প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০১৯ৰ এছচিঅ' শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ (১৪ জুন, ২০১৯)

পোষ্ট কৰা হৈছে: 14 JUN 2019 3:09PM by PIB Guwahati

কিৰঘিজ গণৰাজ্যৰ মাননীয় ৰাষ্ট্ৰপতি আৰু আজিৰ বৈঠকৰ মাননীয় অধ্যক্ষ

মাননীয় সহকৰ্মীসকল আৰু বন্ধুবৰ্গ,

প্ৰথমতে, এছচিঅ' শীৰ্ষ সন্মিলনৰ যোগ্য নেতৃত্ব প্ৰদানৰ বাবে মই ৰাষ্ট্ৰপতি জীনবেকভ আৰু কিৰঘিজ গণৰাজ্যক অভিনন্দন জনাইছোঁ। উদাৰ আতিথ্য আৰু উষ্ম আদৰণিৰ বাবে মই ধন্যবাদ জনাইছোঁ। এছচিঅ' নেতাসকলৰ এই বৈঠকত অংশগ্ৰহণ কৰাটো মোৰ বাবে আনন্দৰ বিষয়। ভাৰত এছচিঅ'ৰ পূৰ্ণ সদস্য হোৱাৰ দুবছৰ হ'ল। আমি এছচিঅ'ৰ সকলো কাৰ্যকলাপত ইতিবাচক অৱদান আগবঢ়াইছোঁ। আমি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এছচিঅ'ৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা বৃদ্ধিৰ বাবে ব্যাপকভাৱে কাম কৰি আছোঁ।

 

মহামহিমসকল,

ভাৰতৰ ইতিহাস, সভ্যতা আৰু সংস্কৃতি হাজাৰ হাজাৰ বছৰ ধৰি এছচিঅ' অঞ্চলৰ সৈতে জড়িত হৈ আছে। আমাৰ অংশীদাৰী ক্ষেত্ৰখনক আধুনিক যুগত উন্নত সংযোগৰ প্ৰয়োজন। আন্তৰ্জাতিক উত্তৰ দক্ষিণ পৰিবহণ কৰিডৰ, চাবাহাৰ বন্দৰ, আশ্বগাবাট চুক্তিৰ দৰে পদক্ষেপে যোগাযোগ ব্যৱস্থাৰ ওপৰত ভাৰতৰ গুৰুত্বৰ কথা স্পষ্টভাৱে প্ৰতিফলিত কৰে। আমি ২০১৭ চনৰ পৰা কাবুল আৰু কান্দাহাৰৰ পৰা নতুন দিল্লী আৰু মুম্বাইৰ মাজত পণ্যবাহী বিমান কৰিডৰ চলাইছোঁ। সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা, সুশাসন, স্বচ্ছতা, ব্যৱহাৰিকতা আৰু নিৰ্ভৰযোগ্যতাৰ প্ৰতি সন্মান যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ আধাৰ হ'ব লাগে। মানুহৰ মাজত সম্পৰ্কৰ গুৰুত্ব শাৰিৰীক সংযোগতকৈ কম নহয়। আমাৰ ই-টুৰিষ্ট ভিছা সেৱা বেছিভাগ এছচিঅ' দেশৰ বাবে উপলব্ধ। মই ঘোষণা কৰিবলৈ পাই আনন্দিত যে শীঘ্ৰেই ভাৰতীয় পৰ্যটন বিভাগৰ ৱেবছাইটত এছচিঅ' দেশসমূহৰ পৰ্যটকসকলৰ সহজতাৰ বাবে ৰাছিয়ান ভাষাত ৰাছিয়ান ইণ্টাৰফেচৰ সৈতে ২৪ X৭ টুৰিষ্ট হেল্পলাইন থাকিব।

 

মহামহিমসকল,

এছচিঅ' অঞ্চলৰ স্থিৰতা আৰু নিৰাপত্তাৰ বাবে এক ঐক্যবদ্ধ, শান্তিপূৰ্ণ, সুৰক্ষিত আৰু সমৃদ্ধ আফগানিস্তান এক গুৰুত্বপূৰ্ণ কাৰক। আমাৰ লক্ষ্য হৈছে আফগান নেতৃত্বাধীন, আফগান মালিকানাধীন আৰু আফগান নিয়ন্ত্ৰিত সামগ্ৰিক শান্তি প্ৰক্ৰিয়াৰ বাবে চৰকাৰ আৰু আফগানিস্তানৰ জনসাধাৰণৰ প্ৰচেষ্টাক সমৰ্থন কৰা। আমি সুখী যে এছচিঅ' আফগানিস্তান যোগাযোগ গোটৰ পৰৱৰ্তী পদক্ষেপৰ ৰোডমেপ প্ৰস্তুত হৈছে।

 

মহামহিমসকল,

আমাৰ সকলোৰে দৃষ্টিভংগী আমাৰ অঞ্চলত স্বাস্থ্যকৰ সহযোগিতা শক্তিশালী কৰাটো হোৱা উচিত। HEALTH শব্দৰ বৰ্ণবোৰৰ পৰাই আমাৰ সহযোগিতাৰ বাবে এক ভাল টেমপ্লেট হ'ব পাৰে,

স্বাস্থ্যসেৱা সহযোগিতাৰ বাবে H

অৰ্থনৈতিক সহযোগিতাৰ বাবে E

বৈকল্পিক শক্তিৰ বাবে A

সাহিত্য আৰু সংস্কৃতিৰ বাবে L

সন্ত্ৰাসমুক্ত সমাজৰ বাবে T

মানৱীয় সহযোগিতাৰ বাবে H

স্বাস্থ্যসেৱা সহযোগিতাৰ বাবে H

এছচিঅ'ৰ ২০১৯-২০২১ৰ বাবে স্বাস্থ্যসেৱাৰ কাৰ্য পৰিকল্পনাৰ ওপৰত আমি গুৰুত্ব দিয়া উচিত। টেলি-মেডিচিন আৰু চিকিৎসা পৰ্যটনৰ ক্ষেত্ৰত ভাৰতে ইয়াৰ অভিজ্ঞতা ভাগ বতৰা কৰি সুখী হ'ব।

 

অৰ্থনৈতিক সহযোগিতাৰ বাবে E

অৰ্থনৈতিক সহযোগিতা হৈছে আমাৰ জনসাধাৰণৰ ভৱিষ্যতৰ ভেটি। একপক্ষবাদ আৰু সুৰক্ষাবাদে কাৰো কোনো ভাল কাম কৰা নাই। আমাক বিশ্ব বাণিজ্য সংস্থাৰ ওপৰত গুৰুত্ব দিয়া এক নিয়ম আধাৰিত, স্বচ্ছ, বৈষম্যহীন, মুক্ত আৰু সামগ্ৰিক বহুপাক্ষিক বাণিজ্য ব্যৱস্থাৰ প্ৰয়োজন। ই সকলো সদস্য, আৰু বিশেষকৈ উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰিব। ভাৰতে এছচিঅ'-সদস্য দেশসমূহৰ মাজত অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে বন্ধুত্বপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত দ্ৰুতগতিত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আজি আমি গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিবলৈ গৈ আছোঁ, যিয়ে এছচিঅ'ত বিত্তীয় বিষয়, ডিজিটাইজেচন আৰু আইচিটিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিব।

 

বৈকল্পিক শক্তিৰ বাবে A

জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি আমাৰ দৰ্শনত নিহিত আছে যিয়ে পৃথিৱীক আমাৰ মাতৃ হিচাপে গণ্য কৰে। আজি, ভাৰত হৈছে নৱীকৰণযোগ্য শক্তিৰ ষষ্ঠ সৰ্ববৃহৎ উৎপাদক আৰু পঞ্চম সৰ্ববৃহৎ সৌৰ শক্তি উৎপাদক। আন্তৰ্জাতিক সৌৰ মিত্ৰতা হৈছে ভাৰতৰ এক যৌথ উদ্যোগ। ইয়াৰ লক্ষ্য হৈছে সৌৰ শক্তিৰ ব্যয় হ্ৰাস কৰিবলৈ প্ৰযুক্তি আৰু বিত্ত সংগ্ৰহ কৰা। আমি এই প্ৰচেষ্টাত এছচিঅ'ৰ দেশসমূহক স্বাগতম জনাইছোঁ। আৰু শক্তিৰ বৈকল্পিক উৎস বিকশিত কৰাৰ ক্ষেত্ৰত আমাৰ অভিজ্ঞতা ভাগ বতৰা কৰিবলৈ সাজু। আজি আমি এছচিঅ'ৰ অধীনত পৰিৱেশ সুৰক্ষাৰ বাবে ২০১৯-২১ বৰ্ষত সহযোগিতাৰ কনচেপ্ট পেপাৰত সন্মত হৈছোঁ।

 

সাহিত্য আৰু সংস্কৃতিৰ বাবে L

আমাৰ যুৱক-যুৱতীসকলে ইজনে সিজনৰ সাহিত্যৰ সৈতে পৰিচয় হোৱাটোৱে আমাৰ সম্পৰ্ক গভীৰ কৰি তুলিব। ভাৰতীয় সাহিত্যৰ ১০ টা মহান সৃষ্টি এছচিঅ' দেশসমূহৰ ভাষালৈ অনুবাদ কৰা হ'ব। শেহতীয়াকৈ, উজবেকিস্তানৰ সহযোগত তাচখন্দত এক এছচিঅ' চলচ্চিত্ৰ মহোৎসৱ সফলতাৰে আয়োজন কৰা হৈছিল। ইয়াত বলীউড আৰু উজবেক চলচ্চিত্ৰৰ সমাৱেশ ঘটিছিল। সাহিত্য আৰু সংস্কৃতিয়ে আমাৰ সমাজক এক ইতিবাচক গতি প্ৰদান কৰে। বিশেষকৈ ই আমাৰ সমাজত যুৱপ্ৰজন্মৰ মাজত মৌলবাদৰ বিস্তাৰ প্ৰতিহত কৰিব পাৰে।

 

সন্ত্ৰাসমুক্ত সমাজৰ বাবে T

যোৱা দেওবাৰে শ্ৰীলংকা ভ্ৰমণৰ সময়ত, মই ছেইণ্ট এন্থনী গীৰ্জালৈ গৈছিলোঁ। তাত মই সন্ত্ৰাসবাদৰ সেই ঘৃণনীয় ছবিখন মনত পেলাইছিলো, যি যিকোনো ঠাইতে যিকোনো সময়তে প্ৰকট হৈ দৈনিক নিৰীহ লোকৰ জীৱন কাঢ়ি নিব পাৰে। এই বিপদৰ মোকাবিলা কৰিবলৈ সকলো মানৱতাবাদী শক্তিয়ে তেওঁলোকৰ সংকীৰ্ণ ৰাজ্যৰ পৰা ওলাই আহি একত্ৰিত হোৱা উচিত। সন্ত্ৰাসবাদীসকলক সহায়, সমৰ্থন আৰু বিত্তীয় সাহায্য প্ৰদান কৰা দেশবোৰক জবাবদিহি কৰিব লাগে। এছচিঅ' সদস্যসকলে সন্ত্ৰাসবাদ দূৰ কৰাৰ বাবে এছচিঅ'-আৰএছটিৰ অধীনত সহযোগৰ সম্পূৰ্ণ ক্ষমতাৰ প্ৰয়োগ কৰিব লাগে। ভাৰতে সন্ত্ৰাসবাদৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আহ্বান জনাইছে।

 

মানৱীয় সহযোগিতাৰ বাবে H

অঞ্চলটোত ভাৰতে মানৱীয় সহযোগিতা আৰু দুৰ্যোগৰ পৰিস্থিতিত প্ৰথম সহাঁৰিদাতাৰ ভূমিকা পালন কৰি আহিছে। আমি এছচিঅ' দেশসমূহৰ সৈতে আমাৰ অভিজ্ঞতা আৰু দক্ষতা ভাগ বতৰা কৰি সুখী হ'ম। দুৰ্যোগ সহনশীল আন্তঃগাঁথনিৰ বিষয়ত আমি বিশেষ মনোযোগ দিয়া উচিত।

 

মহামহিমসকল,

(মই বিশেষ ঘোষণা পত্ৰক স্বাগতম জনাইছোঁ; সহযোগিতাৰ বাবে এক উপযোগী ব্লুপ্ৰিণ্ট) মই আকৌ এবাৰ আমাৰ আয়োজক মহামান্য ৰাষ্ট্ৰপতি জীনবেকভক ধন্যবাদ জনাইছোঁ। মই অহা বছৰ এছচিঅ'ৰ নেতৃত্ব দিবৰ বাবে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মোৰ শুভেচ্ছা জ্ঞাপন কৰি অভিনন্দন জনাইছোঁ আৰু এছচিঅ'ৰ সফল সভাপতিত্বৰ বাবে ৰাছিয়ান ফেডাৰেচনলৈ ভাৰতৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছোঁ।

 

***

DS/LP/KG


(ৰিলিজ আই ডি : 1869875) অতিথি কক্ষ : 77