প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

Posted On: 06 SEP 2022 5:53PM by PIB Guwahati

মহামহিম প্ৰধানমন্ত্ৰী শেখ হাছিনা,

উভয় প্ৰতিনিধি দলৰ সন্মানীয় সদস্যসকল,

সংবাদ মাধ্যমৰ আমাৰ বন্ধুসকল,

নমস্কাৰ!

প্ৰথমেই প্ৰধানমন্ত্ৰী শেখ হাছিনা ডাঙৰীয়ানী আৰু তেওঁৰ প্ৰতিনিধি দলটোক মই উষ্ম আদৰণি জনাইছো। যোৱা বৰ্ষত আমি একেলগে বাংলাদেশৰ স্বাধীনতাৰ পঞ্চাশ বছৰীয়া জয়ন্তী, আমাৰ কূটনৈতিক সম্পৰ্কৰ সোণালী জয়ন্তী, বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছিলো। যোৱা বৰ্ষৰ ৬ ডিচেম্বৰত আমিও সমগ্ৰ বিশ্বতে একেলগে প্ৰথম ‘মৈত্ৰী দিৱস’ উদযাপন কৰিলো। আজি আমাৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰী শেখ হাছিনা ডাঙৰীয়ানীয়ে ভাৰত ভ্ৰমণ কৰিছে। আৰু মোৰ বিশ্বাস যে অহা ২৫ বছৰৰ অমৃত কালত ভাৰত-বাংলাদেশৰ বন্ধুত্বই এক নতুন শিখৰত উপনীত হ’ব।

 

বন্ধুসকল,

প্ৰধানমন্ত্ৰী শেখ হাছিনা ডাঙৰীয়ানীৰ নেতৃত্বত বাংলাদেশে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। যোৱা কেইবছৰমানৰপৰা প্ৰতিটো ক্ষেত্ৰতে আমাৰ পাৰস্পৰিক সহযোগিতাও ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে। আজি বাংলাদেশ ভাৰতৰ সৰ্ববৃহৎ উন্নয়ন অংশীদাৰ তথা অঞ্চলটোৰ আমাৰ সৰ্ববৃহৎ ব্যৱসায়িক অংশীদাৰ।

 

আমাৰ ঘনিষ্ঠ সাংস্কৃতিক আৰু জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্কও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আজি প্ৰধানমন্ত্ৰী শেখ হাছিনা ডাঙৰীয়ানী আৰু মই সকলোবোৰ দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসংগত বিস্তৃত আলোচনা কৰিলো।

আমি দুয়ো বিশ্বাস কৰো যে ক’ভিড মহামাৰী আৰু শেহতীয়া বৈশ্বিক ঘটনাসমূহৰপৰা অভিজ্ঞতাৰ আহৰণেৰে আমি আমাৰ অৰ্থনীতিক অধিক সুদৃঢ় কৰি তোলাটো প্ৰয়োজনীয় হৈ উঠিছে।

আমাৰ দুয়োখন দেশৰ মাজত সংযোগৰ সম্প্ৰসাৰণৰ লগে-লগে আৰু সীমান্তত বাণিজ্যিক আন্তঃগাঁথনিৰ বিকাশৰ পৰিপ্ৰেক্ষিতত দুয়োটা অৰ্থনীতিয়ে পাৰস্পৰিকভাৱে অধিক সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব, পৰস্পৰে-পৰস্পৰক সমৰ্থন কৰিবলৈ সক্ষম হ’ব। আমাৰ দ্বিপাক্ষিক বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাইছে। আজি বাংলাদেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত হৈছে এছিয়াৰ সৰ্ববৃহৎ বজাৰ। এই বৃদ্ধিক অধিক ত্বৰান্বিত কৰিবলৈ আমি অনতিপলমে দ্বিপাক্ষিক ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সন্দৰ্ভত আলোচনা আৰম্ভ কৰিম।

আমি আইটি, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ দৰে খণ্ডসমূহটো সহযোগিতাৰ বৰ্ধনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, এয়া হৈছে আমাৰ নৱ-প্ৰজন্মৰ বাবে আগ্ৰহৰ বিষয়। জলবায়ু পৰিৱৰ্তন আৰু সুন্দৰবনৰ দৰে এক উমৈহতীয়া ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো আমি সহযোগিতা আগবঢ়াই যাম।

 

বন্ধুসকল,

শক্তিৰ বৰ্ধিত মূল্যই বৰ্তমান সকলো উন্নয়নশীল দেশৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। আজি মৈত্ৰী তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো ইউনিটৰ শুভাৰম্ভণিয়ে বাংলাদেশত সুলভ মূল্যৰ বিদ্যুতৰ উপলব্ধতা বৃদ্ধি কৰিব।

বিদ্যুৎ ট্ৰেন্সমিশ্যন লাইন সংযোগৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত ফলপ্ৰসূ আলোচনা অব্যাহত আছে। ৰূপসা নদীৰ ওপৰত নিৰ্মাণ কৰা ৰে’ল দলংখন উদ্বোধন কৰা হৈছে। এই দলংখন যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। এই দলংখন ভাৰতৰ লাইন অৱ ক্ৰেডিটৰ অধীনত খুলনা আৰু মংলা বন্দৰৰ মাজত নিৰ্মাণ হৈ থকা নতুন ৰে’লপথৰ এক গুৰুত্বপূৰ্ণ অংশ। বাংলাদেশৰ ৰে’ল ব্যৱস্থাৰ বিকাশ আৰু সম্প্ৰসাৰণৰ বাবে ভাৰতে সকলো সমৰ্থন আগবঢ়াই যাব।

 

বন্ধুসকল,

ভাৰত-বাংলাদেশ সীমান্তৰে পাৰ হৈ যোৱা ৫৪ খন নদী যুগ-যুগ ধৰি দুয়োখন দেশৰ জনসাধাৰণৰ জীৱিকাৰে সংপৃক্ত হৈ আছে। এই নদীসমূহ, ইয়াকে লৈ লোককথা, লোকগীতবোৰো আমাৰ সহভাজিত সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী হৈ আহিছে। আজি আমি কুছিয়াৰা নৈৰ পানী শ্বেয়াৰৰ এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছো। ইয়াৰ ফলত ভাৰতৰ দক্ষিণ অসম আৰু বাংলাদেশৰ চিলেট অঞ্চল লাভান্বিত হ’ব।

বান প্ৰশমনৰ সন্দৰ্ভত সহযোগিতাৰ বৰ্ধন সন্দৰ্ভতো মই আৰু প্ৰধানমন্ত্ৰী শেখ হাছিনাই এক ফলপ্ৰসূ বাৰ্তালাপ কৰো। ভাৰতে বানপানী সম্পৰ্কীয় তথ্য সময়োচিতভাৱে বাংলাদেশক অৱগত কৰি আহিছে আৰু আমি তথ্য শ্বেয়াৰৰ সময়ো বৃদ্ধি কৰিছো।

আজি আমি সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে সহযোগিতা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰো। ১৯৭১ ৰ উদ্দীপনাক জীয়াই ৰাখিবলৈ আমি এনে অপশক্তিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াটোও অতিশয় প্ৰয়োজনীয়, যি শক্তিয়ে আমাৰ পাৰস্পৰিক আস্থাক আক্ৰমণ কৰিব বিচাৰে।

 

বন্ধুসকল,

বংগবন্ধুৱে দেখা এখনি সুস্থিৰ, সমৃদ্ধিশালী আৰু প্ৰগতিশীল বাংলাদেশৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত ভাৰতে বাংলাদেশৰ সৈতে অগ্ৰসৰ হৈ যাব। আজিৰ আমাৰ আলোচনাই এই মূল দায়বদ্ধতাক দোহৰাৰ এক উৎকৃষ্ট সুযোগৰ সঞ্চাৰ কৰিলে।

আকৌ এবাৰ প্ৰধানমন্ত্ৰী শেখ হাছিনা ডাঙৰীয়ানী আৰু ভাৰত ভ্ৰমণৰত তেওঁৰ প্ৰতিনিধি দললৈ উষ্ম আদৰণি জনাইছো। তেওঁলোকে যাতে ভাৰতলৈ আহি সন্তোষ অনুভৱ কৰে, তাৰেই কামনা কৰিলো।

আপোনালোকক অশেষ ধন্যবাদ জনালো।

***

DS/AK/SB



(Release ID: 1859465) Visitor Counter : 120