প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় বক্সাৰ মহম্মদ হুচামুদ্দিনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 AUG 2022 8:28AM by PIB Guwahati

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় বক্সাৰ মহম্মদ হুচামুদ্দিনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"মহম্মদ হুচামুদ্দিন এজন উৎকৃষ্ট বক্সাৰ যিয়ে বহুতো ক্ৰীড়া প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে। আশ্চৰ্যকৰ কৌশল আৰু প্ৰাণৱন্ত স্বভাৱৰ বাবে এই উজ্জ্বল ক্ৰীড়াবিদজনে বাৰ্মিংহামত পুৰুষৰ ৫৭ কিলোগ্ৰাম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁক অভিনন্দন। মই তেওঁক শুভকামনা জনাইছোঁ। #Cheer4India"

 

***

DS/ST /KG


(ৰিলিজ আই ডি : 1849618) অতিথি কক্ষ : 144