প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচল প্ৰদেশৰ কুলুত এখন পৰ্যটকৰ বাহন খাৱৈত পৰি প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 26 SEP 2022 10:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ কুলু জিলাত এখন পৰ্যটকৰ বাহন খাৱৈত পৰি প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে আহতসকললৈ সকলো ধৰণৰ সাহায্য আগবঢ়োৱা হৈছে। তেখেতে লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"হিমাচল প্ৰদেশৰ কুলুত এখন পৰ্যটকৰ বাহন খাৱৈত পৰা ঘটনাত শোকাহত হৈছো। এই দুৰ্ঘটনাত আপোনজনক হেৰুৱাবলগীয়া হোৱাসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ইয়াৰ সমান্তৰালভাৱে, আহতসকললৈ সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে। মই তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিলোঃ প্ৰধানমন্ত্ৰী।"

***

DS/ST/SB



(Release ID: 1864423) Visitor Counter : 95