প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰত-ছিংগাপুৰৰ মন্ত্ৰীগোটৰ যুটীয়া প্ৰতিনিধি দলৰ

प्रविष्टि तिथि: 19 SEP 2022 8:28PM by PIB Guwahati

ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী লৰেন্স ৱং, ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী গণ কিম ইয়ং আৰু ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণক লৈ গঠিত ভাৰত-ছিংগাপুৰৰ মন্ত্ৰীগোটৰ এক যুটীয়া প্ৰতিনিধি দলে আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে৷ ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ভাৰত-ছিংগাপুৰ মন্ত্ৰীগোটৰ ঘূৰনীয়া মেজমেলৰ উদ্বোধনী পৰ্বৰ ফলাফলৰ বিষয়ে মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক অৱগত কৰে। উপ-প্ৰধানমন্ত্ৰী হিচাপে লৰেন্স ৱঙৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।

আইএছএমআৰ প্ৰতিষ্ঠা কৰাটো এক উল্লেখযোগ্য পদক্ষেপ, যিটো প্ৰধানমন্ত্ৰী মোদীয়ে কল্পনা কৰিছিল আৰু ই ভাৰত-ছিংগাপুৰ দ্বিপাক্ষিক সম্পৰ্কৰ অনন্য স্বৰূপ প্ৰতিফলিত কৰিছে। বিশেষকৈ ডিজিটেল সংযোগ, ফিনটেক, সেউজ অৰ্থনীতি, দক্ষতা বিকাশ আৰু খাদ্য সুৰক্ষাৰ দৰে সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহত অনুষ্ঠিত হোৱা ব্যাপক আলোচনাৰ বিষয়ে মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰশংসা প্ৰকাশ কৰি আইএছএমআৰৰ দৰে পদক্ষেপে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লীৰ লগতে ছিংগাপুৰবাসীলৈও শুভকামনা জ্ঞাপন কৰে।

 

***

DS/SH/DB


(रिलीज़ आईडी: 1860871) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam