তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২২ বৰ্ষত গ্ৰন্থ প্ৰকাশত উৎকৃষ্টতাৰ বাবে ফেডাৰেচন অফ ইণ্ডিয়ান পাব্লিচাৰ্ছ-এ প্ৰদান কৰা নটা বঁটা লাভ কৰিছে প্ৰকাশন বিভাগে

प्रविष्टि तिथि: 30 SEP 2022 11:58AM by PIB Guwahati

ভাৰতীয় প্ৰকাশকসকলৰ শীৰ্ষ সংস্থা ফেডাৰেচন অৱ ইণ্ডিয়ান পাব্লিচাৰ্ছ (এফআইপি)ৰ ৪২ তম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হয় ২০২২ বৰ্ষত গ্ৰন্থ প্ৰকাশত উৎকৃষ্টতা প্ৰদৰ্শনৰ বাবে প্ৰকাশন বিভাগ সঞ্চালকালয়ে ইয়াৰ শিৰোনামৰ বাবে বিভিন্ন শ্ৰেণীত নটা বঁটা লাভ কৰে

প্ৰকাশন বিভাগ সঞ্চালকালয়ে 'বেলেন্সিং দ্য উইচডম ট্ৰী'ৰ বাবে জেনেৰেল এণ্ড ট্ৰেড বুকছ(ইংৰাজী), 'ভাৰত বিভাজন কি কাহানি'ৰ বাবে জেনেৰেল এণ্ড ট্ৰেড বুক(হিন্দী), 'কৰ্টছ অৱ ইণ্ডিয়া(মাৰাঠী)'ৰ বাবে আৰ্ট এণ্ড কফী টেবল বুকছ(আ্ঞ্চলিক ভাষা), 'ইণ্ডিয়া ২০২২'ৰ বাবে ৰেফাৰেন্স বুক (ইংৰাজী),কোভিড-১৯'ঃ বৈশ্বিক মহামাৰী(ইংৰাজী)ৰ বাবে বৈজ্ঞানিক/কাৰিকৰী/চিকিৎসা বিজ্ঞানৰ কিতাপ(হিন্দী) আৰু 'কুৰুক্ষেত্ৰ'ৰ বাবে আলোচনী আৰু ঘৰুৱা আলোচনী (হিন্দী)শ্ৰেণীত ছয়টা প্ৰথম পুৰস্কাৰ লাভ কৰে

'লোকতন্ত্ৰ কে স্বৰ'ৰ বাবে জেনেৰেল এণ্ড ট্ৰেড বুক(হিন্দী)শাখাত এটা দ্বিতীয় পুৰস্কাৰ আৰু 'পিনুছি'ৰ বাবে শিশু কিতাপ (সাধাৰণ ৰুচি)(০-১০বছৰ) আৰু 'আজকাল (উৰ্দু)'ৰ বাবে আলোচনী আৰু ঘৰুৱা আলোচনী (আঞ্চলিক ভাষা) শাখাত বিভাগটোক দুটা তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়।

যোৱা বছৰ, প্ৰকাশন বিভাগে বিভিন্ন শ্ৰেণীত ইয়াৰ বিভিন্ন প্ৰকাশনৰ বাবে দহটা বঁটা লাভ কৰিছিল। প্ৰকাশন বিভাগ সঞ্চালকালয় হৈছে কিতাপ আৰু আলোচনীসমূহৰ এক ভঁৰাল যিয়ে ৰাষ্ট্ৰীয় গুৰুত্ব আৰু ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ বিষয়বোৰক প্ৰাধান্য দিয়ে। ১৯৪১ চনত স্থাপিত প্ৰকাশন বিভাগ হৈছে ভাৰত চৰকাৰৰ এক মুখ্য প্ৰকাশন প্ৰতিষ্ঠান য'ত বিভিন্ন ভাষাত কিতাপ আৰু আলোচনী প্ৰকাশ কৰা হয় আৰু ইতিহাস, কলা, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, বিজ্ঞান আৰু ক্ৰীড়া, গান্ধীবাদী সাহিত্য, শিশু সাহিত্যৰ লগতে ৰাষ্ট্ৰীয় নেতাসকলৰ ভাষণ আৰু প্ৰখ্যাত ব্যক্তিসকলৰ আত্মজীৱনীকে ধৰি বিভিন্ন বিষয়বস্তুৰ ওপৰত কিতাপ আৰু আলোচনী প্ৰকাশ কৰা হয়। বিভাগটোৱে পঢ়ুৱৈ আৰু প্ৰকাশকসকলৰ মাজত বিশ্বাসযোগ্যতা অৰ্জন কৰিছে আৰু সমলৰ সত্যতাৰ লগতে ইয়াৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থসমূহৰ যুক্তিসংগত মূল্যৰ বাবে ভালদৰে স্বীকৃত হৈছে।

 

***

Saurabh Singh/KG


(रिलीज़ आईडी: 1864439) आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Telugu