প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী এলিজাবেথ ট্ৰাছৰ মাজত টেলিফোনিক বাৰ্তালাপ
प्रविष्टि तिथि:
10 SEP 2022 6:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী এলিজাবেথ ট্ৰাছৰ সৈতে ফোনযোগে কথা পাতে।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ট্ৰাছক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। বাণিজ্য সচিব আৰু বৈদেশিক সচিব হিচাপে পূৰ্বৰ ভূমিকাত তেওঁ ভাৰত-ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পৰ্কলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাছৰ শলাগ লয়। দুয়োগৰাকী নেতাই ভাৰত আৰু ব্ৰিটেইনৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
দুয়োগৰাকী নেতাই ৰ’ডমেপ ২০৩০ ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি, চলি থকা এফ টি এ আলোচনা, প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক স্বাৰ্থৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।
ভাৰতবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে মহামহিম ৰাণী দ্বিতীয় এলিজাবেথৰ দুখজনক মৃত্যুত ৰয়েল ফেমিলি আৰু ব্ৰিটেইনৰ জনসাধাৰণলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
***
DS/ST/MS
(रिलीज़ आईडी: 1859071)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam