কেবিনেট
azadi ka amrit mahotsav

ভাৰত আৰু গ্ৰেট ব্ৰিটেইন তথা নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ মাজত ‘শৈক্ষিক যোগ্যতাৰ পাৰস্পৰিক স্বীকৃতি জ্ঞাপন’ সন্দৰ্ভত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনলৈ কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 07 SEP 2022 4:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ০৭-০৯-২০২২ তাৰিখে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই ভাৰত চৰকাৰ আৰু ইউনাইটেড কিংডম অব গ্ৰেট ব্ৰিটেইন তথা নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ মাজত শৈক্ষিক যোগ্যতাৰ পাৰস্পৰিক স্বীকৃতি জ্ঞাপন’ সন্দৰ্ভত যোৱা ২৫-০৪-২০২২ তাৰিখে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনলৈ আনুষ্ঠানিক ভাবে অনুমোদন জনাইছে।

ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত শৈক্ষিক সহযোগিতাৰ উত্তৰণ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ গতিশীলতা বৃদ্ধিৰ লক্ষ্যৰেই ‘শৈক্ষিক যোগ্যতাৰ পাৰস্পৰিক স্বীকৃতি জ্ঞাপন’ত গুৰুত্ব প্ৰাদন কৰা হৈছে। ইউনাইটেড কিংডমৰ ফালৰ পৰা তেওঁলোকৰ এবছৰীয়া ‘মাষ্টাৰ প্ৰগ্ৰেমৰ পাঠ্যক্ৰমটো’লৈ স্বীকৃতি প্ৰদানৰ বাবে জনোৱা আহ্বানটো বিবেচনা কৰাৰ লগতে ২০২০ চনৰ ১৬ ডিচেম্বৰত নতুন দিল্লীত দুয়োখন দেশৰ শিক্ষামন্ত্ৰীদ্বয়ৰ মাজত অনুষ্ঠিত সভাত এই উদ্দেশ্য সম্পাদনৰ বাবে এক যুটীয়া কৰ্ম-বাহিনী গঠনৰ বাবে লোৱা সিদ্ধান্তলৈ অনুমোদন জনায়। এই কৰ্ম-বাহিনীৰ প্ৰথমখন বৈঠক যোৱা ২০২১ চনৰ ০৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় আৰু পৰৱৰ্তি সময়ত দুয়ো পক্ষৰ মাজত হোৱা বিষদ আলোচনাৰ আধাৰত বুজাবুজিৰ চুক্তিৰ খচৰা প্ৰস্তুত কৰাৰ বাবে দুয়োপক্ষই সহমত ব্যক্ত কৰে।

দুয়োখন দেশৰ মাজত প্ৰদান কৰা শৈক্ষিক যোগ্যতালৈ পাৰস্পৰিক স্বীকৃতি, অধ্যয়নৰ কাল, শিক্ষায়তনিক উপাধি/যোগ্যতা সম্পৰ্কীয় নথি-পত্ৰ আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ কৰ্তৃত্ব প্ৰদানৰ সুবিধা কৰাটোৱেই হৈছে এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য। আভিযান্ত্ৰিক, চিকিত্সা বিজ্ঞান, নাৰ্ছিং আৰু পেৰা মেডিকেল শিক্ষা, ফাৰ্মাচী, আইন, আৰু স্থাপত্য বিদ্যাৰ দৰে পেছাদাৰী ডিগ্ৰীসমূহ এই চুক্তিৰ আওতাৰ বাহিৰত থাকিব। এই চুক্তিয়ে আমাৰ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’ৰ অধীনত ‘ইনটেল-নেশ্যনেলাইজেশ্যন অব এডুকেশ্যন’ৰ বাবে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মাজত যুটীয়া/দ্বৈত স্নাতক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাতো সহযোগিতা আগবঢ়াব।

এই চুক্তিয়ে দুয়োখন দেশৰ মাজত শৈক্ষিক পৰিকাঠামো, কাৰ্যক্ৰম আৰু মান তথা ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰসকলৰ গতিশীলতা সম্পৰ্কীয় তথ্যৰ দ্বিপাক্ষিক বিনিময়কো উন্নীত কৰিব। ই শৈক্ষিক ক্ষেত্ৰৰ অন্যান্য খণ্ডসমূহ, দুয়ো পক্ষৰ সহমতৰ আধাৰত অধ্যয়নৰ বিকাশ সম্পৰ্কীয় কাৰ্যক্ৰমসমূহকো উত্সাহিত কৰিব।

এই চুক্তিয়ে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় নীতি, আইন, বিধি আৰু নিয়ামকসমূহৰ আধাৰত অনুমোদিত যোগ্যতাৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত সমতাৰ অনুসাৰে সমতাৰ স্বীকৃতি প্ৰদান কৰিব।

 

***

DS/KB


(रिलीज़ आईडी: 1857670) आगंतुक पटल : 216
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam