প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়স্থিত লালবাহাদুৰ শাস্ত্ৰীৰ গেলেৰীৰ একাংশ আলোকচিত্ৰ শ্বেয়াৰ
प्रविष्टि तिथि:
02 OCT 2022 9:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী জীৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে লালবাহাদুৰ শাস্ত্ৰীক লৈ তেখেতৰ ভাৱনাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়স্থিত লাল বাহাদুৰ শাস্ত্ৰীৰ গেলেৰীৰ একাংশ আলোকচিত্ৰ শ্বেয়াৰ কৰে য’ত প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ জীৱন পৰিক্ৰমা আৰু সাফল্যৰাজিক থূপাই প্ৰদৰ্শন কৰা হৈছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"সৰলতা আৰু নিৰ্ণায়কতাৰ বাবে লালবাহাদুৰ শাস্ত্ৰী জী সমগ্ৰ ভাৰততে প্ৰশংসিত। আমাৰ ইতিহাসৰ এছোৱা অতিশয় গুৰুত্বপূৰ্ণ সময়ত তেওঁৰ দৃঢ় নেতৃত্ব প্ৰদান কাৰ্য্য সদায়েই স্মৰণীয় হৈ ৰ’ব। জয়ন্তীৰ দিনা তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।"
“আজি শাস্ত্ৰী জীৰ জয়ন্তীৰ দিনটোত মই দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়স্থিত তেওঁৰ গেলেৰীৰ একাংশ আলোকচিত্ৰও শ্বেয়াৰ কৰিছো। ইয়াত প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ জীৱন পৰিক্ৰমা আৰু সাফল্যৰাজি থূপাই প্ৰদৰ্শন কৰা হৈছে। সংগ্ৰহালয়টো দৰ্শন কৰে যেন…”
***
DS/ST/SB
(रिलीज़ आईडी: 1865782)
आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam