প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ১৬ অক্টোবৰত ৭৫ খন জিলাত ৭৫ টা ডিজিটেল বেংকিং ইউনিট ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব


ইয়াৰ জৰিয়তে দেশত বিত্তীয় অন্তৰ্ভুক্তিক অধিক সম্প্ৰসাৰণৰ লক্ষ্য

ডিবিইউসমূহে ডিজিটেল বিত্তীয় সাক্ষৰতাৰ সূচনাৰ লগতে গ্ৰাহকসকলক চাইবাৰ সুৰক্ষা সজাগতা আৰু ৰক্ষাকৱচ সম্পৰ্কে জ্ঞাত কৰিব

ডিবিইউসমূহে বছৰজুৰি বেংকিং প্ৰডাক্ট আৰু সেৱাসমূহৰ বৰ্ধিত ডিজিটেল অভিজ্ঞতা প্ৰদান কৰিব

Posted On: 14 OCT 2022 3:43PM by PIB Guwahati

বিত্তীয় অন্তৰ্ভুক্তিক সম্প্ৰসাৰণৰ আন এটি পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ অক্টোবৰৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫ টা ডিজিটেল বেংকিং ইউনিট (DBU) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেখেতে উপস্থিতসকলক সম্বোধন কৰিব।

২০২২-২৩ ৰ কেন্দ্ৰীয় বাজেট ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীয়ে আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত দেশখনৰ ৭৫ খন জিলাত ৭৫ টা ডিবিইউ স্থাপনৰ কথা ঘোষণা কৰিছিল। ডিজিটেল বেংকিঙৰ সুবিধাসমূহ দেশখনৰ প্ৰতিটো প্ৰান্ততে উপলব্ধ হোৱাটো নিশ্চিতকৰণৰ উদ্দেশ্যেৰে এই ডিবিইউসমূহ স্থাপন কৰা হৈছে আৰু এইসমূহে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ল’ব। ১১ টা ৰাজহুৱা খণ্ডৰ বেংক, ১২ টা ব্যক্তিগত খণ্ডৰ বেংক আৰু এটা ক্ষুদ্ৰ বিত্তীয় বেংকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছে।

এই ডিবিইউ আউটলেটসমূহে জনসাধাৰণক বিভিন্ন ধৰণৰ ডিজিটেল বেংকিং সুবিধা যেনেঃ চেভিংছ একাউন্ট খোলা, বেলেন্স-চেক, প্ৰিন্ট পাছবুক, ধন হস্তান্তৰ, ফিক্সড ডিপ’জিটত বিনিয়োগ, ঋণৰ আবেদন, চেকৰ বাবে ষ্টপ-পেমেন্ট নিৰ্দেশনা, ক্ৰেডিট / ডেবিট কাৰ্ডৰ বাবে আবেদন কৰা, একাউন্টৰ ষ্টেটমেন্ট চোৱা, কৰ পৰিশোধ কৰা, বিল পৰিশোধ কৰা, মনোনয়ন কৰা আদিক প্ৰশস্ত কৰিব।

ডিবিইউসমূহে গ্ৰাহকসকলক বছৰজুৰি বেংকিং প্ৰডাক্ট আৰু সেৱাসমূহৰ ব্যয় সাশ্ৰয়ী, সুবিধাজনক প্ৰৱেশ আৰু বৰ্ধিত ডিজিটেল অভিজ্ঞতা লাভৰ পথ প্ৰশস্ত কৰিব। এইসমূহে ডিজিটেল বিত্তীয় সাক্ষৰতাক প্ৰোৎসাহিত কৰিব আৰু চাইবাৰ সুৰক্ষা সজাগতা আৰু ৰক্ষাকৱচ সন্দৰ্ভত গ্ৰাহক শিক্ষাত বিশেষ গুৰুত্ব প্ৰদান কৰিব। লগতে, প্ৰয়োজনীয় সময়ত সহায় আগবঢ়াবলৈ আৰু ডিবিইউসমূহে প্ৰত্যক্ষভাৱে বা ব্যৱসায়িক ফেচিলিটেটৰ/কৰেছপণ্ডেন্টৰ জৰিয়তে আগবঢ়োৱা ব্যৱসায় আৰু সেৱাসমূহৰপৰা উদ্ভৱ হোৱা গ্ৰাহকৰ অভিযোগসমূহ সমাধান কৰিবলৈ পৰ্য্যাপ্ত ডিজিটেল ব্যৱস্থাও ইয়াত থাকিব।

***

DS/LP/AK/SB


(Release ID: 1868321) Visitor Counter : 136