প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ভিয়েটনাম ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 21 DEC 2020 2:22PM by PIB Guwahati

মহামান্য, নমস্কাৰ!

প্ৰথমতে, মধ্য ভিয়েটনামত বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বাবে মই ভাৰতৰ সকলো জনসাধাৰণৰ হৈ সমবেদনা জ্ঞাপন কৰিছোঁ। মই আশা কৰোঁ যে ভাৰতে প্ৰেৰণ কৰা সাহায্য সামগ্ৰীয়ে আপোনাক এই পৰিস্থিতিৰ মোকাবিলা কৰাত সহায় কৰিব।

 

মহামান্য,

ভিয়েটনামে যি সফলতাৰে কোভিড-১৯ মহামাৰী মোকাবিলা কৰিছে তাক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে। ইয়াৰ বাবে মই আপোনাক আৰু ভিয়েটনামৰ নাগৰিকসকলক অভিনন্দন জনাইছোঁ।

 

মহামান্য,

যোৱা মাহত আমি আছিয়ান-ভাৰত ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত মিলিত হৈছিলোঁ। আজি পুনৰ এবাৰ আপোনাৰ সৈতে কথা পাতিবলৈ সুযোগ পোৱাৰ বাবে মই সুখী অনুভৱ কৰিছোঁ। ভিয়েটনাম হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। আমাৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পৰিসৰ আজি বহু বিস্তৃত। আমাৰ দ্বিপাক্ষিক সম্পৰ্কও দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু নতুন ক্ষেত্ৰলৈ সম্প্ৰসাৰণ ঘটিছে।

ভিয়েটনামৰ সৈতে ভাৰতৰ সম্পৰ্কক দীৰ্ঘম্যাদী আৰু কৌশলগত দৃষ্টিকোণৰ পৰা দেখিছোঁ। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ উদ্দেশ্য আমি একেলগে কাম কৰি আছোঁ। আমাৰ অংশীদাৰিত্বই এই অঞ্চলটোত স্থিৰতা আৰু শান্তি অটুত ৰখাত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে।

আজিৰ ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত আমি আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অধীনত চলি থকা সহযোগিতাৰ বিভিন্ন দিশ মূল্যায়ন কৰিম। আঞ্চলিক আৰু বহুপাক্ষিক পৰ্যায়ত আমাৰ পাৰস্পৰিক সহযোগিতাৰ বিষয়ে আলোচনা কৰাৰ ই এক ভাল সুযোগ।

বহুতো আন্তৰ্জাতিক প্ৰত্যাহ্বান আৰু আমাৰ অঞ্চলৰ ভৱিষ্যতৰ বিষয়ে আমাৰ দৃষ্টিভংগীৰ এক সাদৃশ্য আছে, আৰু আমি আমাৰ অংশীদাৰী মূল্যবোধক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিব পাৰোঁ। অহা বছৰ, আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য হ'ম। আৰু সেইবাবে আন্তৰ্জাতিক মঞ্চত আমাৰ সহযোগিতাৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে।

এইটো মন কৰিবলগীয়া যে ২০২১ চনৰ পৰা ২০২৩ চনলৈ আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক যুটীয়া ভিজন ডকুমেণ্ট আৰু এক কাৰ্য পৰিকল্পনা আজি আমি মুকলি কৰিছোঁ। এই যুটীয়া ভিজন ডকুমেণ্ট শান্তি, সমৃদ্ধিৰ বাবে আৰু জনসাধাৰণে সমগ্ৰ বিশ্বলৈ আমাৰ সম্পৰ্কৰ গভীৰতা সন্দৰ্ভত এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব। আমাৰ আলোচনাৰ লগতে দুয়োখন দেশৰ মাজত সাতখন গুৰুত্বপূৰ্ণ চুক্তিও স্বাক্ষৰিত হৈছে।

ইয়াৰ ভিতৰত আছে প্ৰতিৰক্ষা, বৈজ্ঞানিক গৱেষণা, পাৰমাণৱিক শক্তি, পেট্ৰো-ৰাসায়নিক পদাৰ্থ, নৱীকৰণযোগ্য শক্তি আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ দৰে বিভিন্ন বিষয়। আমাৰ উন্নয়ন সহযোগিতা আৰু সাংস্কৃতিক সুৰক্ষাৰ ক্ষেত্ৰতো নতুন পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। এই সকলোবোৰে আমাৰ বৰ্ধিত পাৰস্পৰিক সহযোগিতাৰ সম্প্ৰসাৰণ আৰু সম্ভাৱনা প্ৰতিফলিত কৰে।

 

মহামান্য,

মই আপোনাক পুনৰ এবাৰ এই ভাৰ্চুৱেল শীৰ্ষ সন্মিলনলৈ স্বাগতম জনাইছোঁ। এতিয়া মই আপোনাক উদ্বোধনী বক্তব্য ৰখাৰ বাবে আমন্ত্ৰণ জনাইছোঁ।

 

***

DS/LP/KG


(ৰিলিজ আই ডি : 1869438) অতিথি কক্ষ : 95
ত এই ৰিলিজটো পঢ়ক: English , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Malayalam