গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গৃহ মন্ত্ৰালয়ে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পিএফআই) আৰু তাৰ সহযোগীসকলক 'বিধিবিৰুদ্ধ সংগঠন' ঘোষিত কৰিছে

प्रविष्टि तिथि: 28 SEP 2022 9:03AM by PIB Guwahati

পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পিএফআই) আৰু তাৰ সহযোগী সংগঠন বা সম্বন্ধিত সংস্থা বা অগ্ৰণী সংগঠনসমূহক গম্ভীৰ অপৰাধত জড়িত বুলি পোৱা গৈছে য'ত সন্ত্ৰাসবাদ আৰু তাৰ বিত্তপোষণ, নৃশংস হত্যা, দেশৰ সাংবিধানিক গাঁথনিৰ উলংঘন, সাৰ্বজনীন ব্যৱস্থা অৱনত কৰা আদি অন্তৰ্ভুক্ত, যি দেশৰ অখণ্ডতা, সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ বাবে ক্ষতিকাৰক।

সেয়ে গৃহ মন্ত্ৰালয়ে এই সংগঠনৰ অপৰাধমূলক কাৰ্যকলাপৰ ওপৰত বাধা আৰোপ কৰা প্ৰয়োজন বুলি গণ্য কৰে আৰু সেয়ে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পিএফআই) আৰু তাৰ সহযোগী সংগঠন বা সম্বন্ধিত সংস্থা বা অগ্ৰণী সংগঠনসমূহক বিধিবিৰুদ্ধ কাৰ্যকলাপ (বিৰোধ) অধিনিয়ম, ১৯৬৭ৰ ব্যৱস্থাৰ অধীনত "বিধিবিৰুদ্ধ সংগঠন" ঘোষিত কৰিছে য'ত ৰিহেব ইণ্ডিয়া ফাউণ্ডেশ্যন (আৰআইএফ), কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া (চিএফআই), অল ইণ্ডিয়া ইমাম কাউঞ্চিল (এআইআইচি), নেচনেল কনফেডাৰেচন অফ হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যন (এনচিএইচআৰঅ'), নেচনেল ৱ'মেনছ ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেশ্যন আৰু ৰিহেব ফাউণ্ডেশ্যন, কেৰালা অন্তৰ্ভুক্ত আছে।

পিএফআইক নিষিদ্ধ কৰা গেজেট অধিসূচনা চাবলৈ ইয়াত ক্লিক কৰক।

***

NW/AY/RR


(रिलीज़ आईडी: 1862909) आगंतुक पटल : 256
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam