প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নৰৱেৰ প্ৰধানমন্ত্ৰী শ্ৰী জোনাছ গহৰ ষ্টোৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 09 SEP 2022 8:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেৰ প্ৰধানমন্ত্ৰী শ্ৰী জোনাছ গহৰ ষ্টোৰৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই উন্নয়নশীল দেশসমূহৰ নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে আৰ্থিক সাহায্যৰ বাবে বিভিন্ন পদক্ষেপসহ পাৰস্পৰিক স্বাৰ্থ জড়িত দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নশীল দেশসমূহৰ বাবে ন্যায়সংগত, সময়োপযোগী আৰু পৰ্যাপ্ত জলবায়ু বিত্ত নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এইক্ষেত্ৰত শ্ৰী জোনাছ গহৰ ষ্টোৰৰ প্ৰতিশ্ৰুতিৰ শলাগ লয়।

দুয়োগৰাকী নেতাই মহাসাগৰীয় অৰ্থনীতিৰ ওপৰত টাস্ক ফ'ৰ্চ গঠনকে ধৰি চলি থকা বিভিন্ন দ্বিপাক্ষিক সহযোগিতামূলক পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁলোকে পৰিৱেশ বান্ধৱ হাইড্ৰজেন, জাহাজ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত ভাৰত-নৰৱেৰ সহযোগিতা বৃদ্ধিত সন্তুষ্টি প্ৰকাশ কৰে। 

 

***

DS/SH/KG



(Release ID: 1859072) Visitor Counter : 115