প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 04 OCT 2022 6:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভলোদিমিৰ জেলেনস্কিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
নেতাদ্বয়ে ইউক্ৰেইনত অব্যাহত সংঘাত সম্পৰ্কে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে সোনকালেই শত্ৰুতাৰ অৱসানৰ লগতে আলোচনা আৰু কূটনীতিৰ পথ অৱলম্বনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। তেখেতে সংঘাতৰ সমাধান সামৰিক পন্থাৰে নহয় বুলি দৃঢ় বিশ্বাস প্ৰকাশেৰে সকলো ধৰণৰ শান্তি প্ৰচেষ্টাত অৰিহণা যোগাবলৈ ভাৰতৰ আগ্ৰহ ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন আৰু সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱাৰ গুৰুত্বৰ কথাও পুনৰবাৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনকে ধৰি পাৰমাণৱিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব আৰোপৰ কথা কয়। তেখেতে পাৰমাণৱিক সুবিধাসমূহ বিপন্ন হোৱাৰ ফলত জনস্বাস্থ্য আৰু পৰিবেশৰ বাবে দীৰ্ঘম্যাদী আৰু বিপৰ্যয়জনক পৰিণতি হ’ব পাৰে বুলি উল্লেখ কৰে।

২০২১ ৰ নৱেম্বৰত গ্লাছগ’ত অনুষ্ঠিত অন্তিম বৈঠকৰ পিছত দুয়োজন নেতাই দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সন্দৰ্ভতো আলোচনা কৰে।

 

***

DS /SB



(Release ID: 1866462) Visitor Counter : 115