প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচল প্ৰদেশৰ বিলাসপুৰত বিভিন্ন উন্নয়ণমূলক প্ৰকল্পৰ উদ্বোধনী সমাৰোহত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 05 OCT 2022 5:41PM by PIB Guwahati

“জয় মাতা নৈণা দেবীয়া ৰী, জয় বজিয়ে বাবে ৰী”।

“বিলাসপুৰা আল্যো...আউ ধন্য ঔই গয়া, আজ্জ...মিঞ্জো...দশেৰে ৰে, ইছ পাৱন মৌকে পৰ, মাতা নৈণা দেৱীয়া ৰে, আশীৰ্বাদ নে, তুহাঁ সাৰয়াঁ ৰে দৰ্শনা ৰা সৌভাগ্য মিল্যা! তুহাঁ সাৰয়াঁ জো, মেৰা ৰাম-ৰাম। কনে এম্স ৰী বড়ী-বড়ী বদাই”।

হিমাচলৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকৰ জী, হিমাচলৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান জয়ৰাম ঠাকুৰ জী, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ, আমাৰ সকলোৰে মাৰ্গদৰ্শক আৰু এইখন ৰাজ্যৰে সন্তান শ্ৰীমান জে পি নাড্ডা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী আৰু আমাৰ সাংসদ শ্ৰী অনুৰাগ সিং ঠাকুৰ জী, হিমাচল ভাজপাৰ অধ্যক্ষ আৰু সংসদত মোৰ সতীৰ্থ সুৰেশ কাশ্যপ জী, সংসদত মোৰ সতীৰ্থ কিশন কাপুৰ জী, ভগ্নী ইন্দু গোস্বামী জী, ড০ সিকন্দৰ কুমাৰ জী, অন্য মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কবৃন্দ, আৰু বিপুল সংখ্যাত সমবেত হৈ আমাৰ সকলোকে আশীৰ্বাদ দিবলৈ অহা মোৰ প্ৰিয় ভাই-ভনীসকল! আপোনালোক আটাইৰে লগতে দেশবাসীক ‘বিজয়া দশমী’ৰ এই উপলক্ষত অনন্ত অনন্ত শুভকামনা জনাইছোঁ।

এই পবিত্ৰ পৰ্বই সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লভি, অমৃত কালৰ বাবে যি পণ দেশে লৈছে, সেই সংকল্প সাৰোগত কৰি আগবাঢ়ি যোৱাৰ বাবে সকলোকে নতুন শক্তি প্ৰদান কৰিব। মোৰ সৌভাগ্য যে ‘বিজয়া দশমী’ৰ দিনা মই হিমাচল প্ৰদেশলৈ আহিবলৈ যুযোগ পাইছো, স্বাস্থ্য, শিক্ষা, কৰ্ম-সংস্থান আৰু আন্তঃগাঁথনি উন্নয়ণৰ বাবে বহু হাজাৰ কোটি টকীয়া এলানি প্ৰকল্প আপোনালোকৰ হাতত অৰ্পণ কৰা সুযোগ পাইছো। আৰু সংযোগ চাওকচোন, ‘বিজয়া দশমী’ৰ দিনাই বিজয়ৰ ৰণশিঙা ফুঁকাৰো সুযোগ মিলিছে, এয়া ভৱিষ্যৰ প্ৰতিটো বিজয়ৰ সংকেত লৈ আহিছে। বিলসপুৰেতো শিক্ষা আৰু স্বাস্থ্যৰ ‘ডাবল গিফ্ট’ লাভ কৰিছে। “কহলুৰা ৰী...বদলে ধাৰা উপৰ, হাৰড্ৰ কালেজ...কনে তল্লে এইমছ...হুণ এথী ৰী পহচান হুণী”!

ভাই-ভনীসকল,

ইয়াত উন্নয়ণী যোজনাসমূহ আপোনালোকৰ হাতত অৰ্পণ কৰাৰ পিচত, যেনেদৰে জয়ৰাম জীয়ে জানিবলৈ দিছে, আৰু এটা সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী হ’বলৈ যাম আৰু বহু বছৰৰ পিচত মই আকৌ এবাৰলৈ ‘কুল্লু দশেৰা’ত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিম। বহু দেৱী-দেৱতাৰ সৈতে ‘ভগবান ৰঘুনাথ জী’ৰ যাত্ৰাত অংশগ্ৰহণ কৰি মই দেশৰ বাবেও আশীৰ্বাদ বিচাৰিম। আৰু আজি যেতিয়া এই বিলাসপুৰলৈ আহিছোৱেই তেতিয়াতো পুৰণি দিনৰ স্মৃতি মনলৈ অহাটো তেনেই স্বাভাৱিক। সেয়াও এটা সময় আছিল, ইয়াত খোজ কাঢ়ি ঘূৰি ফুৰিছিলো। কেতিয়াবা মই, ধুমল জী, নাড্ডা জী, খোজ কাঢ়ি গৈ ইয়াৰ বজাৰত সোমাইছিলোগৈ। আমি এটা বহুত ডাঙৰ ৰথযাত্ৰাৰ কাৰ্যক্ৰম গ্ৰহণ কৰি বিলাসপুৰৰ আলিয়ে-গলিয়ে পৰিক্ৰমা কৰিছিলো। আৰু তেতিয়া ‘স্বৰ্ণ জয়ন্তী ৰথযাত্ৰা’ ইয়াৰ মাজেৰ গৈ ‘মেইন মাৰ্কেট’ৰে ওলাই গৈছিল আৰু তাত এক জনসভাত সকলো মিলিত হৈছিলো। ইয়াৰ পিচতো বহু বাৰ মই ইয়ালৈ আহিছো, আপোনালোকৰ মাজত থাকিছিলোহি।

হিমাচল, এই মাটিত কাম কৰি মই সদায়ে হিমাচলৰ বিকাশ যাত্ৰাৰ সহযোত্ৰী হোৱাৰ সুযোগ পাইছিলো। আৰু মই এতিয়া শুনিবলৈ পাইছিলো, অনুৰাগ জীয়ে বৰ ডাঙৰকৈয়ে কৈ আছিল, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৈছে। আমাৰ নাড্ডা জীয়েও কৈ আছিল, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে, আৰু আমাৰ মুখ্যমন্ত্ৰী জয়ৰাম জীয়েও কৈ আছিল এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে। কিন্তু মই প্ৰকৃত সত্যটো কৈ দিওনে, আচলতে কোনেনো কৰিছে, কৈ দিওনে? এইবোৰ যিয়েই হৈ আছে নহয়, সেয়া সকলো আচলতে আপোনালোকেহে কৰিছে। আপোনালোকৰ বাবেহে এয়া সম্ভৱ হৈছে। যদি আপোনালোকে দিল্লীৰ বাবে কেৱল মোদী জীকেই আশীৰ্বাদ দিলেহেতেন আৰু হিমাচল প্ৰদেশত মোদী জীৰ লগৰীয়াসকলক আশীৰ্বাদ নিদিলেহেতেন তেতিয়া এই সকলোবোৰ কামৰ ক্ষেত্ৰত সেইসকলে হেঙাৰ দিলেহেতেন। এয়াতো হৈছে জয়ৰাম জী আৰু তেওঁৰ টীময়ে, যিবোৰ কাম মই দিল্লীৰ পৰা লৈ আনো, সেইবোৰ কাম দ্ৰুত গতিৰে এইসকল লোকে আগুৱাই নিয়ে, সেই বাবেইহে কামবোৰ হৈ আছে। আজি যদি ‘এইমছ’ নিৰ্মাণ হৈছে, তেন্তে সেয়া আপোনালোকৰ ভোটৰ শক্তিৰেহে হৈছে, যদি ‘সুৰংগ’ স্থাপন হৈছে, সেয়াও আপোনালোকৰ ভোটৰ শক্তিৰে হৈছে, ‘হাইড্ৰ ইঞ্জিনীয়াৰিং কলেজ’ স্থাপন হৈছে সেয়াই আপোনালোকৰ ভোটৰ শক্তিৰে, যদি ‘চিকিত্সা উপকৰণৰ উদ্যান’ স্থাপিত হৈছে, সেয়াও সম্ভৱ হৈছে আোপনালোকৰ ভোটৰ শক্তিৰে। আৰু সেয়ে, আজিও হিমাচলৰ আশা-আকাংক্ষাৰ প্ৰতি দৃষ্টি ৰাখিয়েই এটাৰ পিচত এটাকৈ উন্নয়ণৰ কাম সম্পাদিত কৰি থকা হৈছে।

উন্নয়ণৰ বাবে আমি দেশত দীৰ্ঘ দিন ধৰি এটা বিকৃত মানসিকতাই গা কৰি উঠা দেখিবলৈ পাইছিলো। এই মনোভাৱ কি আছিল বাৰু? ভাল পথ এটা যদি হয় সেয়া হ’ব কেইখনমান ৰাজ্যত, কেইখনমান ডাঙৰ নগৰত, দিল্লীৰ আশে-পাশে হ’ব। ভাল শিক্ষা প্ৰতিষ্ঠান হয় যদি সেয়াও হ’ব ডাঙৰ ডাঙৰ নগৰত। ভাল হাস্পটাল হয় যদি হ’ব সেয়াটো দিল্লীতেই হ’ব লাগিব, বাহিৰত হোৱাটো সম্ভৱেই নহয়। উদ্যোগ-বাণিজ্য যিয়েই নহওক কিয় ডাঙৰ ডাঙৰ ঠাইবোৰত হ’ব, আৰু বিশেষকৈ দেশৰ পাহাৰীয়া ৰাজ্যসমূহত বুনিয়াদী সা-সুবিধাবোৰো সকলোৰে শেহত হ’ব লাগিব, বহু বছৰৰ অপেক্ষাৰ পিচতহে হ’বগৈ। সেই পুৰণি মানসিকতাৰ পৰিণতি এয়াই হ’লগৈ যে দেশত উন্নয়ণৰ এক ডাঙৰ অসমতুলতাৰ সৃষ্টি হ’লগৈ। ইয়াৰ ফলতে দেশৰ এটা বৃহত্ অংশ, সেই অঞ্চলসমূহৰ ৰাইজে অসুবিধা, অভাৱৰে সহবাস কৰিবলগীয়া হৈছিল।

বিগত ৮টা বছৰত দেশে এতিয়া সেই পুৰণি মানসিকতা পিচত এৰি থৈ, আধুনিক মানসিকতাৰ সৈতে আগবাঢ়িবলৈ লৈছে। এতিয়া চাওকচোন, দীৰ্ঘ সময় ধৰি, আৰু মইতো যেতিয়াই ইয়ালৈ আহিছিলো, মই সদায়ে দেখিছিলো যে ইয়াত এখন বিশ্ববিদ্যালয়কে লৈ দিন পাৰ কৰিবলগীয়া হৈছিল। আৰু চিকিত্সাই হওক কিম্বা চিকিত্সা বিষয়ক শিক্ষাই হওক, ‘আইজিএমচি-চিমলা’ আৰু ‘টাটা মেডিকেল কলেজ’ৰ ওপৰতে নিৰ্ভৰ কৰি থাকিবলগীয়া হৈছিল। জটিল ৰোগৰ চিকিত্সাই হওক কিম্বা শিক্ষা বা জীৱিকা যিয়েই নহওক কিয়, সেই সময়ত দিল্লী নতুবা চণ্ডীগড়লৈ ঢপলিয়াব লগাত পৰিছিল। কিন্তু বিগত ৮টা বছৰত আমাৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে হিমাচলৰ বিকাশগাঁথাক এক নতুন মাত্ৰা প্ৰদান কৰিলে। আজি হিমাচল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ো আছে, ‘আইআইটি’, ‘ত্ৰিপল আইআইটি’, ‘ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট’(আইআইএম)ৰ দৰে প্ৰতিষ্ঠিত সংস্থানো আছে। দেশৰ চিকিত্সাশিক্ষা আৰু স্বাস্থ্যখণ্ডৰ সকলোতকৈ ডাঙৰ সংস্থান ‘এইমছ’-য়েও এতিয়া বিলাসপুৰ আৰু হিমাচল প্ৰদেশৰ মান-সন্মান বৃদ্ধি কৰিব।

বিলাসপুৰৰ ‘এইমছ’খন আৰু এটা পৰিৱৰ্তনৰো প্ৰতীক আৰু ‘এইমছ’সমূহৰ ভিতৰতো এইখন ‘গ্ৰীণ এইমছ’ হিচাপে প্ৰসিদ্ধ হ’ব। কিয়নো এইখন হৈছে সম্পূৰ্ণ ভাবে ‘পৰিৱেশ অনুকূল এইমছ’, ‘প্ৰকৃতিপ্ৰেমী এইমছ’। অলপতে আমাৰ সকলো মিত্ৰই জানিবলৈ দিছে যে আগতে চৰকাৰী শিলান্যাস কৰা হয় আৰু নিৰ্বাচনৰ পিচত সকলোবোৰ পাহৰি পেলেৱা হয়। আজিও হিমাচললৈ গ’লে, আমাৰ ধুমল জীয়ে এবাৰ কাৰ্যক্ৰম কৰিছিল যে ক’ত ক’তনো কিমান আধাৰশিলা আছে বিচাৰি উলিওৱাৰ, আৰু পোৱা গ’ল যে এনে বহুবোৰ অধাৰশিলা আধাৰশিলা হৈয়ে পৰি ৰ’ল, কাম কিন্তু হোৱাই নাছিল।

মোৰ মনত আছে মই এবাৰ ৰে’লবিভাগৰ কামৰ পৰ্যালোচনা কৰি আছিলো, উনাৰ ওচৰত এটা ৰে’লপথ স্থাপন কৰাৰ কথা আছিল। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৩৫ বছৰৰ আগতে, ৩৫ বছৰৰ আগতে। সংসদত ঘোষণা কৰা হৈছিল, আৰু সেই ফাইল বন্ধ হৈ গ’ল। হিমাচলক কোনেনো সুধিব ভাই? কিন্তু এওঁটো হিমাচলৰ ল’ৰা আৰু হিমাচলক পাহৰিবই নোৱাৰে। কিন্তু আমাৰ চৰকাৰৰ পৰিচয়েই হৈছে যে যিটো প্ৰকল্পৰ শিলান্যাস কৰা হ’ল, সেইটো প্ৰকল্পৰ লোকাৰ্পণো কৰা হয়। ৰখাই থোৱা, ঘূৰাই ফুৰোৱা, বিপথে পৰিচালিত কৰাৰ সেইদিন এতিয়া অতীত হ’ল বন্ধুসকল।

বন্ধুসকল,

ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত হিমাচল প্ৰদেশৰ সদায়ে বহুত ডাঙৰ অৱদান আছে, যিখন হিমাচল সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বীৰসকলৰ বাবে প্ৰসিদ্ধ সেইখন হিমাচলে এতিয়াৰে পৰা এইখন এইমছৰ সুবাদত জীৱনৰক্ষাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰিব। ২০১৪ চন পৰ্যন্ত হিমাচল প্ৰদেশত মাত্ৰ ৩খন চিকিত্সা মহাবিদ্যালয়হে আছিল, ইয়াৰে ২খন আছিল চৰকাৰী। পিচে, বিগত ৮টা বছৰত হিমাচলত ৫খন নতুন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰা হৈছে। ২০১৪ চন পৰ্যন্ত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসন মিলাই মাত্ৰ ৫০০ শিক্ষাৰ্থীয়েহে শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছিল, কিন্ত আজি এই সংখ্যা ১২০০ৰো অধিক হৈছেহি, অৰ্থাত্, দুগুণৰো অধিক হৈছেহি। ‘এইমছ’ৰ পৰা প্ৰতি বছৰে বহু সংখ্যক নতুন চিকিত্সক ওলাব, নাৰ্ছিং-ৰে জড়িত হোৱা যুৱক-যুৱতীয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। আৰু মই জয়ৰাম জীৰ টীমটোক, জয়ৰাম জীক, ভাৰত চৰকাৰৰ আৰোগ্য মন্ত্ৰী আৰু আৰোগ্য মন্ত্ৰালয়ক বিশেষ ভাবে অভিনন্দন জনাব লাগিব। যেতিয়া নাড্ডা জী স্বাস্থ্য মন্ত্ৰী আছিল, সেই সময়তে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো যেতিয়া নাড্ডা জীয়ে বহুত বেছি দায়িত্ব লবলগীয়া হৈছিল, মই শিলান্যাসো কৰি গৈছিলো। এই সময়তে কৰোনাৰ ভয়ংকৰ মহামাৰীৰ প্ৰদুৰ্ভাৱ ঘটিল আৰু আমি সকলোৱে জানো যে হিমাচলৰ সোকেতো হিমাচলত নিৰ্মাণৰ যিয়েই নকৰক কিয়, কিমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়! এটা এটা বস্তু পাহাৰলৈ খুপি খুপি উঠাবলগীয়া হয়, এই কাম দুৰূঢ়। যিটো কাম তলত এঘণ্টাতে কৰি শেষ কৰিব পৰা যায় সেইটো কামেই এই পাহাৰত কৰিবলৈ গোটেই দিনটোৰে প্ৰয়াজন হয়। ইমানৰ পিচতো কিন্তু, কৰোনাৰ সমস্যাৰ পিচতো ভাৰত চৰকাৰৰ আৰোগ্য মন্ত্ৰালয় আৰু জয়ৰাম জীৰ ৰাজ্য চৰকাৰৰ টীমে একেলগে মিলি যি কাম কৰিলে, আজি ‘এইমছ’ সম্পূৰ্ণ হৈ উঠিল, ‘এইমছ’-য়ে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিলে।

চিকিত্সা মহাবিদ্যালয়েই কেৱল নহয়, আমি আৰু দিশত আগবাঢ়িবলৈ সক্ষম হ’লো, ঔষধ আৰু জীৱনৰক্ষক প্ৰতিষেধকৰ নিৰ্মাতাৰ ৰূপতো হিমাচলৰ ভূমিকাৰ পৰিসৰ বিস্তাৰিত কৰা হৈছে। ‘বাল্ক ড্ৰাগছ পাৰ্ক’ৰ বাবে দেশৰ কেৱল তিনিখন ৰাজ্যক নিৰ্বাচিত কৰা হৈছে, আৰু তাৰ ভিতৰত এখন ৰাজ্যৰ নাম কি ভাইসকল? হিমাচল, আপোনালোকৰ গৰ্ববোধ হৈছে নহয়নে বাৰু? এয়া আপোনালোকৰ সন্তানসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আধাৰশিলা নহয়নে বাৰু? এয়া আপোনালোকৰ সন্তানসকলৰ ভৱিষ্যতৰ ‘গেৰাণ্টী’ নহয়নে বাৰু? আমি কামবোৰ খুবেই শক্তিশালী ৰূপত কৰো আৰু আজিৰ প্ৰজন্মৰ বাবেও কৰো আৰু আগন্তুক প্ৰজন্মসমূহৰ বাবেও কৰো।

সেইদৰেই ‘মেডিকেল ডিভাইচ পাৰ্ক’ৰ বাবে ৪খন ৰাজ্য নিৰ্বাচিত কৰা হৈছে, য’ত চিকিত্সা ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হ’বলৈ ধৰিছে। এনে পৰিস্থিতিত বিশিষ্ট শ্ৰেণীৰ উপকৰণৰ প্ৰয়োজন হয়, সেইবোৰ তৈয়াৰ কৰাৰ বাবে দেশে চাৰিখন ৰাজ্য নিৰ্বাচিত কৰিছে। ইমান বিশাল এই হিন্দুস্তান, ইমান বিশাল ইয়াৰ জনসংখ্যা, হিমাচলতো মোৰ তেনেই সৰু এখন ৰাজ্য, কিন্তু এইখন যে বীৰসকলৰ জন্মভূমি আৰু মই এই ৰাজ্য অন্ন খাইছো, মই সেই ঋণো সুজিব লাগিব। আৰু সেয়ে চতুৰ্থখন ‘মেডিকেল ডিভাইচ পাৰ্ক’ ক’ত নিৰ্মাণ কৰা হৈছে, এই চতুৰ্থখন ‘মেডিকেল ডিভাইচ পাৰ্ক’ ক’ত নিৰ্মাণ কৰি থকা হৈছে- আপোনালোকৰ হিমাচলত বন্ধুসকল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ ডাঙৰ লোকসকল ইয়ালৈ আহিব। নালাগঢ়ত এই ‘মেডিকেল ডিভাইচ পাৰ্ক’ৰ শিলান্যাস হৈছে ইয়াৰে অংশ। এই ‘ডিভাইচ পাৰ্ক’ৰ নিৰ্মাণৰ বাবে  কেবা হাজাৰ কোটি টকাৰ বিনিয়োগ ইয়াত হ’ব। ইয়াৰ সৈতে সম্পৰ্কিত অনেক ক্ষুদ্ৰ আৰু লক্ষূ উদ্যোগ আশে-পাশে বিকশিত হ’ব। ইয়াৰ জৰিয়তে এই অঞ্চলৰ হাজাৰ হাজাৰ যুৱক-যুৱতী সংস্থাপিত হোৱাৰ সুযোগ পাব।

বন্ধুসকল,

হিমাচলৰ আৰু এটা পক্ষ আছে, য’ত ইয়াৰ বিকাশৰ অনন্ত  সম্ভাৱনা লুকাই আছে। এইটো পক্ষ হৈছে ‘মেডিকেল টুৰিজম’ৰ। ইয়াৰ অৱহাৱা, ইয়াৰ বাতাবৰণ, ইয়াৰ তৰু-তৃণ, সু-স্বাস্থ্যৰ বাবে ইয়াৰ আদৰ্শ বাতাবৰণ। আজি ভাৰতৰ ‘মেডিকেল টুৰিজম’ক লৈ পৃথিৱীৰ এটা বহুত ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। যেতিয়া দেশ আৰু বিদেশৰ লোকসকলে হিন্দুস্তানলৈ চিকিত্সা গ্ৰহণৰ বাবে আহিব খুজিব, তেওঁলোকে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰিব বিচাৰিব। এক প্ৰকাৰে তেওঁলোকৰ বাবে আৰোগ্যৰ লাভৰ লগতে পৰ্যটনৰ লাভ আদায়ৰো সুযোগো হৈ উঠিব। হিমাচল প্ৰদেশৰ বাবেতো এয়া ‘দুটা হাততে দুটা লাডু’ কথা সদৃশ হ’ব।

বন্ধুসকল,

দুখীয়া আৰু মধ্যবিত্তীয় শ্ৰেণীৰ ৰাইজৰ চিকিত্সা কেনেকৈ কম খৰছী কৰি তুলিব পৰা যায়, কেনেকৈ তেওঁলোকক উন্নত চিকিত্সাৰ সুযোগ প্ৰদান কৰিব পৰা যায়, কেনেকৈ বেছি দূৰলৈ নোযোৱাকৈ তেওঁলোকক চিকিত্সা গ্ৰহণ কৰাব পৰা যায়, সেয়া নিশ্চিত কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াস অব্যাহত ৰাখিছে। সেয়ে আজি ‘এইমছ’, মেডিকেল কলেজ, জিলা হাস্পটালসূহত ‘ক্ৰিটিকেল কেয়াৰ’ৰ সুবিধসমূহো উপলব্ধ কৰোৱাৰ লগতে গাঁওসমূহত ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ স্থাপন কৰিব পৰাকৈ এক মসৃণ যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ বাবে আমি কাম কৰি আছো। সেই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত হিমাচলৰ সৰহ সংখ্যক পৰিয়ালক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদানৰ সুবিধা আগবঢ়োৱা হৈছে।

এই যোজনাৰ জৰিয়তে এই পৰ্যন্ত দেশৰ ৩ কোটি ৬০ লাখ ৰোগীয়ে বিনামূলীয়া চিকিত্সা লাভ কৰিছে, আৰু ইয়াৰে ডেৰ লাখ হিতাধিকাৰীতো মোৰ এই হিমাচলৰে হয়। দেশত এই সকলো বন্ধুৰ চিকিত্সাৰ বাবে চৰকাৰে এই পৰ্যন্ত ৪৫ হাজাৰ কোটি টকা খৰছ কৰিছে। যদি ‘আয়ুষ্মান ভাৰত যোজনা’ নহ’লহেতেন তেন্তে ইয়াৰ প্ৰায় দুগুণ অৰ্থাত্ প্ৰায় ৯০ হাজাৰ কোটি টকা এইসকল ৰোগীৰ পৰিয়ালে ব্যয় কৰিবলগীয়াত পৰিলহেতেন।

বন্ধুসকল,

মোৰ বাবে আৰু এটা সন্তোষৰ কথা আছে। চৰকাৰৰ এই ধৰণৰ যোজনাসমূহৰ সকলোতকৈ অধিক লাভ আমাৰ আইসকল, আমাৰ ভগ্নীসকল আৰু আমাৰ ছোৱালীহঁতে লাভ কৰিছে। আৰু আমিতো জানো যে আমাৰ আইসকল-ভগ্নীসকলৰ স্বভাৱ হৈছে তেওঁলোকৰ যিমানেই সমস্যা নহওক কিয়, শৰীৰত যিমানেই পীড়া নহওক কিয়, তেওঁলোকে কিন্তু পৰিয়ালৰ অসুবিধা হ’ব বুলি ভাবেয়েই নোকোৱাকৈ থাকে। তেওঁলোকে সকলো সহিও কাম কৰি থাকে, সম্পূৰ্ণ পৰিয়ালটোকে চম্ভালি থাকিব বিচাৰে। তেওঁলোকে ভাবে তেওঁৰ অসুখৰ কথা যদি পৰিয়ালৰ লোকসকলে জানি যায়, তেন্তে তেওঁলোকে ধাৰ-ঋণ কৰি হ’লেও তেওঁৰ চিকিত্সা কৰাব বিচাৰিব। কিন্তু মায়ে বিচাৰে লাগিলে বেমাৰ গাত লৈয়ে দিন কটাম তথাপি ধাৰ লবলৈ নিদিও, পৰিয়াল ঋণগ্ৰস্থ হবলৈ নিদিও। কিন্তু এইসকলৰ আইৰ বাবে চিন্তা কোনে কৰিব! আমাৰ আইসকলে কি এইদৰেই দুখ-যাতনা সহ্য কৰিয়েই দিন কটাব লাগিব! আৰু সেই চিন্তাৰ আধাৰতে ‘আয়ুষ্মান ভাৰত যোজনা’ৰ ৰূপায়ণ কৰা হ’ল। ‘আয়ুষ্মান যোজনা’ৰ জৰিয়তে লাভ হোৱা সকলৰ ৫০শতাংশৰো অধিক হৈছে আমাৰ আই-ভগ্নীসকল। আমাৰ আই-ভনী আৰু আমাৰ ছোৱালীহঁত।

বন্ধুসকল,

লাগিলে শৌচালয় নিৰ্মাণৰ স্বচ্ছ ভাৰত অভিযানেই হওক, বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিয়া উজ্বলা যোজনাই হওক, বনামূলীয়া ‘ছেনিটেৰী নেপকিন’ দিয়া অভিযানেই হওক, ‘মাতৃবন্দন যোজনা’ৰ অধীনত প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক পুষ্টিকৰ আহাৰ যোগানৰ বাবে বহু হাজাৰ টকাৰ সহায়েই হওক, অথবা এতিয়া ঘৰে ঘৰে পানীৰ যোগান দিয়া অভিযানেই হওক, এই  সকলো যোজনা মোৰ আই-ভনীহঁতৰ সবলূকৰণৰ উদ্দেশ্যেই ৰূপায়ণ কৰা হৈছে। আই-ভনী-কন্যাহঁতৰ সুখ, সন্মান, সুৰক্ষা আৰু স্বাস্থ্য হৈছে ‘ডাবল ইঞ্জিন’ চৰকাৰৰ বিশেষ প্ৰাথমিকতা। কেন্দ্ৰীয় চৰকাৰে যি যোজনাই নবনাওক কিয় জয়ৰাম জীৰ টীমে, তেওঁৰ চৰকাৰে বহুত দ্ৰুত গতিৰে এই সকলো যোজনা ৰূপায়ণৰ দিহা কৰি সেইসমূহ যোজনাৰ সুফল বৃদ্ধি কৰাৰ প্ৰয়াস কৰি আহিছে। ‘হৰ ঘৰ নল চে পানী’ যোগানৰ কাম ইয়াত কিমান দ্ৰুত গতিৰে আগবাঢ়িছে সেয়া আমি সকলোৱে দেখি আছো। বিগত ৭টা দশকত যিমান নলৰ সংযোগ হিমাচল হৈছিল, তাতোকৈ দুগুণৰো অধিক কেৱ যোৱা তিনিটা বছৰতে সম্ভৱ কৰা হৈছে। এই তিনিটা বছৰত চাৰে ৮ লাখৰো অধিক পৰিয়াললৈ পানীৰ যোগান ধৰা হৈছে।

ভাই-ভনীসকল,

জয়ৰাম জী আৰু তেওঁৰ টীমৰ আৰু এটা কথাত দেশে প্ৰশংসা কৰিছে। এই প্ৰশংসা সামাজিক সুৰক্ষাক লৈ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা প্ৰয়াসক বিস্তাৰিত কৰাৰ বাবেই কৰা হৈছে। আজি হিমাচলৰ চাগৈ এনে কোনো পৰিয়াল নোলাব, যাৰ কোনোবা নহয় কোনোবা সদস্যই পেন্সনৰ আক্ৰান্ত কৰিছে, এনেবোৰ পৰিয়ালক পেন্সন আৰু চিকিত্সা সাহায্য প্ৰদানৰ প্ৰয়া নিতান্তই আদৰণীয় পদক্ষেপ। হিমাচল প্ৰদেশৰ বহু হাজাৰ পৰিয়ালে ‘ৱান-ৰেংক ৱান পেন্সন’ৰ সূচনা সুবিধা নোপোৱাকৈ আছে। বিশেষকৈ যিসকলৰ সহায় কৰোতা কেওঁ নাই, যিসকলক ৰোগে হোৱাৰ পৰাও বিশেষ ভাবে উপকৃত হ’ব পাৰিছে।

বন্ধুসকল,

‘ডিজিটেল কানেক্টিভিটী’ৰ ক্ষেত্ৰতো হিমাচলত অভুতপূৰ্ব কাম হৈছে। যোৱা ৮টা বছৰত ‘মে’ড ইন ইণ্ডিয়া মোবাইল ফোন’ সস্তা হোৱাৰ লগতে গাঁৱে গাঁৱে ‘নেটৱৰ্ক’ উপলব্ধ হৈছে। উন্নত ‘৪জি কানেক্টিভিটী’ৰ বাবে হিমাচল প্ৰদেশ ‘ডিজিটেল লেনদন’তো বহুত দ্ৰুতগতিৰে আগুৱাই যাব পাৰিছে। এতিয়াতো দেশত প্ৰথমবাৰৰ বাবে ‘মে’ড ইন ইণ্ডিয়া ৫জি সেৱা’ও আৰম্ভ হৈছে, যাৰ লাভ হিমাচলেও অচিৰেই ল’ব পাৰিব।

ভাৰতে ‘ড্ৰোন’ সংক্ৰান্ত যি নিয়ম তৈয়াৰ কৰিছে, সলনি কৰিছে, আৰু তাৰ পিচত, আৰু মই ইয়াৰ বাবেও হিমাচল প্ৰদেশক অভিনন্দন জনাইছো, দেশৰ প্ৰথমখন ৰাজ্য হিচাপে হিমাচলে ‘ড্ৰোন নীতি’ যুগুতাই উলিয়াইছে। এতিয়া ড্ৰোনৰ জৰিয়তে পৰিবহণৰ হাৰ বাৰুকৈয়ে বাঢ়িব বুলি আশা কৰা হৈছে।

মোৰ ভাল লাগিছে যে ‘বিজয়া দশমী’ৰ পবিত্ৰ পৰ্বত বিজয় নাদ কৰাৰ বাবে সুযোগ পালো আৰু মই ৰণশিঙা বজাই বিজয়ৰ সংকেত দিয়াৰ সুযোগ লাভ কৰিলো। আৰু এই সকলো আপোনালোকৰ আশীৰ্বাদৰ মাজত কৰিবলৈ পালো। মই পুনৰবাৰ ‘এইমছ’ সহ সকলো উন্নয়ণী পৰিযোজনাৰ বাবে আপোনালোক আটাইকে বহুত বহুত অভিনন্দন জনালোঁ। দুহাতৰ মুঠি ধৰি মোৰ সৈতে কওক-

ভাৰত মাতা কী -জয়। সৰ্বশক্তিৰে কওক-

ভাৰত মাতা কী -জয়।

ভাৰত মাতা কী -জয়।

ভাৰত মাতা কী -জয়।

বহুত বহুত ধন্যবাদ!

 

*****

DS/ST/NS/KB



(Release ID: 1866038) Visitor Counter : 122