প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আদিত্য বিৰলা গ্ৰুপৰ সোণালী জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
Posted On:
03 NOV 2019 2:18PM by PIB Guwahati
আদিত্য বিৰলা গোটৰ অধ্যক্ষ শ্ৰী কুমাৰ মংগলম বিৰলা জী,
থাইলেণ্ড ৰাজ্যৰ সন্মানীয় গণ্যমান্য ব্যক্তিসকল,
বিৰলা পৰিয়াল আৰু পৰিচালন সদস্যসকল,
থাইলেণ্ড আৰু ভাৰতৰ ব্যৱসায়িক নেতাসকল,
বন্ধুসকল,
নমস্কাৰ,
থাইলেণ্ডৰ সুৱৰ্ণ ভূমিত আদিত্য বিৰলা গ্ৰুপৰ সুৱৰ্ণ জয়ন্তী বা সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি ইয়াত একত্ৰিত হৈছো। এইটো সঁচাকৈয়ে এটা বিশেষ অনুষ্ঠান। মই আদিত্য বিৰলা গ্ৰুপৰ দলটোক অভিনন্দন জনাইছো। আমি এইমাত্ৰ শ্ৰীযুত কুমাৰ মংগলম বিৰলাক থাইলেণ্ডত গ্ৰুপটোৱে কৰি থকা প্ৰশংসনীয় কামৰ বিষয়ে কোৱা শুনিছিলো। ই এই দেশৰ বহুতৰ বাবে সুযোগ আৰু সমৃদ্ধি সৃষ্টি কৰিছে।
বন্ধুসকল,
আমি ইয়াত থাইলেণ্ডত উপস্থিত হৈছো যাৰ সৈতে ভাৰতৰ শক্তিশালী সাংস্কৃতিক সম্পৰ্ক আছে। আৰু, আমি এই দেশৰ এক আগশাৰীৰ ভাৰতীয় ঔদ্যোগিক গৃহৰ পঞ্চাশ বছৰ উদযাপন কৰি আছো। এইটোৱে মোৰ বিশ্বাসক পুনৰ শক্তিশালী কৰে যে বাণিজ্য আৰু সংস্কৃতিৰ একত্ৰিত হোৱাৰ অন্তৰ্নিহিত ক্ষমতা আছে। বহু শতাব্দী ধৰি সন্ন্যাসী আৰু ব্যৱসায়ীসকলে দূৰ-দূৰণিৰ ঠাইলৈ ওলাই আহিছিল। তেওঁলোকে ঘৰৰ পৰা বহু দূৰলৈ ভ্ৰমণ কৰিছে আৰু বহুতো সংস্কৃতিৰ সৈতে সংবদ্ধ হৈছে। সংস্কৃতিৰ বান্ধোন আৰু বাণিজ্যৰ উৎসাহে অনাগত সময়ত পৃথিৱীখনক ওচৰলৈ চপাই আনিছে।
বন্ধুসকল,
মই আপোনাক আজি ভাৰতত ঘটি থকা কিছুমান ইতিবাচক পৰিৱৰ্তনৰ ছবি দেখুৱাবলৈ আগ্ৰহী। মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে কওঁ- ভাৰতত থকাৰ বাবে এইটো সৰ্বশ্ৰেষ্ঠ সময়! আজিৰ ভাৰতত, বহুতো দিশ আগবাঢ়ি আহিছে আৰু বহুতো নঞৰ্থক দিশ হ্ৰাস পাইছে। 'ব্যৱসায় কৰাৰ সহজতা' বাঢ়ি আহিছে আৰু 'জীৱন যাপনৰ সহজতা'ও বাঢ়িছে। এফডিআই বৃদ্ধি পাইছে। আমাৰ বনাঞ্চলৰ আৱৰণ বাঢ়ি আছে। পেটেন্ট আৰু ট্ৰেডমাৰ্কৰ সংখ্যা বাঢ়ি আছে। উৎপাদনশীলতা আৰু দক্ষতা বৃদ্ধি পাইছে। আন্তঃগাঁথনি সৃষ্টিৰ গতি বৃদ্ধি পাইছে। শীৰ্ষ মানদণ্ডৰ স্বাস্থ্যসেৱা লাভ কৰা লোকৰ সংখ্যা বাঢ়িছে। একে সময়তে, কৰৰ সংখ্যা হ্ৰাস পাইছে। ৰঙা-ফিটাৰ মেৰ-পাক হ্ৰাস পাইছে। ক্ৰনিজম হ্ৰাস পাইছে। দুৰ্নীতি হ্ৰাস পাইছে। দুৰ্নীতিগ্ৰস্তসকলে সুৰক্ষাৰ বাবে দৌৰি আছে। ক্ষমতাৰ অলিন্দত থকা মধ্যস্থতাকাৰীসকল আজি ইতিহাস।
বন্ধুসকল,
ভাৰতে বিগত পাঁচ বছৰত বিভিন্ন ক্ষেত্ৰত বহুতো সফলতাৰ কাহিনী দেখিছে। ইয়াৰ কাৰণ কেৱল চৰকাৰেই নহয়। ভাৰতে নিয়মীয়াকৈ আমোলাতান্ত্ৰিক ধৰণে কাম কৰা বন্ধ কৰিছে। উচ্চাভিলাষী অভিযানৰ বাবে পৰিৱৰ্তনশীল পৰিৱৰ্তন কৰা হৈছে। যেতিয়া এই উচ্চাভিলাষী অভিযানবোৰ মানুহৰ অংশীদাৰিত্বৰ দ্বাৰা উৎসাহিত হয়, সেইবোৰ জীৱন্ত গণ আন্দোলন হৈ পৰে। আৰু, এই গণ আন্দোলনবোৰে অলৌকিক তাৎপৰ্য লাভ কৰে। পূৰ্বে অসম্ভৱ যেন লগা বস্তুবোৰ এতিয়া সম্ভৱ হৈ পৰিছে। জীৱনৰ প্ৰাথমিক প্ৰয়োজনীয়তাৰ বাবে সুৰক্ষা প্ৰায় এশ শতাংশত উপনীত হৈছে। ইয়াৰ বাবে ভাল উদাহৰণ হৈছে - জন ধন যোজনা যি মুঠ বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰিছে। আৰু স্বচ্ছ ভাৰত মিছন, য'ত প্ৰায় সকলো পৰিয়ালতে অনাময় ব্যৱস্থা উপলব্ধ হৈছে।
বন্ধুসকল,
ভাৰতত আমি সেৱা প্ৰদানৰ ক্ষেত্ৰত এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিলো। ইয়াৰ বাবে দৰিদ্ৰসকলে আটাইতকৈ বেছি কষ্ট পাইছিল। আপোনালোকে জানি আচৰিত হ'ব যে বছৰ বছৰ ধৰি দৰিদ্ৰ লোকসকলৰ বাবে যি ধন খৰচ কৰা হৈছিল সেয়া প্ৰকৃততে দৰিদ্ৰলোকৰ ওচৰলৈ যোৱা নাছিল। আমাৰ চৰকাৰে ডিবিটি-ৰ বাবে এই সংস্কৃতিৰ সমাপ্তি ঘটাইছিল। ডিবিটি-ৰ অৰ্থ হৈছে পোনপটীয়া লাভালাভ স্থানান্তৰ। ডিবিটি-য়ে মধ্যস্থতাকাৰী আৰু অদক্ষতাৰ সংস্কৃতি সমাপ্ত কৰিছে। ডিবিটি-য়ে এতিয়ালৈকে বিশ বিলিয়ন ডলাৰৰো অধিক ৰাহি কৰিছে। আপোনালোকে ঘৰত এলইডি লাইট দেখিছে। আপুনি জানে যে সেইবোৰ অধিক দক্ষ আৰু শক্তি সংৰক্ষণকাৰী। কিন্তু আপোনালোকে ভাৰতত ইয়াৰ প্ৰভাৱ কিমান জানেনে? আমি যোৱা কেইবছৰমানত ৩৬০ মিলিয়নতকৈও অধিক এলইডি বাল্ব বিতৰণ কৰিছো। আমি ১০ মিলিয়ন ষ্ট্ৰীটলাইট এলইডি লাইটলৈ সলনি কৰিছো। ইয়াৰ জৰিয়তে, আমি প্ৰায় তিনি পইণ্ট পাঁচ বিলিয়ন ডলাৰ ৰাহি কৰিছো। কাৰ্বন নিৰ্গমনো হ্ৰাস পাইছে। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ- সঞ্চয় কৰা ধন হৈছে উপাৰ্জন কৰা ধন। সঞ্চয় কৰা শক্তি হৈছে উৎপন্ন শক্তি। এই ধন এতিয়া অন্যান্য সমানে কাৰ্যকৰী কাৰ্যসূচীৰ জৰিয়তে লাখ লাখ লোকক শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।
বন্ধুসকল,
আজি ভাৰতত, কঠোৰ পৰিশ্ৰমী কৰদাতাসকলে অৱদান কঢ়িয়াই আনে। এটা ক্ষেত্ৰ য'ত আমি গুৰুত্বপূৰ্ণ কাম কৰিছো সেয়া হ'ল কৰ। মই সুখী যে ভাৰত হৈছে আটাইতকৈ অধিক মানুহৰ বন্ধুত্বপূৰ্ণ কৰ ব্যৱস্থাসম্পন্ন দেশ। আমি ইয়াক আৰু অধিক উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা ৫ বছৰত, আমি মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰৰ বোজা যথেষ্ট হ্ৰাস কৰিছো। আমি এতিয়া ফে’চলেছ কৰ মূল্যায়ন আৰম্ভ কৰিছো যাতে বিবেচনা বা হাৰাশাস্তিৰ কোনো সুযোগ নাথাকে। আপুনি ইতিমধ্যে কৰ্পোৰেট কৰ হাৰ হ্ৰাস কৰাৰ ভাৰতৰ সিদ্ধান্তৰ বিষয়ে শুনিছে। আমাৰ জিএছটি-য়ে ভাৰতৰ অৰ্থনৈতিক একত্ৰীকৰণৰ সপোন পূৰণ কৰিছে। আমি ইয়াক আৰু অধিক অনুকূল কৰাৰ দিশত কাম কৰিব বিচাৰো। মই এইমাত্ৰ যি কৈছো সেই সকলোবোৰে ভাৰতক বিনিয়োগৰ বাবে বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় অৰ্থনীতিসমূহৰ ভিতৰত এটা কৰি তুলিছে।
বন্ধুসকল,
ভাৰতে যোৱা পাঁচ বছৰত ২৮৬ বিলিয়ন আমেৰিকান ডলাৰ এফডিআই লাভ কৰিছে। এইটো যোৱা বিশ বছৰত ভাৰতে লাভ কৰা মুঠ এফডিআই-ৰ প্ৰায় আধা। ইয়াৰ ৯০% স্বয়ংক্ৰিয় অনুমোদনৰ জৰিয়তে আহিছে। আৰু ইয়াৰ ৪০% হৈছে গ্ৰীণ ফিল্ড ইনভেষ্টমেণ্ট। এইটোৱে দেখুৱায় যে বিনিয়োগকাৰীসকলে ভাৰতক দীৰ্ঘম্যাদী আহ্বান জনাইছে। ভাৰতৰ বিকাশৰ গতিপথ কেইবাটাও ৰেটিঙত প্ৰতিফলিত হৈছে। ইউএনচিটিএডি অনুসৰি আমি শীৰ্ষ ১০ টা এফডিআই গন্তব্যস্থানৰ ভিতৰত আছো যি পাঁচ বছৰত ডব্লিউআইপিঅ'ৰ গোলকীয় উদ্ভাৱন সূচকত চৌব্বিছটা স্থানলৈ লৈ গৈছে। কিন্তু, তেওঁলোকৰ দুটাৰ বিষয়ে মই বিশেষভাৱে কথা পাতিব বিচাৰো। ভাৰতে পাঁচ বছৰত বিশ্ব বেংকৰ 'ব্যৱসায় কৰাৰ সহজতা' ৰেংকিঙত ৭৯টা স্থান আগবাঢ়িছে। ২০১৪ চনত ১৪২ৰ পৰা আমি ২০১৯ত ৬৩ লৈ আগবাঢ়িছো। এইটো এটা বৃহৎ সাফল্য। একেৰাহে তৃতীয় বছৰৰ বাবে, আমি শীৰ্ষ দহখন সংস্কাৰকৰ ভিতৰত আছোঁ। ভাৰতত ব্যৱসায় কৰাৰ চলক বহুত। আমি এখন বৃহৎ আৰু বৈচিত্ৰময় ৰাষ্ট্ৰ। কেন্দ্ৰীয়, ৰাজ্য আৰু স্থানীয় চৰকাৰ আছে। এনে পৰিপ্ৰেক্ষিতত, এক দিশগত পৰিৱৰ্তনে সংস্কাৰৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে।
বন্ধুসকল,
আনটো হৈছে বিশ্ব অৰ্থনৈতিক মঞ্চৰ ভ্ৰমণ আৰু পৰ্যটন প্ৰতিযোগিতাসূচকত ভাৰতৰ উন্নত ৰেংকিং। ২০১৩ চনত ৬৫ ৰ পৰা আমি ২০১৯ চনত ৩৪ তম স্থানলৈ আগবাঢ়িছো। এই জাম্পটো আটাইতকৈ ডাঙৰ। বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যাও ৫০% বৃদ্ধি পাইছে। আপোনালোক সকলোৱে ভালদৰে জানে যে এজন পৰ্যটকে আৰাম, সুবিধা আৰু সুৰক্ষা নোপোৱালৈকে কোনো ঠাইলৈ নাযায়। সেয়েহে, যদি আমি যথেষ্ট পৰিমাণে অধিক পৰ্যটক পাওঁ, ইয়াৰ অৰ্থ হৈছে যে মাটিত আমাৰ প্ৰচেষ্টাই ফল প্ৰদান কৰিছে। ভাৰতৰ উন্নত পথ, উন্নত বিমান সংযোগ, উন্নত পৰিচ্ছন্নতা আৰু উন্নত আইন-শৃংখলা থকাটোৱে বিশ্বক ভাৰতৰ কাষ চপাই আনিছে।
বন্ধুসকল,
এই ৰেংকিংবোৰ পৰিৱৰ্তনৰ প্ৰভাৱ প্ৰত্যক্ষ কৰাৰ পিছত আহিছে। এই ৰেংকিংবোৰ পূৰ্বানুমান নহয়। সেইবোৰ ইতিমধ্যে যি ঘটিছে সেয়াই হ’ল তাৰ এক প্ৰকাশ।
বন্ধুসকল,
ভাৰতে এতিয়া আন এটা সপোন অনুসৰণ কৰি আছে - পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি । যেতিয়া মোৰ চৰকাৰে ২০১৪ চনত দায়িত্ব গ্ৰহণ কৰিছিল, ভাৰতৰ জিডিপি আছিল প্ৰায় ২ ট্ৰিলিয়ন ডলাৰ। ৬৫ বছৰত, ২ ট্ৰিলিয়ন। কিন্তু মাত্ৰ ৫ বছৰত, আমি ইয়াক প্ৰায় ৩ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিলো। এইটোৱে নিশ্চিত কৰে যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন সোনকালেই বাস্তৱত পৰিণত হ'ব। আমি পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে এক পইণ্ট পাঁচ ট্ৰিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ গৈ আছো।
বন্ধুসকল,
যদি এটা বস্তুৰ বাবে মই বিশেষভাৱে গৌৰৱান্বিত, সেয়া হৈছে ভাৰতৰ প্ৰতিভাশালী আৰু দক্ষ মানৱ মূলধন। এয়া আশ্বৰ্যকৰ নহয় যে ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্ট-আপ পৰিৱেশ-প্ৰণালীৰ ভিতৰত এখন। ডিজিটেল গ্ৰাহকসকলৰ বাবে ভাৰত হৈছে সৰ্ববৃহৎ আৰু দ্ৰুতগতিত বিকশিত হোৱা বজাৰ। এক বিলিয়ন স্মাৰ্ট ফোন ব্যৱহাৰকাৰী আৰু আধা বিলিয়নতকৈও অধিক ইণ্টাৰনেট গ্ৰাহক ভাৰতত আছে। আমি উদ্যোগ চাৰি পইণ্ট জিৰোৰ সৈতে তাল মিলাই আছো আৰু বিকাশ আৰু শাসনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰযুক্তিৰ সৈতে খাপ খুৱাবলৈ সক্ৰিয়ভাৱে কাম কৰি আছো। এই সকলোবোৰ সুবিধাৰ সৈতে, আমি এক গোলকীয় উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আকাংক্ষা কৰিছো ৷
বন্ধুসকল,
থাইলেণ্ড ফোৰ পইণ্ট জিৰো'ত থাইলেণ্ডক এক মূল্য-আধাৰিত অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যি বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু সৃজনশীলতাৰ ওপৰত নিৰ্মিত। ই ভাৰতৰ অগ্ৰাধিকাৰৰ সৈতেও সামঞ্জস্যপূৰ্ণ আৰু প্ৰশংসনীয়। ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া, গংগা পুনৰুজ্জীৱন প্ৰকল্প, স্বচ্ছ ভাৰত মিছন, স্মাৰ্ট চিটী আৰু জল জীৱন মিছনৰ দৰে ভাৰতৰ পদক্ষেপে অংশীদাৰিত্বৰ বাবে উত্তম সুযোগ প্ৰদান কৰে।
বন্ধুসকল,
যেতিয়া ভাৰত সমৃদ্ধ হয়, বিশ্বসমৃদ্ধ হয়। ভাৰতৰ উন্নয়নৰ বাবে আমাৰ দৃষ্টিভংগী এনেকুৱা যে ই এক উন্নত গ্ৰহলৈও লৈ যায়। যেতিয়া আমি আয়ুষ্মান ভাৰতৰ জৰিয়তে ৫০০ নিযুত ভাৰতীয়ক শীৰ্ষ মানদণ্ডৰ আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ দিশত লক্ষ্য ৰাখিছো, ই স্বাভাৱিকতে এক স্বাস্থ্যকৰ ধৰালৈ লৈ যাব। যেতিয়া আমি ২০৩০ চনৰ বিশ্বব্যাপী লক্ষ্যৰ পাঁচ বছৰ পূৰ্বে ২০২৫ চনত যক্ষ্মা ৰোগ দূৰ কৰাৰ সিদ্ধান্ত লওঁ, ই নিশ্চিতভাৱে যক্ষ্মা ৰোগৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজ শক্তিশালী কৰিব। একে সময়তে, আমি আমাৰ সফলতা আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনবোৰ বিশ্বৰ সৈতেও ভাগ-বতৰা কৰি আছোঁ। আমাৰ দক্ষিণ এছিয়া উপগ্ৰহে আমাৰ অঞ্চলৰ বহুতো লোকক সহায় কৰি আছে। বিশেষকৈ শিক্ষাৰ্থী আৰু মাছমৰীয়াসকলক ৷
বন্ধুসকল,
আমাৰ এক্ট ইষ্ট পলিচীৰ ভাৱনাত আমি এই অঞ্চলৰ সৈতে যোগাযোগ বৃদ্ধিৰ বাবে বিশেষ মনোযোগ দিছো। থাইলেণ্ডৰ পশ্চিম উপকূলৰ বন্দৰ আৰু ভাৰতৰ পূব উপকূলৰ বন্দৰ যেনে চেন্নাই, বিশাখাপত্তনম আৰু কলকাতাৰ মাজত পোনপটীয়া যোগাযোগে আমাৰ অৰ্থনৈতিক অংশীদাৰীত্ব বৃদ্ধি কৰিব। আমি এই সকলো অনুকূল কাৰকৰ সুবিধা ল'ব লাগিব। আমি আমাৰ ভৌগোলিক প্ৰক্সিমিৰ সুবিধা ল'ব লাগিব, আমাৰ পূৰ্বপুৰুষসকলৰ দৰে।
বন্ধুসকল,
আমাৰ অৰ্থনীতি ইজনে সিজনৰ বাবে সক্ষম আৰু পৰিপূৰক হোৱাৰ বাবে, আমাৰ সংস্কৃতিৰ সাদৃশ্যৰ পৰিপ্ৰেক্ষিতত, ইজনে সিজনৰ বাবে প্ৰাকৃতিক সদিচ্ছাৰ পৰিপ্ৰেক্ষিতত আমি লাভজনক পৰিস্থিতিৰ বাবে আমাৰ ব্যৱসায়িক অংশীদাৰীত্ব বৃদ্ধি কৰিব পাৰোঁ। মই এইদৰে কৈ ভাষণ শেষ কৰিব বিচাৰো: বিনিয়োগ আৰু সহজ ব্যৱসায়ৰ বাবে, ভাৰতলৈ আহক। উদ্ভাৱন আৰু আৰম্ভণিৰ বাবে, ভাৰতলৈ আহক। কিছুমান শ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰ আৰু মানুহৰ উষ্ণ আতিথ্যৰ অভিজ্ঞতা ল'বলৈ, ভাৰতলৈ আহক। ভাৰতে মুক্ত বাহুৰে আপোনালোকৰ বাবে অপেক্ষা কৰি আছে।
ধন্যবাদ ৷
***
DS/LP/MANN
(Release ID: 1868485)
Visitor Counter : 84