তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

তথ্য প্ৰযুক্তি অধিনিয়ম, ২০২১-ৰ অধীনত ১০ টা ইউটিউব চেনেলৰ ৪৫ টা ইউটিউব ভিডিঅ' ব্লক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ


ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু সাম্প্ৰদায়িক বিভেদ বিয়পোৱা ভিডিঅ' ব্লক কৰা হৈছে

চেনেলকেইটাই ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলাৰ ক্ষতি কৰিবলৈ ৰূপান্তৰিত ছবি আৰু ভিডিঅ' ব্যৱহাৰ কৰিছিল

Posted On: 26 SEP 2022 5:44PM by PIB Guwahati

চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইউটিউবক ১০ টা ইউটিউব চেনেলৰ ৪৫ টা ইউটিউব ভিডিঅ' ব্লক কৰাৰ নিৰ্দেশ দিছে। সংশ্লিষ্ট ভিডিঅ'কেইটা ব্লক কৰাৰ নিৰ্দেশ ২৩ ছেপ্টেম্বৰ, ২০২২ তাৰিখে তথ্য প্ৰযুক্তি (Intermediary Guidelines and Digital Media Ethics Code) নিয়ম, ২০২১-ৰ অধীনত জাৰী কৰা হৈছিল। এই ব্লক কৰিবলৈ নিৰ্দেশ দিয়া ভিডিঅ'বোৰ মুঠ ১৩ মিলিয়নতকৈও অধিকবাৰ চোৱা হৈছিল।

এই ভিডিঅ’বোৰৰ কণ্টেণ্ট বা বিষয়বস্তুত ভুৱা বাতৰি আৰু ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱাৰ উদ্দেশ্যৰে বিভিন্ন মৰ্ফ কৰা বা বিকৃত কৰা ভিডিঅ' অন্তৰ্ভুক্ত আছিল। উদাহৰণ স্বৰূপে, এইবোৰৰ ভিতৰত আছে চৰকাৰে কিছুমান সম্প্ৰদায়ৰ ধৰ্মীয় অধিকাৰ কাঢ়ি লৈছে বুলি মিছা দাবী, ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাত্মক ভাবুকি, ভাৰতত গৃহযুদ্ধ ঘোষণা ইত্যাদি। এনে ভিডিঅ'বোৰত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা আৰু দেশত ৰাজহুৱা শৃংখলা ব্যাহত কৰাৰ সম্ভাৱনা থকা দেখা গৈছিল।

মন্ত্ৰালয়ে ব্লক কৰা কিছুমান ভিডিঅ' অগ্নিপথ আঁচনি, ভাৰতীয় সশস্ত্ৰ বাহিনী, ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা সঁজুলি, কাশ্মীৰ আদি সংক্ৰান্তীয় বিষয়ত প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু বৈদেশিক ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ক্ষেত্ৰত এই ভিডিঅ’বোৰৰ বিষয়বস্তু ক্ষতিকাৰক আৰু সংবেদনশীল বুলি গণ্য কৰা হৈছে।

কিছুমান ভিডিঅ'ত ভাৰতৰ বাহিৰৰ সীমাক জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ কিছু অংশ ভাৰতীয় ভূখণ্ডৰ বাহিৰৰ বুলিও ভুলকৈ দেখুওৱা হৈছে। গ্ৰাফিক্সৰ সৈতে সম্পৰ্কিত এনে মানচিত্ৰ তথা ভুল উপস্থাপনক ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিকাৰক বুলি বিবেচিত হৈছে।

মন্ত্ৰালয়ৰ দ্বাৰা ব্লক কৰা কণ্টেণ্ট বা ভিডিঅ’বোৰ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ৰাজ্যবোৰৰ নিৰাপত্তা, বৈদেশিক ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু দেশত ৰাজহুৱা শৃংখলাৰ বাবে ক্ষতিকাৰক বুলি জানিব পৰা গৈছিল। সেয়েহে তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৬৯ এ-ৰ পৰিসৰৰ ভিতৰত প্ৰাসঙ্গিক সমলবোৰ বা কণ্টেণ্টবোৰ অন্তৰ্ভুক্ত কৰা হৈছিল।

ভাৰত চৰকাৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলা হ্ৰাস কৰাৰ যিকোনো প্ৰচেষ্টা বিফল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

 

***

Saurabh Singh/RD



(Release ID: 1862398) Visitor Counter : 166