স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ড০ মনসুখ মাণ্ডব্যই শিলচৰত চিজিএইচএছ কল্যাণ কেন্দ্ৰ উদ্বোধন কৰে


"নতুন চিজিএইচএছ কেন্দ্ৰই শিলচৰ আৰু ইয়াৰ আশে-পাশে থকা জনসাধাৰণক মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰিব"

চিজিএইচএছ কল্যাণ কেন্দ্ৰৰ তিনিগুণ সম্প্ৰসাৰণ; চিজিএইচএছৰ অধীনত অন্তৰ্ভুক্ত চহৰসমূহ ২০১৪ চনত ২৫ ৰ পৰা এতিয়া ৭৫ লৈ বৃদ্ধি পাইছে: ড০ মনসুখ মাণ্ডব্য

"চিজিএইচএছ অভিযোগ নিষ্পত্তি, সময়মতে পৰিশোধ আৰু চিজিএইচএছ সেৱাৰ মানদণ্ড আৰু ব্যাপ্তি বৃদ্ধি কৰাৰ বাবে চিজিএইচএছ বিধেয়কৰ তৎকালীন অনুমোদনৰ ওপৰত স্বাস্থ্য মন্ত্ৰালয়েকামকৰিআছে"

Posted On: 07 SEP 2022 1:07PM by PIB Guwahati

"দেশৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰা আৰু চিজিএইচএছ সেৱাসমূহৰ উপলব্ধতা বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ সাফল্যত অৰিহণা যোগাই কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (চিজিএইচএছ) কল্যাণ কেন্দ্ৰৰ সংখ্যা তিনিগুণলৈ বৃদ্ধি পাইছে। চিজিএইচএছ কল্যাণ কেন্দ্ৰৰ দ্বাৰা সামৰি লোৱা চহৰসমূহ ২০১৪ চনত ২৫ ৰ পৰা এতিয়া ৭৫ লৈ বৃদ্ধি পাইছে। এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ হৈছে যাতে জনসাধাৰণে সহজে উপলব্ধ স্বাস্থ্যসেৱা লাভ কৰিব পাৰে।" কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডব্যই আজি শিলচৰত চিজিএইচএছ কল্যাণ কেন্দ্ৰ উদ্বোধন কৰি প্ৰায় অসমৰ শিলচৰৰ বিধায়ক ড০ ৰাজদ্বীপ ৰয় আৰু লোকসভাৰ সাংসদ শ্ৰী দিপায়ন চক্ৰৱৰ্তীৰ উপস্থিতিত এই কথা ব্যক্ত কৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মাণ্ডব্যই হিতাধিকাৰীসকলক সহজে উপলব্ধ মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ কয় যে শিলচৰৰ নতুন চিজিএইচএছ কেন্দ্ৰই কেৱল শিলচৰতে নহয়, চুবুৰীয়া জিলা কৰিমগঞ্জ আৰু হাইলাকান্দি আৰু বৰাক উপত্যকাত বাস কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক স্বাস্থ্যসেৱা প্ৰদান কৰিব। তেওঁ কয় যে শিলচৰ বৰাক উপত্যকাৰ অন্যতম মুখ্য চহৰ হোৱা স্বত্বেও হিতাধিকাৰীসকলে আইজলৰ পৰা চিজিএইচএছ সুবিধা লাভ কৰিবলৈ ১৮০ কিলোমিটাৰ বা শ্বিলঙলৈ ২০৮ কিলোমিটাৰৰো অধিক যাত্ৰা কৰিবলগীয়া হৈছিল। নতুন কল্যাণ কেন্দ্ৰই সহস্ৰাধিক হিতাধিকাৰীৰ চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু তেওঁলোকৰ কষ্ট হ্ৰাস কৰিব, কিয়নো তেওঁলোকে এতিয়া ইমান দূৰৱৰ্তী স্থানলৈ ভ্ৰমণ কৰাৰ প্ৰয়োজন নহ'ব। কল্যাণ কেন্দ্ৰই ঔষধ, অনুসন্ধানৰ বাবে ৰেফাৰেল আৰু লগতে চৰকাৰী তথা তালিকাভুক্ত চিকিৎসালয়ত ভিতৰুৱা চিকিৎসাসহ বহিৰ্বিভাগৰ সেৱা প্ৰদান কৰিব। তালিকাভুক্ত চিকিৎসালয়সমূহত চিকিৎসাৰ বাবে নগদবিহীন সুবিধা প্ৰদান কৰা হ'ব।

ড০ মাণ্ডব্যই লগতে কয় যে "নতুন চিজিএইচএছ কল্যাণ কেন্দ্ৰৰ সৈতে শিলচৰ হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পিছতে অসমৰ তৃতীয়খন চহৰ য'ত চিজিএইচএছৰ সুবিধা আছে"। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে হিতাধিকাৰীসকলক চিজিএইচএছৰ দ্বাৰা প্ৰদান কৰা সেৱাসমূহ উন্নত কৰাৰ বাবে কেইবাটাও দিশত কাম কৰি আছে। মিছন মোডত দৈনিক নিৰীক্ষণ, বিল পৰিশোধ ত্বৰান্বিত কৰা, ব্যক্তিগত চিকিৎসালয়ৰ তালিকাভুক্তিৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰা আৰু অন্যান্য পদক্ষেপৰ দ্বাৰা অভিযোগ নিষ্পত্তিৰ ফলত দ্ৰুত পৰিশোধ আৰু কাম জমা কৰি থকা ধৰণৰ ঘটনা হ্ৰাস পাইছে বুলি তেওঁ উল্লেখ কৰে।

ড০ মাণ্ডব্যই লগতে কয় যে ভাৰত চৰকাৰে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী-এবিএইচআইএম (প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান)ৰ অধীনত ৬৪,০০০ কোটি টকা, ইচিআৰপি-১ৰ অধীনত ১৫,০০০ কোটি টকা আৰু ইচিআৰপি-২ৰ অধীনত ২৩,০০০ কোটি টকা ৰাজ্যসমূহলৈ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে অনুমোদন জনোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ আৰু তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলক ব্যাপক স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যৰে ১৯৫৪ চনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (চিজিএইচএছ) আৰম্ভ কৰা হৈছিল। বৰ্তমান ৭৫ খন চহৰৰ ৪১ লাখতকৈও অধিক হিতাধিকাৰী এই আঁচনিৰ অধীনত আছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণ, কেন্দ্ৰীয় স্বাস্থ্য সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী আলোক চাক্সেনা,  চিজিএইচএছৰ সঞ্চালক ড০ নিখিলেশ চন্দ্ৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ বিষয়া, চিজিএইচএছৰ হিতাধিকাৰীসকলো অনুষ্ঠানটোত উপস্থিত আছিল।

 

***

MV/MANN



(Release ID: 1857393) Visitor Counter : 100