তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

এফএম ৰেডিঅ’ৰ তৃতীয় পৰ্যায়ৰ নীতি-নিৰ্দেশনাৰ সংশোধনত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে

प्रविष्टि तिथि: 04 OCT 2022 1:09PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে বেচৰকাৰী সংস্থাৰ জৰিয়তে এফএম ৰেডিঅ' সম্প্ৰচাৰ সেৱাৰ সম্প্ৰসাৰণৰ নীতি নিৰ্দেশনাত সন্নিবিষ্ট কিছুমান ব্যৱস্থাৰ সংশোধনত অনুমোদন জনাইছে যাক বেচৰকাৰী এফএম তৃতীয় পৰ্যায়ৰ নীতি-নিৰ্দেশনা বুলি কোৱা হয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত যোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰে সিদ্ধান্ত লৈছে যে ১৫ বছৰৰ বাবে এফএম ৰেডিঅ' সম্প্ৰচাৰৰ অনুমতিপ্ৰাপ্ত সংস্থাসমূহে এতিয়াৰে পৰা যিকোনো সময়তে পুনৰ্গঠন প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। পূৰ্বতে প্ৰথম তিনি বছৰ পুনৰ্গঠনৰ কাম কৰা হোৱা নাছিল। ইয়াৰোপৰি কোনো চেনেলৰ মুঠ শ্বেয়াৰৰ ১৫ শতাংশ নেশ্যনেল কেপ সংক্ৰান্তীয় যি বাধা-নিষেধ আছিল সেয়া প্ৰত্যাহাৰ কৰা হৈছে। নতুন নিয়ম অনুযায়ী ‘গ’ আৰু ‘ঘ’ শ্ৰেণীভুক্ত চহৰসমূহত এফ এম চেনেলৰ নিলামত অংশ লোৱাৰ বাবে এতিয়াৰে পৰা মাত্ৰ ১কোটি টকাৰ সম্পদ থাকিব লাগিব। আগেয়ে ইয়াৰ পৰিমাণ আছিল ডেৰ কোটি টকা। ইয়াৰ ফলত দেশজুৰি তৃতীয় পৰ্যায়ৰ চহৰসমূহত এফ এম বেতাৰ সম্প্ৰচাৰত বেচৰকাৰী সংস্থাসমূহৰ অংশগ্ৰহণ কৰিবলৈ সুবিধা হব। ফলস্বৰূপে সৰু চহৰ আৰু প্ৰত্যন্ত অঞ্চলত বিনামূলীয়াকৈ সংগীত আৰু বিনোদনমূলক অনুষ্ঠান মানুহৰ কাষলৈ নিয়াৰ লগতে কৰ্মসংস্থানৰো সৃষ্টি হ’ব।

দেশত সহজে ব্যৱসায়-বাণিজ্য কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে। প্ৰশাসনিক কাম-কাজক আৰু দক্ষ আৰু কাৰ্যকৰী কৰি তুলিবলৈ বিভিন্ন প্ৰক্ৰিয়াৰ সৰলীকৰণ কৰা হৈছে, যাতে ইয়াৰ সুফল সাধাৰণ মানুহৰ ওচৰলৈ লৈ যাব পাৰি।

 

***

Saurabh Singh/KG


(रिलीज़ आईडी: 1865512) आगंतुक पटल : 224
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Telugu , Kannada , Malayalam