প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্লাছগ’ত অনুষ্ঠিত চিঅ’পি২৬ সন্মিলনত ‘একশ্যন এণ্ড ছলিডাৰিটি-দ্য ক্ৰিটিকেল ডিকেড’ শীৰ্ষক কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
Posted On:
01 NOV 2021 1:36PM by PIB Guwahati
সুধীবৃন্দ,
মোৰ বন্ধু বৰিছ, অভিযোজনৰ গুৰুত্বপূৰ্ণ বিষয়টোত মোৰ মতামত দাঙি ধৰিবলৈ সুযোগ প্ৰদানৰ বাবে আপোনাক ধন্যবাদ জনাইছো!
জলবায়ু সম্পৰ্কত বৈশ্বিক আলোচনাত অভিযোজনে প্ৰশমনৰ দৰে গুৰুত্ব লাভ নকৰে। জলবায়ু পৰিৱৰ্তনে অধিক প্ৰভাৱিত কৰা উন্নয়নশীল দেশসমূহৰ প্ৰতি দৰাচলতে এয়া এক অন্যায়।
ভাৰতকে প্ৰমুখ্য কৰি প্ৰায়বোৰ উন্নয়নশীল দেশৰ কৃষকসকলৰ বাবে জলবায়ু পৰিৱৰ্তন এক বৃহৎ প্ৰত্যাহ্বান – ইয়াৰ বাবে শস্যৰ খেতিৰ ধৰণ সলনি হৈছে, আবতৰীয়া বৰষুণ আৰু বানপানী বা সঘনাই অহা ধুমুহাৰ বাবে শস্য বিনষ্ট হৈছে। খোৱাপানীৰ উৎসৰপৰা আৰম্ভ কৰি সুলভ মূল্যৰ গৃহ নিৰ্মাণলৈকে এই সকলোবোৰকে জলবায়ু পৰিৱৰ্তনৰ বিপৰীতে স্থিতিস্থাপক কৰি তোলাতো প্ৰয়োজনীয় হৈ উঠিছে।
সুধীবৃন্দ,
এই প্ৰসংগত মই তিনিটা মতামত আগবঢ়াব খুজিছো। প্ৰথমে, আমি অভিযোজনক আমাৰ উন্নয়ন নীতি আৰু প্ৰকল্পৰাজিৰ এটা মূল অংশ কৰিব লাগিব। ‘নল ছে জল’- সকলোৰে বাবে নলৰ পানী, ‘স্বচ্ছ ভাৰত’- স্বচ্ছ ভাৰত অভিযান আৰু ‘উজ্জ্বলা’- ভাৰতৰ সকলোৰে বাবে পৰিষ্কাৰ ৰন্ধনৰ ইন্ধন আদি প্ৰকল্পই আমাৰ আৰ্ত নাগৰিকসকলক কেৱল অভিযোজনৰ সুবিধা প্ৰদানেই নহয়, বৰঞ্চ তেওঁলোকৰ জীৱন-যাপনৰ মানদণ্ডও উন্নত কৰিছে। দ্বিতীয়তে, বহু পৰম্পৰাগত জনগোষ্ঠীৰ প্ৰকৃতিৰে সহবাসৰ যথেষ্ট অভিজ্ঞতা আছে।
আমাৰ অভিযোজন নীতিত এই পৰম্পৰাগত পদ্ধতিসমূহক যথাযথ গুৰুত্ব প্ৰদান কৰিব লাগিব। এই জ্ঞানৰ প্ৰবাহক বিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই এই কথাসমূহ আয়ত্ত কৰিব পাৰিব। স্থানীয় অৱস্থা অনুসৰি জীৱনশৈলী গ্ৰহণ কৰাটোও অভিযোজনৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হ’ব পাৰে। তৃতীয়তে, অভিযোজনৰ পদ্ধতিসমূহ স্থানীয় হ’লেও পিছপৰা দেশসমূহে ইয়াৰ বাবে বৈশ্বিক সমৰ্থন লাভ কৰা উচিত।
স্থানীয় অভিযোজনৰ বাবে বৈশ্বিক সমৰ্থন লাভৰ ধাৰণাৰে ভাৰতে কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ চিডিআৰআইৰ উদ্যোগ গ্ৰহণ কৰিছে। মই সকলো দেশকে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালো।
ধন্যবাদ।
***
DS/LP/SB
(Release ID: 1869436)