ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বচ্ছ সৰ্বেক্ষণ বঁটা, ২০২২ প্ৰদান কৰিলে

Posted On: 01 OCT 2022 7:36PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে আজি (১ অক্টোবৰ, ২০২২) নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত স্বচ্ছ সৰ্বেক্ষণ বঁটা, ২০২২ প্ৰদান কৰে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বঁটা বিজয়ী চহৰসমূহৰ বাসিন্দা, অনাময় কৰ্মী আৰু স্থানীয় প্ৰশাসনক অভিনন্দন জনায়। তেওঁ উল্লেখ কৰে যে ইন্দোৰ চহৰে একেৰাহে ষষ্ঠবাৰৰ বাবে প্ৰথম স্থান লাভ কৰিছে। তেওঁ ইন্দোৰ চহৰৰ বাসিন্দাসকলে দাঙি ধৰা জনসাধাৰণৰ অংশগ্ৰহণৰ আৰ্হি দেশখনৰ আন-আন চহৰসমূহেও অনুসৰণ কৰিব পাৰে বুলি কয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বচ্ছ জৰীপে স্বচ্ছতাৰ ক্ষেত্ৰত ৰাজ্য আৰু নগৰসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাক প্ৰোৎসাহিত কৰিছে। তেওঁ উল্লেখ কৰে যে এই বৰ্ষৰ সমীক্ষাত ৪০০০ ৰোধিক চহৰৰ প্ৰায় ৯ কোটি লোকে অংশগ্ৰহণ কৰিছিল। তেওঁ বিস্তৃতভাৱে নাগৰিকসকলৰ মাজত স্বচ্ছতা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ শলাগ লয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত আঠটা বছৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ লগতে সকলো নাগৰিকে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণেৰে ‘স্বচ্ছ ভাৰত অভিযান’ ক সাফল্যমণ্ডিত কৰি তুলিছে। তেওঁ এই সফলতা লাভৰ ক্ষেত্ৰত আমাৰ ছাফাই মিত্ৰসকলে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কয়। ক’ভিড মহামাৰীটোৰ সময়তো তেওঁলোকে স্বচ্ছতা অক্ষুণ্ণ ৰাখিবলৈ নিৰন্তৰভাৱে কাম কৰিছিল।

তেওঁ কয় যে যোৱা বৰ্ষৰ ১ অক্টোবৰত, ২০২৬ ৰ ভিতৰত সকলো চহৰকে আৱৰ্জনা-মুক্তকৰণৰ লক্ষ্যৰে ‘স্বচ্ছ ভাৰত অভিযান-নগৰীয়া ২.০’ ৰ শুভাৰম্ভ কৰা হৈছিল। তেওঁ ২০২২ ৰ ২ অক্টোবৰৰপৰা উন্নত আৱৰ্জনা ব্যৱস্থাপনাৰ অৰ্থে ঘৰতে ভিজা আৰু শুকান আৱৰ্জনাৰ পৃথকীকৰণ সম্পৰ্কে সকলো নাগৰিককে সজাগ কৰি তুলিবলৈ চহৰসমূহত এক অভিযানৰ শুভাৰম্ভ কৰিবলৈ আগবঢ়া কাৰ্য্যত সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে আমাৰ ৰাস্তা-ঘাট, গাওঁ, অঞ্চল আৰু চহৰসমূহক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো সকলো নাগৰিকৰেই এক দায়িত্ব। তেওঁ যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি সকলোকে এই অভিযানত অংশগ্ৰহণেৰে সমাজখনত স্বচ্ছতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

 

ৰাষ্ট্ৰপতিগৰাকীৰ সম্বোধন পঢ়িবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক-

 

***



(Release ID: 1864279) Visitor Counter : 104