প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ মধেৰাত ‘মধেশ্বৰী মাতা মন্দিৰ’ত দৰ্শন আৰু পূজা সম্পন্ন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 09 OCT 2022 6:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মধেৰাত থকা ‘মধেশ্বৰী মাত মন্দিৰ’ দৰ্শন আৰু পূজা সম্পন্ন কৰে। এই উপলক্ষে মন্দিৰ প্ৰংগণত প্ৰধানমন্ত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়। শ্ৰী মোদীয়ে মন্দিৰৰ অভ্যন্তৰত স্থাপিত আই মধেশ্বৰীদেৱীৰ ওচৰত কৰ যোৰে মূৰ দোওৱাই আশীৰ্বাদ বিচাৰে।
এই যাত্ৰাত প্ৰধানমন্ত্ৰীৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু সাংসদ শ্ৰী চি আৰ পাটিলে অংশগ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মধেৰাত ৩৯০০ কোটি টকাৰ বিনিয়োগেৰে ৰূপায়িত হ’বলগীয়া এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে মধেৰাক দেশৰ ‘প্ৰথমখন ২৪x৭ সৌৰ শক্তিসম্পন্ন গাঁও’ হিচাপেও আনুষ্ঠানিক ভাবে ঘোষণা কৰে। 
 


***
 

DS/TS/KB



(Release ID: 1866766) Visitor Counter : 86