কেবিনেট

ভাৰত আৰু মালদ্বীপৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতা সম্বন্ধীয় বুজাবুজি চুক্তিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

Posted On: 07 SEP 2022 4:03PM by PIB Guwahati

দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু মালদ্বীপৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মাজত ০২ আগষ্টত যি বুজাবুজি চুক্তি স্বাক্ষৰিত হয়, সেয়া মাননীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অনুমোদিত হৈছে।

এই বুজাবুজি চুক্তি বাস্তৱায়নৰ জৰিয়তে ভাৰত আৰু মালদ্বীপ দুয়োখন দেশে ইখনে সিখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীৰ দ্বাৰা লাভান্বিত হ'ব আৰু ই দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰস্তুতি, সঁহাৰি আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰবোৰ শক্তিশালী কৰাত সহায় কৰিব।

বুজাবুজি চুক্তিৰ মুখ্য বৈশিষ্ট্যসমূহঃ

এই বুজাবুজি চুক্তিৰ ফলত কোনো এখন দেশত বৃহৎ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হ’লে জৰুৰীকালীন সাহায্য, সঁহাৰি, মানৱীয় সহায়ৰ ক্ষেত্ৰত আনখন দেশে সহায় আগবঢ়াব।

দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰয়োজনীয় পৰিকল্পনা কৰা আৰু দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক সহায়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে উভয় দেশে তথ্যৰ আদান-প্ৰদান কৰিব। ইয়াৰোপৰি দূৰ সঞ্চাৰ ব্যৱস্থাপনাৰ জৰিয়তে কৃত্ৰিম উপগ্ৰহৰ পৰা লাভ কৰা তথ্য উভয় দেশে আদান-প্ৰদান কৰিব। উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ, সতৰ্ক বাৰ্তা, জাহাজ চলাচলৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য আদান-প্ৰদানত উভয় পক্ষই ইখনে সিখনক সহায় কৰিব। দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এই বুজাবুজি চুক্তি সহায়ক হ’ব। বুজাবুজি চুক্তি অনুসৰি দীৰ্ঘম্যাদী প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব।

দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগত সাধাৰণ মানুহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভূত সমস্যাৰ সমাধানত গৱেষণাধৰ্মী বিভিন্ন কামত উভয়পক্ষই ইখনে সিখনক সহযোগিতা আগবঢ়াব। ইয়াৰোপৰি, মহাসাগৰীয় বিপৰ্যয়ৰ ফলত সমুদ্ৰ উপকূলত যি ক্ষয়-ক্ষতি হয়, সেই সংক্ৰান্তীয় তথ্যও আদান-প্ৰদান কৰা হ’ব। ভাৰতীয় কৃত্ৰিম উপগ্ৰহসমূহৰ জলবায়ু সংক্ৰান্তীয় তথ্য বতৰৰ পূৰ্বাভাসত কিদৰে ব্যৱহাৰ কৰা হ’ব, সেই সংক্ৰান্তীয় প্ৰশিক্ষণ সংশ্লিষ্ট বিষয়াসকলক প্ৰদান কৰা হ’ব। উভয় দেশৰ বিভিন্ন ভৌগোলিক অৱস্থানত দুৰ্যোগ ব্যৱস্থাপনাৰ মোকাবিলা সংক্ৰান্তীয় বাৰ্ষিক আখৰা কৰা হ’ব।

 

***

DS/KG



(Release ID: 1859067) Visitor Counter : 114