প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কিষ্টৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা

Posted On: 31 AUG 2022 8:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিষ্টৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজি(পিএমএনআৰএফ)ৰ অধীনত দুৰ্ঘটনাত মত্যু হোৱা লোকসকলৰ আত্মীয়ক ২লাখ আৰু আহতসকলক ৫০,০০০টকাকৈ সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়;

“কিষ্টৱাৰৰ দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছো৷ শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ মৃতকৰ আত্মীয়সকলক ২লাখ টকাকৈ পিএমএনআৰএফৰ অধীনত প্ৰদান কৰা হ’ব৷ আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi

***

DS/ST/DB


(Release ID: 1855716) Visitor Counter : 123