প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ ডাবলছ বেডমিণ্টনত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সাত্বিক ছাইৰাজ ৰংকীৰেড্ডী আৰু চিৰাগ শেট্টীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 AUG 2022 7:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেল্থ গেমছ, ২০২২ক পুৰুষৰ ডাবলছ বেডমিণ্টনত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সাত্বিক ছাইৰাজ ৰংকীৰেড্ডী আৰু চিৰাগ শেট্টীক অভিনন্দন জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“ভাৰতৰ বেডমিণ্টন দলটোৱে সফলতা আৰু উৎকৃষ্টতাক পুনৰ সংজ্ঞায়িত কৰিছে। @satwiksairaj আৰু @Shettychirag04 দ্বাৰা দলীয় কাম আৰু দক্ষতাৰ চমৎকাৰ প্ৰদৰ্শন। দেশলৈ স্বৰ্ণ পদক অনাৰ বাবে তেওঁলোকক লৈ গৌৰৱবোধ কৰিছো৷ আগন্তুক সময়ত জয়ৰ ধাৰা অব্যাহত ৰাখি তেওঁলোকে ভাৰতৰ বাবে আৰু অধিক সন্মান কঢ়িয়াই আনক।” #Cheer4India"

*****

DS/ST/DB


(रिलीज़ आईडी: 1852192) आगंतुक पटल : 121
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam