প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে


“ভাৰতে যে উত্পাদনী প্ৰাণকেন্দ্ৰৰ ৰূপত ঠন্ ধৰি উঠিছে সেই কথা বিশ্বৰ মনত গাঢ় হ’বলৈ ধৰিছে”

“নীতি কেৱল এক আৰম্ভণিহে, নীতিৰ সৈতে প্ৰদৰ্শনেহে নিশ্চিত কৰিব প্ৰগতি”

‘ৰাষ্ট্ৰীয় লজিটিক্স নীতি’ আকাশৰ পৰা সৰি পৰা নাই, ইয়াৰ নেপথ্যত বিগত ৮ বছৰে কৰা প্ৰয়াস জড়িত আছে”

“লজিষ্টিক্স ব্যয়ৰ হাৰ অনতি বিলম্বে ১৩-১৪%ৰ পৰা হ্ৰাস কৰি একক সংখ্যাবিশিষ্ট কৰিবলৈ আমি সকলোৱে লক্ষ্য নিৰূপণ কৰিব লাগিব”

“ইউনিফাইড লজিষ্টিক্স ইণ্টাৰফেচ প্লেটফৰ্ম’-‘ইউলিপ’-য়ে পৰিবহণ খণ্ডৰে জড়িত সকলো ‘ডিজিটেল সেৱা’কে এটা ‘প’ৰ্টেল’ৰ আওতালৈ আনিব

“গতিশক্তি’ আৰু ‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’য়ে একেলগে এতিয়া দেশক এক নতুন কৰ্ম-সংস্কৃতিৰ দিশে আগুৱাই নিব”

“ভাৰত, যিয়ে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পণ লৈছে, এতিয়া অধিক হাৰত উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে প্ৰদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব লাগিব, সেয়ে সকলোবোৰেই প্ৰতিদ্বদন্দ্বিতামূলক হ’বই লাগিব”

“আন্তঃগাঁথনিৰ উন্নয়ণ, ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু নিয়োগ সম্ভাৱনা বৃদ্ধিৰ ক্ষেত্ৰত ‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’য়ে প্ৰচুৰ সম্ভৱনা কঢ়িয়াই আনিছে

Posted On: 17 SEP 2022 7:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’(এনএলপি) আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’ৰ শুভাৰম্ভক “এখন উন্নত দেশ হিচাপে থন্ ধৰি উঠিবলৈ ভাৰতে গ্ৰহণ কৰা পণ বাস্তৱায়িত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ” বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “দ্ৰুত গতিৰে লক্ষ্যস্থান পৰ্যন্ত সামগ্ৰী উপলব্ধ কৰাটো নিশ্চিত কৰিবলৈ, পৰিবহণ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ অন্ত পেলাবলৈ, উত্পাদকসকলৰ সময় আৰু ধন ৰাহি কৰিবলৈ, কৃষিজাত সামগ্ৰীসমূহ নষ্ট হোৱাটো বাৰণ কৰিবলৈ, সমন্বিত প্ৰয়াস চলোৱা হৈছিল আৰু সেইবোৰ প্ৰায়সৰে অন্যতম সুফল হৈছে আজিৰ এই ‘ৰাষ্ট্ৰীয় লজিটিক্স নীতি’। ইয়াৰ পৰিণতিত সমন্বয় সাধনৰ ক্ষেত্ৰত হ’ব পৰা উত্তৰণে খণ্ডটোত প্ৰত্যাশিত গতিবেগ সুনিশ্চিত কৰিব”।

ইতিমধ্যে পৃথিৱীৰ ‘পঞ্চম’ সৰ্ববৃহত্ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱা ভাৰতত সম্প্ৰতি কথাবোৰ দ্ৰুত গতিত সলনি হ’বলৈ ধৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। আজি পুৱা চিতাবাঘ মুকলি কৰা প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “বস্তু-বাহানীসমূহ চিতাবাঘৰ গতিবেগেৰে স্থানান্তৰিত হোৱাটো আমি কামনা কৰো”।

‘মে’ক ইন ইণ্ডিয়া’ আৰু ‘ভাৰতৰ আত্মনিৰ্ভৰশীলতা’ৰ প্ৰতিধ্বনি সকলোতে গুঞ্জৰিত হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ভাৰতে ইতিমধ্যে ৰপ্টানীৰ ক্ষেত্ৰত বৃহত্ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে আৰু সেয়া বাস্তৱায়িতও কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। “ভাৰতে যে উত্পাদনী প্ৰাণকেন্দ্ৰৰ ৰূপত “ঠন্ ধৰি উঠিছে সেই কথা বিশ্বৰ মনত গাঢ় হ’বলৈ ধৰিছে। আমি যদি ‘পিএলআই’ আঁচনিখন অধ্যয়ন কৰো তেন্তে পৃথিৱীয়ে যে ইয়াক আদৰি লৈছে সেই কথা জানিব পাৰিম”।

এনে এক পৰিস্থিতিত, প্ৰধানমন্ত্ৰীয়ে কয়, ‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’য়ে সকলো খণ্ডলৈকে এক নতুন শক্তি কঢ়িয়াই আনিব। তেওঁ কয়, “নীতি কেৱল এক আৰম্ভণিহে, নীতিৰ সৈতে প্ৰদৰ্শনেহে নিশ্চিত কৰিব প্ৰগতি”। এই প্ৰসংগত বিস্তৃত ব্যাখ্যা দাঙি ধৰি তেওঁ কয যে ভাৰতত আজিকালি কোনো এক নীতি বলবত্ কৰাৰ আগতে তাৰ বাবে পৃষ্ঠভূমি গঢ়ি তোলা হয়, তেতিয়াহে যিকোনো নীতিকে সফলতাৰে ৰূপায়ণৰ দিহা কৰিব পৰা যায়। ‘‘ৰাষ্ট্ৰীয় লজিটিক্স নীতি’ আকাশৰ পৰা সৰি পৰা নাই, ইয়াৰ নেপথ্যত বিগত ৮ বছৰে কৰা প্ৰয়াস জড়িত আছে। ইয়াৰ মাজত নীতিৰ সাল-সলনি হৈছে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আৰু মোৰ কথা কোৱা যায়, তেন্তে ক’বই লাগিব ইয়াৰ নেপথ্যত মোৰ ২২ বছৰীয়া শাসনৰ অভিজ্ঞতা জড়িত হৈ আছে” বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

‘সাগৰমালা’, ‘ভাৰতমালা’ৰ দৰে আঁচনিসমূহ, আন্তঃগাঁথনিসমূহৰ পদ্ধতিগত উন্নয়ণৰ বাবে ‘ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ আদিৰ খৰটকীয়া কাম-কাজৰ কথা দোহাৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলীয়াই দি কয় যে ভাৰতীয় বন্দৰসমূহৰ মুঠ সামৰ্থ্য উল্লেখনীয় ভাবে বৃদ্ধি পাইছে আৰু ‘কণ্টেইনাৰ ভেছেল’সমূহৰ ‘টাৰ্ণ এৰাউণ্ড’ সময়ো ৪৪ ঘণ্টাৰ পৰা ২৬ ঘণ্টালৈ হ্ৰাস পাইছে। ৰপ্টানী প্ৰক্ৰিয়াক উত্সাহিত কৰাৰ বাবে ৪০টা ‘এয়াৰ কাৰ্গো টাৰ্মিনেল’ নিৰ্মাণ কৰা হৈছে। সেইদৰে ৩০টা বিমানবন্দৰত ‘ক’ল্ড ষ্টৰেজ’ৰ সুবিধা সংযোজিত কৰা হৈছে। দেশত ৩৫টা ‘মাণ্টী মডেল হাব’ নিৰ্মাণৰ কামো অব্যাহত আছে।

জলপথেৰে আমি পৰিৱেশ অনুকূল আৰু ব্যয়-প্ৰভাৱী পৰিবহণৰ লাভ আদায় কৰিব পাৰো, ইয়াৰ বাবে দেশত বহু সংখ্যক নতুন জলপথ নিৰ্মণৰ কামো চলি আছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে তেওঁ ক’ৰোনা-ৰ সময়চোৱাত পৰীক্ষামূলক ভাবে চলোৱা ‘কিষাণ ৰে’ল’ আৰু ‘কিষাণ উড়ান’ৰ কথাও উল্লেখ কৰে। আজিৰ তাৰিখত দেশৰ ৬০টা বিমান বন্দৰত ‘কিষাণ উড়ান’ৰ সুবিধা আছে।

‘লজিষ্টিক্স’ খণ্ডক শক্তিশালী কৰি গঢ়ি তুলিবলৈ প্ৰযুক্তিৰ সদ্ভ্যৱহাৰৰ প্ৰয়োজনীয়তা থকাৰ কথাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ‘ই-ছেচিট’-ৰ জৰিয়তে ‘পেপাৰলেছ এগজিম ট্ৰেড’ প্ৰক্ৰিয়া, গ্ৰাহকৰ বাবে ‘ফেচলেছ এছেছমেণ্ট’, ‘ই-ৱে’ বিল’ৰ ব্যৱস্থা, ‘ফাষ্টেগ’ আদিয়ে ‘লজিষ্টিক্স’ খণ্ডৰ পাৰদৰ্শিতা বাৰুকৈয়ে বৃদ্ধি কৰিছে। তেওঁ লজিষ্টিক্স খণ্ডৰ সমস্যাৱলী প্ৰশমিত কৰিব পৰাকৈ ‘জিএছটি’-ৰ দৰে এক একত্ৰ কৰ পদ্ধতিৰ গুৰুত্বৰ কথাও তেও উল্লেখ কৰে। ‘লজিষ্টিক্স খণ্ড’ত ‘ড্ৰন’ৰ ব্যৱহাৰক উত্সাহিত কৰাৰ বাবে ‘ড্ৰন নীতি’ত পৰিৱৰ্তন আৰু ‘পিএলআই আঁচনি’ৰে সংযুক্তকৰণৰ দিহা কৰা হৈছে। “ইমানখিনি কৰাৰ পিচতহে, আমি এক ‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’ চূড়ান্ত কৰি উলিয়াইছো” বুলি ব্যাখ্যা দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে। “লজিষ্টিক্স ব্যয়ৰ হাৰ অনতি বিলম্বে ১৩-১৪%ৰ পৰা হ্ৰাস কৰি একক সংখ্যাবিশিষ্ট কৰিবলৈ আমি সকলোৱে লক্ষ্য নিৰূপণ কৰিব লাগিব। আমি যদি গোলকীয় প্ৰেক্ষাপটতত প্ৰতিদ্বন্দ্বিতামূলক হব খোজো তেন্তে এইটো, এফালৰ পৰা চাবলৈ গলে, এটা কমকৈ জুলি থকা ফলৰ দৰেই লাগিব” বুলি প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, “ৰপ্টানীকৰোতাসকলক এলানি দীঘলীয়া আৰু আমনিদায়ক প্ৰক্ৰিয়াৰ পৰা মুক্ত কৰি ‘ইউনিফাইড লজিষ্টিক্স ইণ্টাৰফেচ প্লেটফৰ্ম’-‘ইউলিপ’-য়ে পৰিবহণ খণ্ডৰে জড়িত সকলো ‘ডিজিটেল সেৱা’কে এটা ‘প’ৰ্টেল’ৰ আওতালৈ আনিব”।

প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলীয়াই দি কয়, “গতিশক্তি’ আৰু ‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’য়ে একেলগে এতিয়া দেশক এক নতুন কৰ্ম-সংস্কৃতিৰ দিশে আগুৱাই নিব”।

ভাষণত প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰত, যিয়ে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পণ লৈছে, এতিয়া অধিক হাৰত উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে প্ৰদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব লাগিব, সেয়ে সকলোবোৰেই প্ৰতিদ্বদন্দ্বিতামূলক হ’বই লাগিব”।

“আন্তঃগাঁথনিৰ উন্নয়ণ, ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু নিয়োগ সম্ভাৱনা বৃদ্ধিৰ ক্ষেত্ৰত ‘ৰাষ্ট্ৰীয় লজিষ্টিক্স নীতি’য়ে প্ৰচুৰ সম্ভৱনা কঢ়িয়াই আনিছে” বুলিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

অনুষ্ঠানত ‘লজিষ্টিক্স খণ্ড’ৰ প্ৰতিনিধিবৰ্গৰ লগতে ‘টিভিএছ ছাপ্লাই চেইন ছলিউশ্যন্স’-ৰ পৰিচালন সঞ্চালক শ্ৰী আৰ দিনেশ, ‘আগৰৱাল পেকাৰ্ছ এণ্ড ম’ভাৰ্ছ’-ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ৰমেশ আগৰৱাল, ‘এক্সপ্ৰেছবীজ লজিষ্টিক্স’-ৰ প্ৰতিস্থাপক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ সাহা আদিয়ে অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ দৃষ্টিভংগীও প্ৰকাশ কৰে।

বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল; কেন্দ্ৰীয় স্থলপথ, পৰিবহণ তথা ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰী; কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্দিয়া; কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ; কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল; কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সোম প্ৰকাশো অনুষ্ঠানত উপস্থিত আছিল।

 

***

DS/TS/KB



(Release ID: 1860457) Visitor Counter : 281