প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জলপাইগুৰি, পশ্চিমবংগত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে


পিএমএনআৰএফৰ পৰা অনুগ্ৰহ সাহায্য ঘোষণা

प्रविष्टि तिथि: 06 OCT 2022 9:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জলপাইগুৰি, পশ্চিমবংগত দুৰ্গা পূজাৰ সময়ত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু এই শোকাৱহ দুৰ্ঘটনাত আহতসকলৰ প্ৰত্যেকলৈ ৫০,০০০ টকাকৈ এক অনুগ্ৰহ সাহায্য ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;

"জলপাইগুৰি, পশ্চিমবংগত দুৰ্গা পূজাৰ সময়ত হোৱা দুৰ্ঘটনাত মৰ্মাহত। যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱালে সেইসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো: পিএম @narendramodi"

"জলপাইগুৰি, পশ্চিমবংগত দুৰ্গা পূজাৰ উৎসৱৰ মাজতে হোৱা শোকাৱহ দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ পিএমএনআৰএফৰ পৰা দিয়া হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: পিএম @narendramodi"

 

***

DS/ST


(रिलीज़ आईडी: 1865531) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam