰ্ঘটনাটোত পতিতসকললৈ যথাসম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়াই আছে।
এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত উল্লেখ;
“মধ্য প্ৰদেশৰ ৰেৱাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটো হৃদয়বিদাৰক আছিল। এই দুৰ্ঘটনাত যিসকলে আত্মীয়ক হেৰুৱাবলগীয়া হ’ল তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। ইয়াৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। ৰাজ্য চৰকাৰৰ তদাৰকীত স্থানীয় প্ৰশাসনে পীড়িতসকললৈ যথা সম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়াই আছে”।
“প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু দুৰ্ঘটনাটোত আহত হোৱা সকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে”।
https://t.co/24QEOITaL1
— PMO India (@PMOIndia) October 22, 2022
***
DS/TS/KB
(Release ID: 1870369)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam